৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ককা আৰু নাতিল’ৰা

লেখকঃ অনসূয়া বৰঠাকুৰ • প্ৰকাশিতঃ ২৪ ছেপ্টেম্বৰ, ২০২২
২ মিনিট পঠন • ১৬৯৩ বাৰ পঢ়া হৈছে

 অনসূয়া বৰঠাকুৰ

বাৰিষাৰ দিনৰ ভৰ দুপৰীয়া হাতত লৈ ছাতি,

পথাৰ চাবলৈ ওলাল দুয়ো, ককা আৰু নাতি।

বন্ধৰ দিনত নাতি আহিছে গুৱাহাটীৰ পৰা,

ককাকে ভাবিলে দেখুৱাওঁগৈ খেতিৰ মাটিডৰা।

ৰোৱনী, ভূঁই, কঠিয়া, বঁকিয়া দিলে তাক দেখুৱাই,

সিও বোলে ‘‘ধান দাবৰ পৰত আহিম মই দুনাই।

ৰ’দ-বৰষুণকো নেওচা দি খেতিয়কে কৰে খেতি,

আঘোণ মাহত পথাৰ জিলিকি পকে সোণগুটি।

মায়ে তাকে ৰান্ধি দিয়ে আৰাম কৰি খাওঁ,

কৃষকৰ দুখ-কষ্টৰ একো উমানকে নাপাওঁ।’’

নাতিৰ এনে কথা শুনি ককাকে সুখ পালে,

‘সোণটো’ বুলি সাবট মাৰি গালে-মুখে চুমা খালে।

‘‘যোগ্য উত্তৰপুৰুষ মোৰ, ৰাখিবি এই ভেঁটি,

নাপাহৰিবি শিপা, সদায় খামুচি থাকিবি মাটি।

শিক্ষিত হ’লেও, যিবোৰ লোকে শিপা পাহৰি যায়,

জানি থ’বি তেনেলোকৰ ক’তোৱেই আদৰ নাই।’’



ভ্ৰাম্যভাষ : ৯৪৩৫৫০৮৭৬৫

ই-মেইল : anasuyabarthakur@gmail.com

 

অ
লেখকৰ পৰিচয়

অনসূয়া বৰঠাকুৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)