৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

পদ্যৰে যোগ নেওতা

লেখকঃ অনসূয়া বৰঠাকুৰ • প্ৰকাশিতঃ ৩১ মে’, ২০২২
২ মিনিট পঠন • ২০৯৯ বাৰ পঢ়া হৈছে

অনসূয়া বৰঠাকুৰ

 

       ১ + ১ = ২ (একে একে দুই)

আপডাল কৰিছানে গছপুলি ৰুই?

      ১ + ২ = ৩ (একে দুয়ে তিনি)

ৰামানুজনকনো কোনে নাপায় চিনি!

      ১ + ৩ = ৪ (একে তিনিয়ে চাৰি)

ঘৰত আছেনে শাক-পাচলিৰ বাৰী?

     ১ + ৪ = ৫ (একে চাৰিয়ে পাঁচ)

বিহু আহি পালেহি, কঁকাল ঘূৰাই নাচ।

      ১ + ৫ = ৬ (একে পাঁচে ছয়)

সত্যৰ জয় বুলি জ্ঞানীলোকে কয়।

      ১ + ৬ = ৭ (একে ছয়ে সাত)

নিমপাততকৈও তিতা কৰ্কশ মাত।

      ১ + ৭ = ৮ (একে সাতে আঠ

দুয়োবেলা মনপুতি নিতে পঢ়া পাঠ।

      ১ + ৮ = ৯ (একে আঠে ন)

গণিতলৈ কোনে, কিমান ভয় কৰ ক।

      ১ + ৯ = ১০ (একে নয়ে দহ)

সোনকালে শেষ কৰি ‘২’-ৰ ভাগ পঢ়।

      ১  + ১০ = ১১ (একে দহে এঘাৰ)

‘দহ’টো লিখি কিয় বাৰে বাৰে মোহাৰ?

 

 ঠিকনা : 

      জ’ৰথাং, দক্ষিণ ছিকিম

      ভ্ৰাম্যভাষ : ৯৪৩৫৫০৮৭৬৫

      

 


অ
লেখকৰ পৰিচয়

অনসূয়া বৰঠাকুৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)