৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অচিন জগতত বাটলু

লেখকঃ স্মৃতিৰেখা দেৱী • প্ৰকাশিতঃ ২৯ জুন, ২০২৪
৭ মিনিট পঠন • ৮৭৪ বাৰ পঢ়া হৈছে

স্মৃতিৰেখা দেৱী

 

কোনোমতে নিজকে সম্বৰণ কৰি ইপ্পিয়ে কি কয় শুনিবলৈ বাট চাই ৰ’ল বাটলু৷ প্ৰাণৰ সেউজপুৰখন– সেউজপুৰীয়াসকল মোৰ কাৰণে কি এওঁলোকেও বুজি পাইছে! ভাবিলে বাটলুৱে৷ ইপ্পিয়ে ইচ্চা কৰিয়েই কথা কোৱাত পলম কৰি বাটলুৰ উচপিচনিখিনি মৰম লগাকৈ চাই ৰ’ল৷ কিছু পৰৰ মূৰত অৱশ্যে ইপ্পিয়ে ক’লে–

‘বাটলু, সেউজপুৰবাসীয়ে আপোনাৰ খবৰ পাইছে৷ আমি যে আপোনাক লৈ প্ৰস্তুত কৰিছিলোঁ ভিডিঅ’টো, সেইটোও তেওঁলোকে দেখিছে৷ সেইজপুৰ ৰাজ্যৰ যিটো অঞ্চলৰপৰা আমি ভুলতে আপোনাক লৈ আহিছিলোঁ সেই ঠাইৰে বৃদ্ধ বাদুলি এজনৰ সৈতে আমাৰ কথা-বতৰা হৈছে৷ আৰু আপুনি যে কুশলে আছে সেই খবৰ পাই সেউজপুৰীয়াসকল আনন্দিত হৈছে৷ কাইলৈ আকৌ সেই ঠাইলৈ আমাৰ ৰিগা এখন যাব তাত গোটাই থোৱা গছপুলি আনিবলৈ৷ যদি সম্ভৱহয় তেন্তে আমি কাইলৈ আমাৰ ৰিগাত থকা প্ৰযুক্তিৰ সহায়ত আপোনাৰ সৈতে সেউজপুৰবাসীৰ সাক্ষাৎ কৰাই দিম৷ আপুনি কাইলৈ তেওঁলোকৰ সৈতে কথা-বতৰাও পাতিব পাৰিব৷’

কথা শুনি বাটলুৰ মনত ইমানেই আনন্দ লাগিল যে সি একেকোবে ইপ্পিৰ গাত উঠি বগাই ফুৰিবলৈ ধৰিলে৷ সেয়া যে বাটলুৰ আনন্দৰ লগতে কৃতজ্ঞতাৰো প্ৰকাশ বুজি পাই ইপ্পিয়েও মনে মনে খুব অনন্দ লাভ কৰিলে৷

...

সম্পূৰ্ণ এদিন-এবেলা বাট চোৱাৰ পাছত দ্বিতীয় দিনা গধূলি পৰত প্ৰচণ্ড ধুমুহাৰ স.ষ্টি কৰি বিশেষ ধৰণৰ উৰণীয়া বাহন এখন জুৰণিপাৰৰ নিৰ্দিষ্ট স্থানত ৰ’লহি৷ কিছু সময়ৰ পাছতে অৱশ্যে ধুমুহা শাম কাটিল আৰু বাহনখনৰপৰা ওলোৱা পোহৰে চাৰিওফাল পোহৰাই তুলিলে৷  মহাৰাজ কেশৰীকে ধৰি সেউজপুৰৰ অভিজাত দলটোৱে নিৰাপদদূৰত্বৰপৰা সকলো লক্ষ্য কৰি থাকিল৷ কিছু সময়ৰ পাছতে বৃদ্ধ বাদুলিজনৰ ইঙ্গিতত তেওঁলোক সেই বিশেষ বাহনখনৰ ওচৰ পালেগৈ৷ মহাৰাজ কেশৰীক আচৰিত কৰি দি বাহনখনৰপৰা নামি অহা অতিথিকেইজনে তেওঁক সম্ভাষণ জনালে–

‘সেউজপুৰৰ মহান ৰজা কেশৰীক আমাৰ প্ৰণাম জনাইছোঁ৷’

একে উচ্ছতাৰ, প্ৰায় একে আকৃতিৰ মানুহৰ নিচিনা প্ৰাণীকেইজনে সমস্বৰে মহাৰাজক উদ্দেশ্যি হাতযোৰ কৰি কৈ উঠিল৷ মহাৰাজকে ধৰি সেনাপতি হিতৰাম, বাঘসেনাকেইজন আৰু ঘোং দুজনে আচৰিত হৈ চকুৰ টিপ এটাও নমৰাকৈপ্ৰাণীকেইজনলৈ চাই থাকিল৷

‘ক্ষমা কৰিব৷ আপোনালোক আমাৰ অতিথি৷ গতিকে আমিহে আপোনালোকক প্ৰথমে সম্ভাষণ জনাব লাগিছিল৷ পলমকৈ হ’লেও আমাৰ ৰাজ্যখনলৈ আপোনালোকক অদৰণি জনাইছোঁ৷’ এইবুলি মহাৰাজে ইঙ্গিত দিয়াৰ লগে লগে বাঘসেনাকেইজনে লগত অনা ফুল-পাতেৰে অতিথিকেইজনক সম্ভাষণ জনালে৷ তেওঁলোকৰ চকুৱে-মুখে কৃতজ্ঞতাবোধ আৰু আনন্দৰ চিন ফুটি উঠিল৷

‘আপোনালোকক ধন্যবাদ৷সেউজপুৰবাসীৰ মৰম আৰু আতিথ্যৰ কথা আমি জানো৷ ভুলক্ৰমে আমাৰ বাহনত সোমাই পৰা আপোনালোকৰ মৰমৰ বাটলু মহাশয় আপোনালোক সকলোকে আমি আমাৰ বিশেষ প্ৰযুক্তিৰ সহায়ত চিনি পাওঁ৷ কেৱল চিনি পোৱাই নহয়, আমি আপোনালোকৰ সকলোৰে ভাষাও বুজি পাওঁ৷ সেইবোৰ পাছতো ক’ব পাৰিম, প্ৰথমে আমিনিজৰ পৰিচয়টো দি লওঁ৷ মোৰ নাম হিং, এওঁ চিংকা আৰু এওঁৰ নাম ডিকো৷ বাহনখনৰ ভিতৰতো এজনে কাম কৰি আছে, তেওঁৰ নাম হাও৷ আমি এখন বেলেগ পৃথিৱীৰ বাসিন্দা৷ আমাৰ জীৱন ধাৰণৰ প্ৰণালী এইখন পৃথিৱীৰ সৈতে কিছুদূৰ মিলে যদিও অমিলো বহুত৷’

হিঙে কোৱা কথাখিনি শুনি থাকোঁতে মহাৰাজৰ মনত কেইবাটাও প্ৰশ্ন জাগি উঠিল৷ সেইখিনি পাছলৈ থৈ তেওঁ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো সুধিয়ে পেলালে–

‘আমি অধীৰ আগ্ৰহেৰে আপোনালোকলৈ বাট চাই আছিলোঁঅতিথিসকল৷ আপোনালোক ইয়ালৈ অহাৰ কাৰণ, ভুলক্ৰমে বাটলু আপোনালোকৰ পৃথিৱীখনলৈ যোৱাৰ বিষয়ে ইতিমধ্যে আমাক বাদুলিয়ে কৈছে৷ এতিয়া প্ৰশ্ন হৈছে বাটলু কুশলে আছেনে?  অকণমান বাটলুটোক লৈ মোৰ অনেক চিন্তা৷ মোৰ ধাৰণা হৈছে, আপোনালোকৰ থকা-খোৱাৰ ধৰণ-কৰণ, সেইখন পৃথিৱীৰ জলবায়ু আদি আমাৰ সৈতে মুঠেও নিমিলে৷ তেনে পৰিস্থিতিত আমাৰ এধানমান বাটলুটোৰ একো অসুবিধা হোৱা নাইতো? আপোনালোকেনো তাক লগতে লৈ নাহিলে কিয়? তাৰ বাৰু আমালৈ অকণো মনত পৰা নাইনে?’

আৱেগিক হৈ পৰিছিল মহাৰাজ৷ নিজকে কোনোমতেহে চম্ভালি ৰাখিলে তেওঁ৷ তেওঁৰ মনৰ অৱস্থা অনুভৱ কৰি বাঘ সেনাপতি হিতৰাম ওচৰ চাপি আহিল৷ তেনেকুৱাতে চিংকা বোলাজনে মাত লগালে–

‘আপুনি ঠিকেই অনুমান কৰিছে মহাৰাজ৷ আমাৰ আচহুৱা আৰু পৃথক পৰিৱেশৰ প্ৰভাৱত বাটলু মহাশয় প্ৰথমে কেইদিনমানলৈ অসুস্থ হৈয়ে আছিল৷ পিছে আমাৰ বিশেষ পদ্ধতিৰ চিকিৎসাৰ ফলত তেখেত বৰ্তমান সম্পূৰ্ণ সুস্থ৷ তেখেত এতিয়া আমাৰ পৃথিৱীখনৰ পৰিৱেশৰ সৈতেও মিলিব পৰা হৈছে৷ আপোনালোকৰ বাকী প্ৰশ্নৰ উত্তৰ আমি নিদিওঁ৷ আপোনালোকে নিজেই চাই লওক৷’

এইবুলি চিংকাই বাহনখনত থকা কিবা এটা কিবা কৰি দিলে৷ বাহনখনৰ ভিতৰৰপৰা টকৌপাত এখিলা মেল খোৱাৰ নিচিনাকৈ চেপেটা বস্তু এটা মেল খাই ওলাই আহি বাহনখনতে থিয়কৈ লাগি ধৰিলে– সাইলাখ আকাশৰ জোনবাইটোহে যেন৷ বস্তুটো লাহেকৈ জ্বলি উঠিল আৰু আটাইকে আচৰিত কৰি তাতে বাটলু ওলালহি৷ বাটলুক দেখি মহাৰাজে উত্তেজনাত চিঞৰি দিলে–

‘বাটলু!’

‘বাটলু মহাশয়!’ বাকীসকলেও একেলগে চিঞৰি উঠিল৷

এইবাৰ আটায়ে আচৰিত হ’ল যেতিয়া তেওঁলোকে বাটলুৰ মাতষাৰ শুনিলে–

‘প্ৰণাম মহাৰাজ৷ প্ৰণাম সেনাপতি ডাঙৰীয়া৷ সৈন্যসকল, তোমালোক কুশলে আছানে?’

মহাৰাজকে ধৰি সকলো আচৰিত হ’ল৷ মহাৰাজে সুধিলে–

‘বাটলু, তই ক’ত আছগৈ? তই ভালে আছনে বোপাই?’

‘আছোঁ মহাৰাজ৷ মই এইখন এখন বেলেগ পৃথিৱীত আছোঁহি৷ আপোনালোকে জানি ভাল পাব যে এই পৃথিৱীৰ মানুহবোৰ আমাৰ পৃথিৱীৰ মানুহতকৈ বহুত উচ্ছখাপৰ৷ তেওঁলোকে আনকি সকলোৰে ভাষা বুজি পায়, ক’বও পাৰে৷ মুহূৰ্তৰ ভিতৰতে তেওঁলোকৰ গাড়ীখনে আমাৰ তাৰপৰা আহি ইয়াত উপস্থিত হ’ব পাৰে, মহাৰাজ৷ মহাৰাজ, মই অতি সোনকালেই উভতি যাম৷ মোৰ পৰিয়ালটো...৷’

‘আছে বোপাই৷ সিহঁতকেইটাক মই মোৰ লগতে ৰাখিছোঁ, তই চিন্তা নকৰিবি৷’

মহাৰাজ আৰু বাটলুৱে কথা পাতি থাকোঁতেই বাটলুৰ পিছফালে আন এজন সেই গ্ৰহৰ প্ৰাণী আহি উপস্থিত হ’লহি৷ বাটলুৱে তেওঁক ক’লে– ‘আমাৰ মহাৰাজ৷’

লগে লগে সেউজপুৰীয়াসকলে বাটলুক নেদেখা হ’ল৷ আনজন প্ৰাণীয়ে ক’লে–

‘প্ৰণাম মহাৰাজ৷ প্ৰথমে আমি নজনাকৈ বাটলু মহাশয়ক ইয়ালৈ লৈ অনি কৰা ভুলটোৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছোঁ৷ ভলতেহে আমি বাটলু মহাশয়ক ইয়ালৈ লৈ আহিবলগা হ’ল৷ চিন্তা নকৰিব, অতি সোনকালে তেখেতক আমি ওভতাই নিম৷ তেখেতৰ মুখেৰে আপোনালোকৰ কথা শুনিয়েই আমি বুজিছোঁ যে আপোনাৰ নিচিনা পিতৃতুল্য ৰজা বৰ ভাগ্যৱানসকলেহে লাভ কৰে৷ এতিয়া মহাৰাজ, আপোনালোকে বাটলু মহাশয়ৰ সৈতে কথা পাতক৷ অতি সোনকালে আপোনালোকক সশৰীৰে লগ পাবলৈ আশা কৰিছোঁ৷’

পোহৰ ওলোৱা ঘূৰণীয়া পাতখিলাত তেওঁৰ ঠাইত এইবাৰ আকৌ বাটলুক দেখা গ’ল৷

আটায়ে মন খুলি কথা পাতিবলৈ আৰম্ভ কৰিলে৷

(আগলৈ)

 


স
লেখকৰ পৰিচয়

স্মৃতিৰেখা দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)