জ্যোতিশিখা দত্ত
আমাৰ সৌৰজগতখনৰ
আছে এটাই নক্ষত্ৰ
যাৰ নাম সূৰ্য
ভাস্কৰ, ৰবি, আদিত্য
সূৰ্যৰ চাৰিও ফালে আঠটি গ্ৰহই
কৰি থাকে প্ৰদক্ষিণ
পৃথিৱীৰ সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ
লাগে ৩৬৫ দিন ৷
সূৰ্যৰ পোহৰ পৃথিৱী পাবলৈ
৮ মিনিট ১৯ ছেকেণ্ড লাগে
পৃথিৱীখন জীয়াই ৰাখিবলৈ
সূৰ্যৰ পোহৰ জানো নালাগে?
দিন ৰাতি ঋতু পৰিৱৰ্তনত
সূৰ্যৰ ভূমিকা আছে
সূৰ্যৰ ওপৰত নানা গৱেষণা
বিজ্ঞানীয়ে কৰিছে ৷
আমাৰ দেশেও সূৰ্যক জানিবলৈ
অভিযান আৰম্ভ কৰিছে
“সূৰ্যযান” নামেৰে নামাকৰণ কৰি
আদিত্য এল ৱান উৎক্ষেপণ কৰোৱাইছে ৷
“সূৰ্যযান”ৰ দ্বাৰা আৰম্ভ কৰা
গৱেষণাৰ কামবোৰ
সফলতাৰে সমাপন হওক
সেয়ে কামনা মোৰ ৷
ঠিকনা :
জালুকবাৰী
ফোন : ৭০০২১২০০২১
Emai৷: jyotisikhadatta@gauhati.ac.in
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)