৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অচিন জগতত বাটলু

লেখকঃ স্মৃতিৰেখা দেৱী • প্ৰকাশিতঃ ৩১ অক্টোবৰ, ২০২৪
৫ মিনিট পঠন • ৩০১৬ বাৰ পঢ়া হৈছে

স্মৃতিৰেখা দেৱী


‘হয়, হয়৷ আমি যিমান পাৰি সোনকালেই কামত আগ বঢ়া উচিত হ’ব৷ বাটলু ডাঙৰীয়াকো আমি ইয়াতে বহুদিন ৰাখি থ’ব নোৱাৰোঁ৷ ইতিমধ্যে আমি তেখেতক সোনকালে ঘূৰাই পঠাম বুলি মহাৰাজ কেশৰীকো কথা দিছোঁ৷ অতি সোনকালেই আমাৰ এদল নভোচৰ সেউজপুৰলৈ যাব লাগিব৷’

ইপ্পিৰ কথাত সকলোৱে সঁহাৰি জনালে৷ সকলোৰে মুখত একোটা আশাৰ হাঁহি মুকলিকৈয়ে ফুটি উঠিল৷

...

সেউজপুৰত উখল মাখল পৰিৱেশ৷ প্ৰাণীবোৰৰ গাত ততেই নাই৷ আন কোনোবা এখন জগতৰপৰা কাহানিও নেদেখা অচিনাকি-অদ্ভুত যেন লগা প্ৰাণী কিছুমান সেউজপুৰলৈ কিছুদিন থকাকৈ আহিব হেনো৷ সিদিনা জোনবাইৰ নিচিনা ছবি ওলোৱা ফলিখনত বাটলু ওলাই সভাসদসকলক কথাবোৰ কৈছে হেনো৷

‘গেৰেলা কাই, মই হ’লে এটাকথা বুজিবলৈ টান পাইছোঁ৷’

অতিথিসকলৰ আদৰ-সৎকাৰৰ কামত লাগি থকাৰ মাজতে মলুৱাই সুধিলে৷

‘সকলো কথা ময়ো ভালকৈ বুজি পোৱা নাই বুইছে! তথাপি কওকচোন বাৰু আপুনিনো কি কথা বুজি পোৱা নাই৷’ গেৰেলাই সঁহাৰি দিলে৷

‘গছপুলি ৰুবৰ বাবে মাটি আৰু পানীৰ গুণাগুণ পৰীক্ষা কৰা নাইবা ৰ’দৰ তাপ-পোহৰৰ জোখ লোৱাটো বাৰু বুজিছোঁ৷ কিন্তু সেইটো কামকে কৰিবলৈ দহ-বাৰজন প্ৰাণী আহি আমাৰ সেউজপুৰত কিয় দীঘলীয়াকৈ থাকি ল’ব লাগে? এইটো কথাহে বুজিবলৈ টান পাইছোঁ মই৷ আচলতে কথাটোৱে মোক কিছু চিন্তাতে পেলাইছে৷ তেওঁলোকে আহি যদি আমাৰ সেউজপুৰীয়াসকলৰ কিবা অপকাৰ কৰেহি? বাটলু ডাঙৰীয়াই কোৱামতে তেওঁলোক খুব ভাল বুলি মানি লৈছোঁ বাৰু৷ কিন্তু প্ৰতিজন প্ৰাণীয়েই যে ভাল হ’ব তাৰ জানো নিশ্চয়তা আছে? মানুহৰ সমাজখন নেদেখিছে? ভালৰ লগতে বেয়া মানুহো নাথাকে জানো? তেওঁলোকৰ মাজৰো কোনোবাই যদি আমাৰ কাৰোবাৰ কিবা অনিষ্ট কৰে তেতিয়া...৷’

চিন্তিতভাৱে কথাখিনি কৈ মলুৱা ৰ’ল৷ গেৰেলায়ো কিছু সময় চিন্তিতভাৱে মলুৱাৰ মুখলৈ চাই ৰ’ল৷ তাৰ পাছত তেওঁ ক’বলৈ ধৰিলে–

‘এৰা! আপুনি ভুল ভবা নাই ডাঙৰীয়া৷ কিন্তু আমি বোধকৰোঁ এই সময়ত নেতিবাচক চিন্তা নকৰাই ভাল হ’ব৷ কাৰণ তেওঁলোকে এটা মহান উদ্দেশ্য লৈ আমাৰ সেউজপুৰলৈ আহিব৷ বাটলু ডাঙৰীয়াই কোৱামতে ভৱিষ্যতে পৃথিৱীৰ মানুহতকৈও বেছি আগ বঢ়া এই অচিনাকী প্ৰাণীসকলৰ পৰা আমিও বহুতো উপকাৰ পাব পাৰিম৷’

তেনেতে মলুৱাৰ নাতিয়েক তিনিওটা গছৰ ডাল-পাত মহতিয়াই গেৰেলা আৰু মলুৱাৰ মাজতে জঁপিয়াই পৰিলহি৷ গেৰেলাই কথা কোৱা বন্ধ কৰি সিহঁতলৈ চালে৷ মলুৱাই সুধিলে–

‘কি হ’ল অ’ তোমালোকৰ? গোটেইখন ভাঙি-ছিঙি আহিছা যে?’

মলুৱাৰ প্ৰশ্নৰ উত্তৰত তিনিওটাই ওপৰাউপৰিকৈ ক’বলৈ ধৰিলে–

‘ককা, দেউতা আৰু খুৰাহঁতে মিলি গছত কিবাকিবি লগাইছে৷ আৰু বহুত নতুন নতুন বস্তুও দেখিছোঁ আমাৰ ইয়াত৷ আহাঁচোন চাওঁগৈ৷ আমাক ওচৰলৈ যাবলৈকে নিদিয়ে৷ তোমালোকৰ লগত গ’লেহে চাবলৈ সুবিধা পাম৷’

সিহঁতৰ কথা শুনি দুয়ো মিচিকিয়াই হাঁহিলে আৰু ‘ব’লাহঁক’ বুলি আগ বাঢ়িল৷

‘আমাৰ সেউজপুৰ হেনো আমাতকৈ বহুত বেলেগ প্ৰাণী কিছুমান থাকিবলৈ আহিছে? হয় নেকি ককা?’

‘ওঁ, আহিছে৷ তোমালোকে আক’ তেওঁলোকৰ লগত কোনো ধৰণৰ দুষ্টালি নকৰিবা৷ তোমালোকৰ লগৰীয়াবোৰকো কৈ দিবা৷ তেওঁলোকক যিমান পাৰাঁ সহায়হে কৰিবা৷ কৰিবানে নকৰাঁ?’

গেৰেলাৰ কথাত আটাইকেইটাই উৎসাহেৰে সঁহাৰি জনালে৷

গৈ গৈ মলুৱাহঁত বহু সংখ্যক সেউজপুৰীয়াই কাম কৰি থকা ঠাইডোখৰ পালেগৈ৷ মহামন্ত্ৰী বৃকোদৰ আৰু সেনাপতি হিতৰামে তাতে থাকি সকলো কাম-কাজৰ তদাৰক কৰি আছিল৷

...

ইতিমধ্যে গ্ৰীনাৰপৰা দুদিন দুখন বাহনত ঘৰ সজাৰ সঁজুলি আৰু গ্ৰীনাৰ মাটি-পানী আদিৰ নমুনা আদিকে ধৰি অনেক বয়বস্তু লৈ এদল প্ৰাণী আহি সেউজপুৰ পালেহি৷ তেওঁলোকে অনা বস্তুবোৰৰ ভিতৰত চাৰিচুকীয়া পোহৰ ওলোৱা যন্ত্ৰ কিছুমানৰ লগতে আন আন যন্ত্ৰ কিছুমানো আছে৷ এনে এবিধ যন্ত্ৰ আছে যিবিধে যিকোনো বস্তুৰে ছবি প্ৰস্তুত কৰি দিব পাৰে– প্ৰাণীয়েই হওক নাইবা গছেই হওক৷

বস্তুবোৰ জুৰণিপাৰৰ হাবিৰ পৰা সেউজপুৰৰ সৈন্যসকলে বৰতললৈ কঢ়িয়াই আনিলে৷

বাঃ কি যে আচৰিত এই যন্ত্ৰ-পাতিবোৰ!

কঢ়িয়াবলৈ সুযোগ পোৱা প্ৰতিজনেই নিজকে সৌভাগ্যৱান বুলি বিৱেচনা কৰিলে৷

সেই যন্ত্ৰ-পাতিবোৰৰে কিছুমান বান্দৰসকলে গছত লগাই আছিল৷ মাটিত থিয় দি মানুহৰ নিচিনা অচিনাকী প্ৰাণী কেইজনমানে বান্দৰসকলক কিবাকিবি কৈ আছিল৷

সৰহ সংখ্যক সেউজপুৰীয়াই জুম বান্ধি কাণ্ডটো চাই আছিল৷ কাৰো মুখত এষাৰিও মাত নাছিল৷

হওক তেও৷ পৃথিৱীৰ মানুহেও নেদেখা-নুশুনা কিছুমান যন্ত্ৰ-পাতি দেখাৰ সুযোগ  সেউজপুৰীয়াই পাইছে! ভাবিলে গেৰেলাই৷ লগে লগে তেওঁৰ মুখত মিঠা সন্তুষ্টিৰ হাঁহি এটা বিয়পি পৰিল৷

(আগলৈ)

স
লেখকৰ পৰিচয়

স্মৃতিৰেখা দেৱী

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)