৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

অসমৰ পৰিৱেশগত সমস্যাৰ সমাধানত প্ৰকৃতি-আধাৰিত নীতিৰ প্ৰাসংগিকতা

লেখকঃ ড° সঞ্জীৱ বৰুৱা • প্ৰকাশিতঃ ২৯ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১২৪১ বাৰ পঢ়া হৈছে

 ড° সঞ্জীৱ বৰুৱা



বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ আজিৰ এই জটিল সন্ধিক্ষণত প্ৰকৃতি-আধাৰিত সমাধান (Nature-based Solution) এটা ব্যাপকভাৱে চৰ্চিত আৰু সমাদৃত বিষয়৷ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘই (IUCN) সংজ্ঞায়িত কৰা প্ৰকৃতি-ভিত্তিক নতুবা প্ৰকৃতি-আধাৰিত সমাধান হৈছে এনে কাৰ্য্যপন্থা, যিয়ে পৰিৱৰ্তিত পৰিৱেশতন্ত্ৰক সুৰক্ষা, পৰিচালনা আৰু পুনৰুদ্ধাৰ কৰাৰ পথ প্ৰশস্ত কৰে৷ প্ৰকৃতি-ভিত্তিক সমাধানক আজিৰ সময়ত জৰুৰী পৰিৱেশ, সামাজিক আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে ফলপ্ৰসূ পদ্ধতি হিচাপে স্বীকৃতি দিয়া হৈছে৷ প্ৰকৃতি-আধাৰিত সমাধানৰ এই ধাৰণাটো ১৯৭০ চনত পৰম্পৰাগত ‘পৰিৱেশতন্ত্ৰৰ ব্যৱস্থাপনা’ আৰু ‘পৰিৱেশতন্ত্ৰৰ সেৱাৰ’ পৰা উদ্ভৱ হৈছিল৷ বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ দৰে সমাজৰ প্ৰত্যাহ্বানমূলক ক্ৰিয়াৰ বাবে আৰু পৰিৱেশতন্ত্ৰৰ কাৰ্য্যসমূহৰ ৰূপায়ণ কৰিবলৈ ২০০৯ চনত IUCN য়ে আনুষ্ঠানিকভাৱে এই  শব্দটো প্ৰৱৰ্তন কৰিছিল৷ উল্লেখযোগ্য যে এই ব্যৱস্থাত সমাধানৰ সূত্ৰ এনেদৰে প্ৰস্তুত আৰু ৰূপায়ণ কৰা হয়, যাতে স্থানীয় সম্প্ৰদায় আৰু খিলঞ্জীয়া লোকৰ অধিকাৰ, মূল্যবোধৰ লগতে পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ প্ৰতিয়ো যথাযোগ্য সন্মান প্ৰদৰ্শন কৰা হয় 

আমাৰ অসমৰ দৰে চহকী বনাঞ্চল, জলাশয়, নদী, আৰু পৰম্পৰাগত পৰিৱেশ জ্ঞানেৰে সমৃদ্ধ ৰাজ্যত, য’ত পৰিৱেশগত অলেখ সমস্যাই ক্ৰমাগতভাৱে বৃদ্ধি পাইছে এই ক্ষেত্ৰত প্ৰকৃতি-আধাৰিত সমাধানৰ প্ৰাসংগিকতা আহি পৰিছে৷ আমাৰ এই বিনন্দীয়া ৰাজ্যখন পূৱ হিমালয় জীৱবৈচিত্ৰ্যৰ হটস্পটৰ ভিতৰত অৱস্থিত এটা প্ৰসিদ্ধ অঞ্চল৷ প্ৰাকৃতিক আৰু পৰিৱেশগত সম্পদৰ মাজতো ৰাজ্যখনে বিগত সময়ছোৱাত একাধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, বিশেষকৈ সঘনাই হোৱা বানপানী, নদীৰ পাৰৰ খহনীয়া, মাটিৰ অৱক্ষয়, জীৱবৈচিত্ৰ্যৰ ক্ৰমাগত হ্ৰাস, মাটি, পানী আৰু বায়ুৰ প্ৰদূষণ আৰু ক্ৰমাগত জীৱিকাৰ সংকট অতি চিন্তনীয় বিষয়৷ কেৱল গতানুগতিক অভিযান্ত্ৰিক সমাধানে এই জটিল সমস্যা সমূহ সমাধান কৰিবলৈ অপাৰগ হোৱাৰ লগতে পৰিৱেশ ক্ষতিকাৰক বুলি প্ৰমাণিত হৈছে৷ এই প্ৰসংগত বহনক্ষম, প্ৰকৃতি-আধাৰিত সমাধানৰ দিশটো গুৰুত্বপূৰ্ণ হৈ পৰে৷ এইক্ষেত্ৰত আমি অসমৰ কিছু পৰিৱেশগত সমস্যাৰ আৰু ইয়াৰ প্ৰকৃতি ভিত্তিক সমাধানৰ বিষয়ে চৰ্চা কৰিম৷

 

বানপানী আৰু জলাশয়ৰ সমস্যা:  উদাহৰণস্বৰূপে অসমত বাৰ্ষিক গড় বৰষুণৰ পৰিমাণ প্ৰায় ২০০০–২,৮০০ মিলিমিটাৰ, যিটো ভাৰতৰ সৰ্বাধিক বৰষুণ পৰা ৰাজ্যৰ ভিতৰতে অন্যতম৷ অৱশ্যে যোৱা কেইটামান বছৰত গড় বৃষ্টিপাতৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে৷ চৰকাৰী হিচাপ অনুসৰি অসমৰ ভৌগোলিক এলেকাৰ প্ৰায় ৪০% অৰ্থাৎ প্ৰায় ৩২ লাখ হেক্টৰৰো অধিক মাটি বানপানীপ্ৰৱণ এলেকাৰ অন্তৰ্গত৷ প্ৰতি বছৰে বানপানীয়ে ৪–৫ নিযুত লোকক প্ৰভাৱিত কৰে, ০৫ লাখ হেক্টৰৰ ওপৰৰ শস্যৰ ক্ষতি কৰে আৰু মাটিৰ তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে৷ জলাশয় অসমৰ বানপানী সমস্যা সমাধানৰ বাবে এক অমূল্য সম্পদ৷ ৰাজ্যখনত ৩৫০০ৰো অধিক পঞ্জীয়নভুক্ত জলাশয় আছে, যিয়ে প্ৰায় ১.০১ লাখ হেক্টৰ ভূমি সামৰি লৈছে৷এই জলাশয়বোৰৰ প্ৰাকৃতিক স্পঞ্জ বা শোষণৰ কাম কৰি বাৰিষাৰ অতিৰিক্ত পানী জমা কৰি ক্ৰমান্বয়ে এৰি দিয়াৰ ক্ষমতা থাকে৷  অধ্যয়নত দেখা গৈছে যে সুস্থ জলাশয়ে বান অধ্যুষিত অঞ্চলৰ ২০–৬০% অতিৰিক্ত পানী হ্ৰাস কৰিব পাৰে৷ সন্দেহ নাই, অসমৰ আজি বৃহৎসংখ্যক জলাশয়সমূহ হয় বেদখলৰ কবলত পৰিছে নতুবা গভীৰতা কমি একেবাৰে বাম হৈ পৰিছে, যাৰ ফলত জলাশয়সমূহৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা একেবাৰে নাইকিয়া হৈ পৰিছে৷ প্ৰকৃতিভিত্তিক পদ্ধতিত এই প্ৰাকৃতিক জলাশয়সমূহক পুনৰুদ্ধাৰ কৰা আৰু নদীৰ পাৰৰ গছ-গছনিসমূহ আচনিৰ জৰিয়তে পুনৰুদ্ধাৰ কৰি পানীৰ প্ৰবাহ লেহেমীয়া কৰাটো আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ৷ অসমৰ প্ৰায়বোৰ গুৰুত্বপূৰ্ণ জলাশয়সমূহ যেনে দীপৰ বিল, উৰপদ বিল, কাপলা বিল, কোকৰাঝাৰৰ দীপলাই বিল, তিনিচুকীয়াৰ মাগুৰি–মটাপুং বিলৰ দৰে জলাশয়সমূহে জীৱবৈচিত্ৰ্য সংৰক্ষণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰাৰ উপৰিও মীনপালনত সহায় কৰি হাজাৰ হাজাৰ পৰিয়ালৰ জীৱন আৰু জীৱিকাৰ ব্যৱস্থা কৰিব পাৰে আৰু  লগতে ভূগৰ্ভস্থ পানীৰ পৰিমাণ বাহাল ৰখাত আৰু নিশ্চিতভাৱে পানী বিশুদ্ধ কৰাত অৰিহণা যোগায়৷ অত্যধিক মথাউৰি নিৰ্মাণৰ পৰিৱৰ্তে নদীসমূহক প্ৰাকৃতিকভাৱে বৈ যাবলৈ দিয়াটোৱে প্ৰকৃতি-আধাৰিত নীতিৰ সৈতে মিল খায় আৰু দীৰ্ঘম্যাদী বানপানীৰ স্থিতিস্থাপকতা বৃদ্ধি কৰে৷


পুনৰ বনানীকৰণ আৰু বন ব্যৱস্থাপনা:
  অসমৰ  মুঠ ভৌগোলিক অঞ্চলৰ প্ৰায় ৩৫.৮% বনাঞ্চল, যিটো ৰাষ্ট্ৰীয় গড়তকৈ অলপ ওপৰত৷ অসমৰ বনাঞ্চলৰ আৱৰণ ক্ষেত্ৰত শেহতীয়াকৈ ইণ্ডিয়া ষ্টেট অৱ ফৰেষ্ট ৰিপ’ৰ্টৰ মতে, চহকী জৈৱবৈচিত্ৰ্যৰ সৈতে মুঠ বনাঞ্চল প্ৰায় ২৮,৩২৬ বৰ্গ কিলোমিটাৰ (ইয়াৰ এলেকাৰ ৩৬%তকৈও অধিক)৷ দেখা গৈছে, ৰিপ’ৰ্ট উল্লেখিত তথ্য অনুসৰি ২০২১-২০২৩ চনৰ ভিতৰত অসমৰ বনাঞ্চলৰ আৱৰণ ৮৩.৯২ বৰ্গ কিলোমিটাৰ উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ কথা প্ৰকাশ পাইছে, যাৰ ফলত বনাঞ্চলৰ আৱৰণ ৰাষ্ট্ৰীয় পৰ্যায়ত বৃদ্ধি পোৱাৰ পিছতো ই সৰ্বাধিক হ্ৰাস পোৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম৷ বহনক্ষম উন্নয়ন আৰু সুস্থিৰ পৰিৱেশতন্ত্ৰৰ বাবে এইক্ষেত্ৰত ব্যৱস্থা লোৱাটো সময়ৰে আহ্বান৷ বিশেষকৈ কাৰ্বিআংলং আৰু ডিমা হাছাওৰ দৰে পাহাৰীয়া জিলাত বনাঞ্চলে কাৰ্বন নিষ্কাশন কৰাত সহায় কৰাৰ লগতে ভূমিস্খলন আৰু খহনীয়াৰ আশংকা হ্ৰাস কৰে৷ এই অৱক্ষয়ী বনাঞ্চলত যদি  থলুৱা প্ৰজাতিসমূহ ব্যৱহাৰ কৰি পুনৰুদ্ধাৰ কৰা হয়, হিচাপ অনুযায়ী প্ৰতি হেক্টৰত প্ৰতি বছৰে ৩–৭ টন কাৰ্বন নিষ্কাশন কৰিব পৰা যাব আৰু একে সময়তে মাটিৰ স্থিৰতা ৰক্ষাতো সহায়ক হ’ব৷

জীৱবৈচিত্ৰ্যৰ সংৰক্ষণ: প্ৰকৃতিৰ অনুকূল সমাধানৰ জৰিয়তে জীৱবৈচিত্ৰ্য সংৰক্ষণৰো প্ৰৱল প্ৰাসংগিকতা আছে৷ অসমৰ এই ভূ-খণ্ড অলেখ আপুৰুগীয়া প্ৰাণীকূল আৰু উদ্ভিদৰ বাসস্থান আমাৰ চিৰপৰিচিত পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়ৰ দৰে আকৰ্ষণীয় প্ৰজাতিৰ আছে, যাৰ জনসংখ্যা ১৯৮০ চনত প্ৰায় ১৫০০ৰ পৰা আজি ২৬০০ৰো অধিকলৈ বৃদ্ধি পাইছে৷ ইয়াৰ মূল কাৰণ হৈছে গড়ঁৰ বাসস্থান সুৰক্ষা আৰু পুনৰুদ্ধাৰ ইয়াৰ বিপৰীতে অসমত হাতী-মানুহৰ সংঘাতে আজি জটিল সন্ধিক্ষণত আহি উপস্থিত হৈছে৷ এই অনিয়ন্ত্ৰিত ধ্বংসৰ ফলতেই আজি হাতীসহ অসংখ্য বন্যপ্ৰাণী নিজৰ প্ৰাকৃতিক বাসস্থান আৰু খাদ্যঅঞ্চল হেৰুৱাই দিশহাৰা হৈ পৰিছে৷ খাদ্যৰ সন্ধানত, জীৱনৰ তাগিদাত তেওঁলোকে মানুহৰ এলেকালৈ আহিবলৈ বাধ্য হৈছে, আৰু তাৰ পৰিণাম হ’ল বহু হৃদয়বিদাৰক দুৰ্ঘটনা৷ অলপতে নগাঁও জিলাৰ কামপুৰ–যমুনামুখৰ মাজত নিশা সংঘটিত ৰাজধানী এক্সপ্ৰেছৰ দুৰ্ঘটনাত ৮ টাকৈ নিষ্পাপ বন্যহস্তীৰ মৃত্যু হ’ল৷ এই সময়ছোৱাত আমাক প্ৰকৃতি ভিত্তিক পৰিৱেশগত সমাধান অতি প্ৰয়োজনীয়৷ এইবিষয়ে আজিলৈকে কিবা ফলপ্ৰসূ চিন্তা-চৰ্চা হৈছেনে নাই সন্দেহৰ বিষয়৷ মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত নিৰাময়ৰ দিশটো আমি প্ৰকৃতিৰ অনুকূলে চিন্তা কৰিব লাগিব৷ য’তে ততে লোহাৰ গে’ট, বিজুলী পৰিবাহী বেৰীকেড বনাই নহয় হাতীৰ নিয়মীয়া চলাচল কৰা পৰিৱেশগত কৰিডৰ বজাই ৰখা, বনাঞ্চলৰ পুনৰুদ্ধাৰৰ কৰি হাতীৰ খাদ্য সুনিশ্চিত কৰা আদি কামৰ দ্বাৰাহে এই সংঘাত হ্ৰাস কৰিব পৰাৰ লগতে পৰিৱেশতন্ত্ৰৰ স্থিৰতা বৰ্তাই ৰাখিব পৰা যাব৷

অসমৰ কৃষিক্ষেত্ৰ: বিশ্বব্যাপী কৃষিক্ষেত্ৰত আধুনিক কৃষি পদ্ধতিয়ে উৎপাদন বৃদ্ধি কৰিলেও ই মাটিৰ উৰ্বৰতা হ্ৰাস, জল প্ৰদূষণ, আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যাৰ সৃষ্টি কৰিছে এই প্ৰেক্ষাপটত প্ৰকৃতি-আধাৰিত সমাধানসমূহক এক বিকল্প আৰু পন্থা হিচাপে স্বীকৃতি দিয়া হৈছে অসমৰ দৰে জীৱবৈচিত্ৰ্য সমৃদ্ধ ৰাজ্যত কৃষি আৰু প্ৰকৃতিৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক বিদ্যমান৷ সেয়েহে প্ৰকৃতি-আধাৰিত সমাধানসমূহ অসমৰ কৃষিৰ বাবে বিশেষভাৱে প্ৰাসংগিক অসমৰ কৃষিক্ষেত্ৰৰ লগত প্ৰায় ৭০% লোক জড়িত হৈ আছে৷ প্ৰকৃতি-ভিত্তিক কৃষি পদ্ধতিসমূহ যেনে জৈৱিক কৃষি কৰ্মৰ জৰিয়তে মাটিৰ স্বাস্থ্য আৰু স্থিতিস্থাপকতা উন্নত কৰে৷ অসমৰ পৰম্পৰাগত ঘৰুৱা উদ্যানৰ ব্যৱস্থা আৰু বাঁহভিত্তিক বনানীকৰণে ইতিমধ্যে প্ৰকৃতিভিত্তিক সমাধানৰ নীতিকে প্ৰতিফলিত কৰে কৃষিৰ সৈতে পশুধনক একত্ৰিত কৰিলে মাটিৰ উৰ্বৰতা আৰু আৰ্দ্ৰতা ধৰি ৰখাত সহায়ক হয় আৰু একে সময়তে কৃষকৰ আয়ৰ পৰিমাণ বৃদ্ধি পায়৷ থলুৱা ধান আৰু আন শস্যৰ জাতসমূহ স্থানীয় পৰিৱেশৰ সৈতে অভিযোজিত, ৰোগ-সহনশীল আৰু পুষ্টিগুণে সমৃদ্ধ৷ গতিকে অসমৰ এই থলুৱা জাতসমূহ সংৰক্ষণ আৰু ব্যৱহাৰে কৃষিৰ স্থায়িত্ব নিশ্চিত কৰিব৷ ঠিক একেদৰে কৃষি উপকাৰী পতঙ্গ, চৰাইৰ সহায়ত কৃষি অনিষ্টকাৰী কীট-পতঙ্গ নিয়ন্ত্ৰণ কৰা আদি হৈছে প্ৰকৃতি-আধাৰিত এক কাৰ্যকৰী কৌশল৷ ইয়াৰ ফলত ৰাসায়নিক কীটনাশকৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়৷


উপসংহাৰ:
 অসমত প্ৰকৃতিভিত্তিক সমাধানৰ সফল ৰূপায়ণৰ বাবে সুস্থিৰ পৰিৱেশতন্ত্ৰভিত্তিক পৰিকল্পনা, আন্তঃবিভাগীয় সমন্বয় আৰু জনসাধাৰণৰ অংশগ্ৰহণক অগ্ৰাধিকাৰ দিব লাগিব৷ এইক্ষেত্ৰত বৈজ্ঞানিক গৱেষণা, সামৰ্থ্যৰ বিকাশ আৰু পৰম্পৰাগত জ্ঞানব্যৱস্থাৰ মাজত সংহতি অতি প্ৰয়োজনীয়৷ প্ৰকৃতি-আধাৰিত সমাধানে অসমক জলবায়ু পৰিৱৰ্তন, দুৰ্যোগৰ বিপদ, জীৱবৈচিত্ৰ্যৰ ক্ষতি আৰু জীৱিকাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ এক পৰিৱৰ্তনশীল পথ প্ৰদান কৰে৷ উন্নয়নৰ নামত পাহাৰ কাটি, শিলৰ কুৱেৰী বহাই আৰু বনাঞ্চল ধ্বংস কৰি আমি আজি নিজেই এক ভয়ংকৰ সংকটৰ বীজ ৰোপণ কৰিছোঁ৷ ইতিমধ্যে চৰকাৰৰ পৃষ্ঠপোষকতাত অসমৰ বনাঞ্চলত আৰু কৃষি পথাৰত পৰিৱেশ অনিষ্টকাৰী পাম খেতিৰ দিহা কৰা দেখা গৈছে৷ মনত ৰখা উচিত যে প্ৰকৃতিৰ বিৰুদ্ধে নহয়, প্ৰকৃতিৰ সৈতে সহাৱস্থানৰ যোগেদি অসমৰ পৰিৱেশতন্ত্ৰৰ স্থিতিস্থাপকতা শক্তিশালী কৰি মানুহ আৰু পৰিৱেশ উভয়ৰে বাবে সুস্থ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা যাব৷

সহকাৰী অধ্যাপক, উদ্ভিত বিজ্ঞান বিভাগ

বড়োলেণ্ড বিশ্ববিদ্যালয়

৮৬৩৮৭৫৫৪৯১

 

 

ড
লেখকৰ পৰিচয়

ড° সঞ্জীৱ বৰুৱা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬
অঁ, সময়ত
অন্যযুগ সাহিত্য পৰিষদ • ৩০ ছেপ্টেম্বৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)