হেমচন্দ্ৰ কছাৰী
বাটটো
সাপ
নদী
মৰুৰ মাজে মাজে
হাবিৰ মাজে মাজে
কেতিয়াবা পানী উভৈনদী
কেতিয়াবা শুকান তলি
মোলাই কাঠনীবাৰী এটা বৃহৎ প্ৰসংগ
জ্বলাই দিয়া মানুহো ওলাইছে যে
আমাৰো এখন বাৰী আছে
ডাঙৰ
কালিও এজোপা ৰুইছোঁ
সময় সুযোগ মিলিলে
আজিও ৰুম
কাইলৈও ৰুম
মিউচুৱেলিজমৰ বিষয়টো বহলাই নাথাকোঁ দিয়ক
সকলোৱে জানে
ডাঙৰ নোহোৱা গছবোৰৰ কাষত
থিয় হৈ কেতিয়াবা ভাবোঁ
গুৰি চপাই কাটি পেলাওঁ নেকি
পিছে, বৰ সহজ নহয় কামটো
নিজে ৰুৱা গছ যে
ভালপোৱা থাকিবই
বাটটো
সাপ
নদী
বেলি ৰঙৰ গৰাকী৷
***
ভ্ৰাম্যভাষ-৯৯৫৭৫৪২০৭০
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)