কুব্জিকা কুল কুল
সভ্যতাৰ আদিম প্ৰভাতৰ পৰা যুগৰ
অন্তহীন পৰিক্ৰমালৈকে নাৰীসত্তাৰ জাগৰণ যেন এক অনন্ত যাত্ৰা—এগৰাকী নাৰী, যাক কেতিয়াবা
গৃহৰ চৌহদে সংজ্ঞায়িত কৰিছে, কেতিয়াবা পৰম্পৰাৰ শিকলিয়ে আবদ্ধ কৰিছে, অথচ যাৰ অন্তৰাত্মাৰ
গভীৰতম স্তৰত যুগে যুগে জাগ্ৰত হৈ আছে এক অদম্য শক্তি৷ ভাৰতীয় সভ্যতাৰ সুদীৰ্ঘ ইতিহাসৰ
পাত মেলি চালে দেখা যায় যে নাৰীৰ এই শক্তি কোনো আধুনিক যুগৰ আকস্মিক সৃষ্টি নহয়,
বৰঞ্চ বৈদিক মন্ত্ৰৰ ধ্বনি উচ্চাৰিত হোৱা দিনৰ পৰা উপনিষদীয় ব্ৰহ্মজিজ্ঞাসালৈ, মহাকাব্যৰ
বিস্তৃত আখ্যানৰ পৰা ইতিহাসৰ বাস্তৱ ৰণক্ষেত্ৰলৈ—নাৰীয়ে সময়ে সময়ে ভিন ভিন ৰূপত
নিজৰ অস্তিত্ব, আত্মমৰ্যাদা, বুদ্ধিমত্তা, সাহস আৰু সংগ্ৰামী সত্তাৰ স্বাক্ষৰ বহন কৰি
আহিছে৷ কেতিয়াবা তেওঁ জ্ঞানৰ অনুসন্ধানী, কেতিয়াবা অন্যায়ৰ প্ৰশ্নকাৰী, কেতিয়াবা
আত্মমৰ্যাদাৰ প্ৰতিমূৰ্তি, আৰু কেতিয়াবা স্বদেশ, সমাজ অথবা নিজৰ অধিকাৰৰ বাবে গৃহৰ
সীমা অতিক্ৰম কৰি সংঘৰ্ষৰ সন্মুখীন হোৱা এগৰাকী সংগ্ৰামী সত্তাত পৰিণত হৈছে৷
ভাৰতীয় পৰম্পৰাৰ অতি প্ৰাচীন
স্তৰ, অৰ্থাৎ বৈদিক যুগলৈ উভতি চালে নাৰীৰ এই বহুমাত্ৰিক অস্তিত্বৰ এক প্ৰাথমিক ৰূপ
পৰিলক্ষিত হয়৷ বৈদিক সাহিত্যত গাৰ্গী, মৈত্ৰেয়ী, লোপামুদ্ৰা আদি নাৰীৰ উপস্থিতিয়ে
জ্ঞান, দৰ্শন আৰু বৌদ্ধিক অনুসন্ধানৰ ক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণৰ এক তাৎপৰ্যপূৰ্ণ ছবি
দাঙি ধৰে৷ বৃহদাৰণ্যক উপনিষদত গাৰ্গী বাচক্নৱীয়ে যাজ্ঞৱল্ক্যক গভীৰ দাৰ্শনিক প্ৰশ্নেৰে
প্ৰত্যাহ্বান জনোৱা ঘটনা বিশেষভাৱে উল্লেখযোগ্য৷ আনহাতে মৈত্ৰেয়ীৰ জ্ঞানৰ প্ৰতি আকাংক্ষাই
পাৰ্থিৱ সম্পদতকৈ আত্মজ্ঞানৰ মূল্যক আগস্থান দিয়া কথাই এক বৌদ্ধিক চেতনাৰ পৰিচয় বহন
কৰে৷ অৰ্থাৎ, বৈদিক আৰু উপনিষদীয় পৰম্পৰাত নাৰীৰ সংগ্ৰাম অস্ত্ৰৰ সৈতে সম্পৰ্কিত নাছিল,
সেইসময়ত তেওঁলোকে জ্ঞান, যুক্তি আৰু আত্মসন্ধানৰ জৰিয়তে নিজৰ স্থান নিৰ্মাণ কৰিছিল৷
একেই প্ৰাচীন বৈদিক সাহিত্যত
বিস্পালাৰ আখ্যানো উল্লেখযোগ্য৷ ঋগ্বেদৰ অশ্বিনী-কুমাৰ-সম্পৰ্কীয় স্তোত্ৰত বিস্পালাই
ভৰি হেৰুওৱাৰ পিছত তেওঁক লোহাৰ ভৰি প্ৰদান কৰি শক্তি লাভ কৰোৱাই
যুদ্ধৰ বাবে পুনৰ সাজু কৰি তোলাৰ কথা উল্লেখ আছে৷ এই আখ্যানক আধুনিক অৰ্থত যুদ্ধ কৰা
এগৰাকী ঐতিহাসিক নাৰীৰ নিশ্চিত প্ৰমাণ বুলি গ্ৰহণ কৰাৰ ক্ষেত্ৰত অৱশ্যে অলপ সাৱধানতাৰ
প্ৰয়োজন, তথাপি ই প্ৰাচীন ভাৰতীয় কাব্যিক কল্পনাত নাৰীৰ পুনৰুত্থান, শক্তি আৰু সাহসৰ
এক তাৎপৰ্যপূৰ্ণ প্ৰতীক৷ একেদৰে বৈদিক সাহিত্যত উল্লেখিত
মুদ্গলানীৰ আখ্যানতো তেওঁ স্বামী মুদ্গলৰ সৈতে ৰথত যাত্ৰা কৰি যুদ্ধত
অংশ লোৱাৰ এক কাহিনী বৰ্ণনা কৰা দেখা গৈছে৷ এই আখ্যানসমূহে প্ৰাচীন ভাৰতীয় সাংস্কৃতিক
স্মৃতিত নাৰীৰ সক্ৰিয় আৰু সাহসী ভূমিকাৰ এক গুৰুত্বপূৰ্ণ আভাস প্ৰদান কৰে৷
বৈদিক আৰু উপনিষদীয় পৰম্পৰাৰ
পিছত ভাৰতীয় সভ্যতাৰ মহাকাব্যিক কল্পজগতত নাৰীৰ চৰিত্ৰ আৰু অধিক নাটকীয় আৰু বহুমাত্ৰিক
হৈ পৰিছে৷ ৰামায়ণৰ আখ্যানত কৈকেয়ীৰ চৰিত্ৰ এই প্ৰসংগত বিশেষভাৱে উল্লেখযোগ্য৷ তেওঁ
কেৱল অযোধ্যাৰ এগৰাকী ৰাণী হিচাপেই নহয়, দশৰথৰ সৈতে যুদ্ধক্ষেত্ৰলৈ যোৱা এগৰাকী সাহসী
নাৰী হিচাপেও বৰ্ণিত হৈছে৷ যুদ্ধৰ সময়ত দশৰথৰ ৰথৰ সাৰথি হিচাপে তেওঁ যি সাহসিকতা প্ৰদৰ্শন
কৰিছিল, তাৰ প্ৰতিদান হিচাপে দশৰথে তেওঁক দুটা বৰ প্ৰদান কৰিছিল বুলি ৰামায়ণৰ পৰম্পৰাগত
আখ্যানত উল্লেখ আছে৷ পিছত সেই বৰেই ৰামৰ বনবাস আৰু ভৰতৰ ৰাজপাটৰ ঘটনাৰ সৈতে জড়িত হৈ
মহাকাব্যৰ গতিপথ সলনি কৰে৷ এইদৰে কৈকেয়ীৰ চৰিত্ৰত ৰাজপ্ৰাসাদৰ অন্তেষপুৰ আৰু যুদ্ধক্ষেত্ৰ—দুয়োটা
পৰিসৰৰ এক আশ্চৰ্য সংযোগ দেখা যায়৷
ৰামায়ণৰ আন এক কেন্দ্ৰীয় নাৰীচৰিত্ৰ
সীতাৰ সংগ্ৰাম অৱশ্যে সম্পূৰ্ণ পৃথক প্ৰকৃতিৰ৷ সীতাৰ হাতত অস্ত্ৰ নাছিল, কিন্তু তেওঁৰ
জীৱন আছিল নিৰন্তৰ পৰীক্ষা, বিচ্ছেদ, নিৰ্বাসন আৰু আত্মমৰ্যাদাৰ সৈতে সংঘৰ্ষৰ ইতিহাস৷
অযোধ্যাৰ ৰাজপ্ৰাসাদৰ পৰা বনবাস, ৰাৱণৰ অশোকবাটিকাৰ বন্দিনী জীৱনৰ পৰা পুনৰ ৰাজসভালৈ
প্ৰত্যাগমণ—প্ৰতিটো পৰ্যায়তে সীতাই নিজৰ নৈতিক দৃঢ়তা আৰু আত্মমৰ্যাদাক আঁকোৱালি ধৰিছিল৷
সেয়েহে ৰণক্ষেত্ৰক কেৱল তৰোৱাল আৰু অস্ত্ৰৰ প্ৰতীকি অৰ্থৰে বিবেচনা নকৰি নাৰীৰ অস্তিত্ব,
মৰ্যাদা আৰু সিদ্ধান্তৰ অধিকাৰৰ বাবে চলা অন্তঃসংগ্ৰামৰ এক বহল অৰ্থতো ইয়াক বুজিব
পাৰি৷
মহাভাৰতৰ বিশাল আখ্যানত এই নাৰী
চেতনাই আৰু অধিক তীব্ৰ ৰূপ লাভ কৰে৷ দ্ৰৌপদীৰ ৰাজসভাত উত্থাপিত প্ৰশ্ন ভাৰতীয় মহাকাব্যিক
সাহিত্যৰ অন্যতম শক্তিশালী প্ৰতিবাদী মুহূৰ্ত৷ তেওঁ যেতিয়া সভাত নিজৰ অধিকাৰ আৰু নিজৰ
ওপৰত কৰা অন্যায়ৰ বৈধতা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছিল, তেতিয়া সেই প্ৰশ্ন কেৱল
এগৰাকী নাৰীৰ ব্যক্তিগত অপমানৰ প্ৰশ্ন হৈ থকা নাছিল, ই ক্ষমতা, ন্যায়, পিতৃতান্ত্ৰিক
অধিকাৰ আৰু নাৰীৰ স্বতন্ত্ৰ অস্তিত্বৰ এক গভীৰ নৈতিক প্ৰশ্নলৈ পৰিণত হৈছিল৷ কুৰুক্ষেত্ৰৰ
যুদ্ধৰ আগতেই দ্ৰৌপদীৰ বাবে ৰাজসভাই এক ৰণক্ষেত্ৰত পৰিণত হৈছিল—য’ত অস্ত্ৰৰ সলনি তেওঁৰ
হাতত আছিল প্ৰশ্ন আৰু কণ্ঠস্বৰ৷
মহাভাৰতীয় পৰম্পৰাত শ্ৰীকৃষ্ণ
ভগ্নী সত্যভামাৰ চৰিত্ৰও যুদ্ধ আৰু নাৰীৰ সক্ৰিয়তাৰ সৈতে সংযুক্ত৷ নৰকাসুৰৰ বিৰুদ্ধে
শ্ৰীকৃষ্ণৰ অভিযানৰ আখ্যানত সত্যভামাৰ অংশগ্ৰহণৰ কথা পোৱা যায় আৰু পৰম্পৰাগত বৰ্ণনাত
তেওঁ যুদ্ধৰ সৈতে সক্ৰিয়ভাৱে জড়িত৷ ইয়াৰ মাজেৰে পৌৰাণিক ভাৰতীয় কল্পনাত নাৰীক কেৱল
অন্তেষপুৰৰ সৌন্দৰ্য বা গৃহস্থালীৰ প্ৰতীক হিচাপে নহয়, প্ৰয়োজনৰ সময়ত সংঘৰ্ষৰ ক্ষেত্ৰত
উপস্থিত হ’ব পৰা শক্তি হিচাপেও কল্পনা কৰিব পাৰি৷
মহাকাব্যিক আৰু পৌৰাণিক আখ্যানৰ
পৰা ইতিহাসৰ তুলনামূলকভাৱে নিশ্চিত ক্ষেত্ৰলৈ আগবাঢ়িলে প্ৰাচীন ভাৰততো নাৰীৰ ৰাজনৈতিক
উপস্থিতিৰ বহু নিদৰ্শন পোৱা যায়৷ সাতবাহন বংশৰ ৰাণী নাগানিকা বা নয়নিকা ইয়াৰ এক
উল্লেখযোগ্য উদাহৰণ৷ তেওঁ সাতকৰ্ণি প্ৰথমৰ পত্নী আছিল আৰু স্বামীৰ মৃত্যুৰ পিছত পুত্ৰ
অপ্ৰাপ্তবয়স্ক হৈ থকাৰ সময়ত ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ নানেঘাটৰ
শিলালিপিয়ে তেওঁৰ ৰাজকীয় পৰিচয়, ধৰ্মীয় পৃষ্ঠপোষকতা আৰু ক্ষমতাৰ সৈতে সম্পৰ্কৰ
মূল্যবান সাক্ষ্য বহন কৰিছে৷ স্বাভাৱিকতে ৰাণী নাগানিকাৰ ৰাজনৈতিক উপস্থিতিয়ে প্ৰাচীন
ভাৰতীয় ৰাজক্ষমতাৰ পৰিসৰত নাৰীৰ সক্ৰিয় ভূমিকাৰ প্ৰমাণ দিয়ে৷
উল্লেখযোগ্য যে মধ্যযুগীয় ভাৰতৰ
ইতিহাসতো নাৰীৰ সংগ্ৰামী সত্তাই অধিক স্পষ্ট সামৰিক ৰূপ লাভ কৰিছে৷ গণ্ডৱানাৰ ৰাণী
দুৰ্গাৱতী ইয়াৰ এক দীপ্তিমান উদাহৰণ৷ মোগল সম্ৰাট আকবৰৰ সাম্ৰাজ্য বিস্তাৰৰ সময়ত
তেওঁৰ ৰাজ্যৰ ওপৰত আক্ৰমণ নামি অহাত তেওঁ প্ৰতিৰোধৰ পথ বাছি লৈছিল৷ ১৫৬৪ চনৰ নৰ্ৰাইৰ
যুদ্ধত তেওঁ নিজেই সামৰিক নেতৃত্ব প্ৰদান কৰিছিল আৰু মোগল বাহিনীৰ বিৰুদ্ধে প্ৰবল প্ৰতিহত
শক্তিবাহিনী গঢ়ি তুলিছিল৷ আত্মসমৰ্পণৰ পৰিৱৰ্তে শেষ মুহূৰ্তলৈ যুদ্ধ কৰি যোৱা তেওঁৰ
সিদ্ধান্তই তেওঁক ভাৰতীয় ইতিহাসত বীৰত্ব আৰু আত্মমৰ্যাদাৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা
কৰিছে৷ একেদৰে আহমদনগৰৰ চান্দ বিবীয়ে মোগল আক্ৰমণৰ সময়ত ৰাজ্যৰ প্ৰতিৰক্ষাৰ দায়িত্ব
গ্ৰহণ কৰি সৈন্যসকলক নেতৃত্ব দিছিল আৰু আহমদনগৰ ৰক্ষাৰ বাবে শক্তিশালী প্ৰতিৰোধ গঢ়ি
তুলিছিল৷
এই সামৰিক পৰম্পৰাৰ এক শক্তিশালী
অধ্যায় ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোহৰ সময়তো অধিক স্পষ্টকৈ দেখা যায়৷ ঝান্সীৰ ৰাণী লক্ষ্মীবাই
আছিল ইয়াৰ অন্যতম উজ্জ্বল প্ৰতীক৷ ব্ৰিটিছ ঔপনিৱেশিক নীতিৰ ফলত ঝান্সীৰ ৰাজনৈতিক অধিকাৰ
সংকটত পৰাৰ পিছত তেওঁ নিজৰ ৰাজ্য আৰু দত্তক পুত্ৰ দামোদৰ ৰাওৰ অধিকাৰ ৰক্ষাৰ বাবে প্ৰতিবাদৰ
পথ গ্ৰহণ কৰিছিল৷ ১৮৫৭-৫৮ৰ বিদ্ৰোহৰ সময়ত তেওঁ ঝান্সীৰ প্ৰতিৰক্ষাৰ সামৰিক নেতৃত্ব
গ্ৰহণ কৰি ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰিছিল৷ একেদৰে আওধৰ বেগম হাজৰত মহলে নিজৰ নাবালক
পুত্ৰ বিৰজিছ কদৰক কেন্দ্ৰ কৰি ব্ৰিটিছবিৰোধী প্ৰতিৰোধ সংগঠিত কৰিছিল আৰু লক্ষ্ণৌৰ
সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এই ঘটনাবোৰে দেখুৱাই দিলে যে ঔপনিৱেশিক
আধিপত্যৰ বিৰুদ্ধে ভাৰতীয় নাৰীৰ সংগ্ৰাম ৰাজপ্ৰাসাদৰ সীমা অতিক্ৰম কৰি ৰাজনীতি আৰু
ৰণক্ষেত্ৰ দুয়োতে বিস্তৃত হৈছিল৷
ভাৰতৰ ইতিহাসত নাৰীৰ এই সংগ্ৰাম
অৱশ্যে কেৱল ৰণক্ষেত্ৰত তৰোৱাল উঠোৱাৰ মাজতে সীমাবদ্ধ নাছিল৷ বহু যুগ ধৰি নাৰীয়ে নিজৰ
দৈনন্দিন জীৱনতেই এনে কিছুমান সামাজিক বাধাৰ সৈতে যুঁজিবলগীয়া হৈছিল, যিবোৰ কোনো যুদ্ধৰ
অস্ত্ৰতকৈও অধিক গভীৰ আৰু দীৰ্ঘস্থায়ী আছিল৷ সতীদাহ প্ৰথা, বাল্যবিবাহ, বিধৱাৰ ওপৰত
আৰোপিত সামাজিক নিষেধ, নাৰীৰ শিক্ষাৰ পৰা বঞ্চনা, সম্পত্তিৰ অধিকাৰৰ সীমাবদ্ধতা আৰু
বহু সমাজত প্ৰচলিত পৰ্দা-প্ৰথাই নাৰীৰ জীৱনক গৃহৰ অন্তঃসীমাৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল৷
এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটোও সেয়েহে নাৰীৰ এক গভীৰ সামাজিক সংগ্ৰাম আছিল—এনে এক
সংগ্ৰাম, য’ত ৰণক্ষেত্ৰ আছিল সমাজ নিজেই আৰু প্ৰতিপক্ষ আছিল বহু শতিকা ধৰি গঢ় লৈ উঠা
ৰক্ষণশীল মানসিকতা৷
ঊনবিংশ শতিকাত ভাৰতীয় সমাজ-সংস্কাৰ
আন্দোলনে এই পৰিস্থিতিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা কৰে৷ সতীদাহ প্ৰথাৰ বিৰুদ্ধে
ৰাজা ৰামমোহন ৰায়ে এক শক্তিশালী বৌদ্ধিক আৰু সামাজিক আন্দোলন গঢ়ি তুলিছিল৷ তেওঁৰ
প্ৰচেষ্টা, সতীদাহৰ বিৰুদ্ধে জনমত আৰু ঔপনিৱেশিক প্ৰশাসনৰ হস্তক্ষেপৰ ফলত লৰ্ড উইলিয়াম
বেণ্টিংকে ১৮২৯ চনত Bengal Sati Regulation জাৰি কৰি সতীদাহক আইনগতভাৱে নিষিদ্ধ কৰে৷
এই পৰিৱৰ্তন কেৱল এখন আইন প্ৰণয়নৰ ঘটনা নাছিল; ই ভাৰতীয় সমাজত নাৰীৰ জীৱনৰ মূল্য,
বিধৱাৰ অস্তিত্ব আৰু সামাজিক প্ৰথাৰ নৈতিক বৈধতা সম্পৰ্কে এক গভীৰ বিতৰ্কৰ জন্ম দিছিল৷
এইখিনিতে মন কৰিবলগীয়া যে নাৰী-মুক্তিৰ
সংগ্ৰামৰ সকলো অধ্যায় পুৰুষ সমাজ-সংস্কাৰকৰ হাতত সীমাবদ্ধ নাছিল৷ শিক্ষিত আৰু সচেতন
ভাৰতীয় নাৰীসকলেও ক্ৰমে নিজস্ব কণ্ঠস্বৰ গঢ়ি তুলিছিল৷ ঊনবিংশ আৰু বিংশ শতিকাত নাৰী-শিক্ষা,
বিধৱা-পুনৰ্বিবাহ, বাল্যবিবাহৰ বিৰোধিতা, ৰাজহুৱা জীৱনত নাৰীৰ অংশগ্ৰহণ আৰু পৰৱৰ্তী
সময়ত ভোটাধিকাৰ তথা ৰাজনৈতিক অধিকাৰৰ দাবী ক্ৰমে শক্তিশালী হৈ উঠিছিল৷ অৰ্থাৎ, সতীদাহৰ
দৰে এক নিষ্ঠুৰ সামাজিক প্ৰথাৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰশ্নই ধীৰে ধীৰে নাৰীৰ অধিকাৰ,
শিক্ষা, আত্মমৰ্যাদা আৰু সামাজিক সমতাৰ এক বহল আন্দোলনৰ ৰূপ গ্ৰহণ কৰিছিল৷
এই সামাজিক সংস্কাৰৰ সোঁতৰ সৈতে
জাতীয়তাবাদী আন্দোলনো সংযুক্ত হৈ পৰিল আৰু অসমৰ মাটিত তাৰ এক স্বকীয় ৰূপ দেখা গ’ল৷
অসমত আধুনিক সময়লৈ নাৰীৰ মাজত গঢ়ি উঠা এই জাতীয়তাবাদী মনোভাৱৰ পূৰ্বেই ক’ব লাগিব যে
এয়োদশ শতিকাত আহোম শাসনৰ সময়ছোৱাত অসমীয়া নাৰীৰ সামাজিক স্থিতি কেনেধৰণৰ আছিল৷ অসমৰ
আহোম যুগৰ ইতিহাসত মুলা গাভৰুৰ নাম সেই প্ৰতিধ্বনিৰ অন্যতম উজ্জ্বল প্ৰকাশ৷ স্বৰ্গদেউ
চুহুংমুঙৰ সময়ত আহোম ৰাজ্য আৰু তুৰ্বক খানৰ নেতৃত্বাধীন বাহিনীৰ মাজত হোৱা সংঘৰ্ষৰ
পৰিপ্ৰেক্ষিতত ফ্ৰাচেংমুং বৰগোহাঁইৰ মৃত্যু হয় বুলি অসমীয়া ঐতিহাসিক বুৰঞ্জীত উল্লেখ
আছে৷ স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী মূলাগাভৰুৱে গৃহৰ শোকৰ মাজত নিজকে আবদ্ধ কৰি
নাৰাখি আহোম ৰাজ্যৰ সুৰক্ষাৰ বাবে যুদ্ধক্ষেত্ৰলৈ আগবাঢ়ি যোৱা কাহিনী অসমৰ লোকস্মৃতি
আৰু ইতিহাস-চেতনাত এক গভীৰ স্থান অধিকাৰ কৰি আছে৷ এই আহোম ৰমণীৰ সাহস আৰু স্বদেশপ্ৰেম
অসমৰ নাৰী-সংগ্ৰামৰ ইতিহাসত এক অনন্য প্ৰতীক৷
কিন্তু অসমৰ নাৰী-সংগ্ৰামৰ পৰিধি
সামৰিক যুদ্ধতেই সীমাবদ্ধ নাছিল৷ ঔপনিৱেশিক যুগত ব্ৰিটিছবিৰোধী জাতীয়তাবাদী আন্দোলনে
অসমৰ গাঁও-সমাজকো জোকাৰি যোৱাৰ লগে লগে অসংখ্য সাধাৰণ গৃহস্থালী জীৱনৰ নাৰী ঘৰৰ চাৰিবেৰ
অতিক্ৰম কৰি ৰাজহুৱা আন্দোলনৰ অংশীদাৰ হৈ পৰিছিল৷ তেওঁলোকৰ অধিকাংশই কোনো ৰাজকীয় পৰিয়ালৰ
পৰা অহা নাছিল, তেওঁলোক আছিল সাধাৰণ গাঁওলীয়া পৰিয়ালৰ কন্যা, পত্নী, মাতৃ, শ্ৰমিক
আৰু গৃহিণী৷ কিন্তু স্বদেশৰ স্বাধীনতাৰ আকাংক্ষাই তেওঁলোকৰ ব্যক্তিগত পৰিচয়ৰ সীমা
বহল কৰি তুলিছিল৷
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ
সময়ত কনকলতা বৰুৱাৰ আত্মত্যাগে এই চেতনাক এক অমৰ ৰূপ প্ৰদান কৰে৷ গহপুৰৰ এগৰাকী কিশোৰী
হিচাপে তেওঁ মৃত্যুবাহিনীৰ সৈতে জড়িত হৈ জাতীয় পতাকা লৈ গহপুৰ থানালৈ আগবাঢ়িছিল
আৰু ২০ ছেপ্টেম্বৰ ১৯৪২ত ব্ৰিটিছ আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল তেওঁ৷ তেওঁৰ কাহিনী কেৱল
এগৰাকী কিশোৰীৰ আত্মত্যাগৰ কাহিনী নহয়; ই অসমৰ সাধাৰণ পৰিয়ালৰ এগৰাকী নাৰীয়ে কেনেকৈ
জাতীয় আন্দোলনৰ বৃহৎ ইতিহাসৰ কেন্দ্ৰলৈ আহি থিয় দিছিল, তাৰ এক জীৱন্ত প্ৰতিচ্ছবি৷
নগাঁও জিলাৰ ভোগেশ্বৰী ফুকননীয়েও
ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৰহমপুৰ অঞ্চলত সংগঠক আৰু নেতৃত্বদায়ী ভূমিকা গ্ৰহণ কৰিছিল৷
১৯৪২ চনৰ ছেপ্টেম্বৰ মাহত জাতীয় পতাকাৰ সন্মান ৰক্ষাৰ প্ৰচেষ্টাত তেওঁ আৰক্ষীৰ গুলীত
আহত হয় আৰু কিছুদিন পিছতেই তেওঁ মৃত্যুবৰণ কৰে৷ তিলেশ্বৰী বৰুৱাই ঢেকিয়াজুলি অঞ্চলত
ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত হৈ জাতীয় পতাকা উত্তোলনৰ প্ৰচেষ্টাত অংশগ্ৰহণ কৰিছিল
আৰু আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল৷ লীলা নেওগৰ দৰে নাৰীসকলেও লখিমপুৰ অঞ্চলত জাতীয় আন্দোলনৰ
সৈতে জড়িত হৈ অসমৰ স্বাধীনতা সংগ্ৰামত নাৰীৰ সক্ৰিয় উপস্থিতি প্ৰতিপন্ন কৰিছিল৷
আকৌ চাহ-বাগিচাৰ শ্ৰমিক সমাজৰ
মাজতো এই সংগ্ৰামী চেতনা প্ৰৱেশ কৰিছিল৷ মাংৰী ওৰাং, যাক মালতী মেম নামেৰে স্মৰণ কৰা
হয়, চাহ-বাগিচাৰ শ্ৰমিক সমাজৰ মাজত জাতীয়তাবাদী আন্দোলনৰ সৈতে জড়িত এগৰাকী উল্লেখযোগ্য
নাৰী আছিল৷ তেওঁৰ জীৱনে দেখুৱাই দিয়ে যে স্বাধীনতাৰ আন্দোলন কেৱল শিক্ষিত নগৰীয়া
সমাজৰ মাজতে সীমাবদ্ধ নাছিল; চাহ-বাগিচাৰ শ্ৰমিক নাৰীৰ জীৱনতো স্বাধীনতাৰ আকাংক্ষা
আৰু ব্ৰিটিছবিৰোধী চেতনা গভীৰভাৱে প্ৰোথিত হৈছিল৷ গোলাঘাটৰ দাৰিকী দাসী বৰুৱাই আইন
অমান্য আন্দোলনত অংশগ্ৰহণ কৰি গ্ৰেপ্তাৰৰ সন্মুখীন হৈছিল৷ চৰকাৰে আগবঢ়োৱা জামিনৰ সুবিধা
গ্ৰহণ নকৰি তেওঁ নিজৰ সংগ্ৰামী স্থিতিৰ দৃঢ়তা প্ৰকাশ কৰিছিল বুলি তেওঁৰ জীৱনক কেন্দ্ৰ
কৰি থকা বৰ্ণনাত উল্লেখ পোৱা যায়৷
এই সময়ৰ আন বহু সাধাৰণ নাৰীৰ
জীৱনো একেই ধৰণৰ ত্যাগ আৰু প্ৰতিকূলতাৰ মাজেৰে আগবাঢ়িছিল৷ গোলাঘাট জিলাৰ বেঙেনাখোৱাৰ
আৰতি খেৰিয়া আছিল এগৰাকী জনপ্ৰিয়, বুদ্ধিমতী, কঠোৰ পৰিশ্ৰমী আৰু ধৰ্মপৰায়ণা নাৰী;
জীৱনৰ বিভিন্ন প্ৰতিকূলতা অতিক্ৰম কৰি তেওঁ ব্ৰিটিছবিৰোধী সংগ্ৰামৰ সৈতে জড়িত হৈছিল৷
নুমলীগড় চাহ বাগিচাৰ ওচৰৰ অঞ্চলৰ বিদ্যাৱতী বৈষ্ণৱীয়েও স্বাধীনতা সংগ্ৰামৰ প্ৰতি
নিজৰ জীৱন উৎসৰ্গা কৰা নাৰীসকলৰ ভিতৰত স্থান লাভ কৰে৷ এই নাৰীসকলৰ জীৱনলৈ চালে স্পষ্ট
হয় যে স্বাধীনতা সংগ্ৰামৰ বৃহৎ ইতিহাসৰ ভিতৰত গাঁও-সমাজৰ সৰু সৰু গৃহস্থালী জীৱনবোৰো
একোখন গুৰুত্বপূৰ্ণ ইতিহাসৰ পৃষ্ঠাত পৰিণত হৈছিল৷
অসমৰ নাৰী-সংগ্ৰামৰ ইতিহাসত
চন্দ্ৰপ্ৰভা শইকীয়াৰ অৱদান অৱশ্যে এক বিশেষ তাৎপৰ্য বহন কৰে, কাৰণ তেওঁৰ সংগ্ৰামৰ
মূল ৰণক্ষেত্ৰ আছিল সমাজৰ ভিতৰখন৷ সাধাৰণ গাঁওলীয়া পৰিৱেশত জন্মগ্ৰহণ কৰি সাধাৰণ বিদ্যালয়ত
শিক্ষাগ্ৰহণ কৰা চন্দ্ৰপ্ৰভাৰ মনত অতি কম বয়সৰ পৰাই সমাজত বিদ্যমান বৈষম্য, জাতিভেদ,
অস্পৃশ্যতা, বাল্যবিবাহ আৰু নাৰীৰ প্ৰতি থকা অন্যায়ৰ প্ৰতি গভীৰ সংবেদনশীলতা গঢ় লৈ
উঠিছিল৷ সমাজৰ প্ৰচলিত অন্যায়ক তেওঁ স্বাভাৱিক বুলি মানি লোৱাৰ পৰিৱৰ্তে সেইবোৰক প্ৰশ্ন
কৰাৰ সাহস অৰ্জন কৰিছিল৷
তেওঁৰ ব্যক্তিগত জীৱনো এই সামাজিক
সংগ্ৰামৰ পৰা বিচ্ছিন্ন নাছিল৷ দণ্ডিনাথ কলিতাৰ সৈতে তেওঁৰ সম্পৰ্ক সামাজিকভাৱে বহু
বাধা-বিঘিনিৰ সন্মুখীন হৈছিল৷ তেওঁলোকৰ সম্পৰ্কক গন্ধৰ্ব বিবাহৰ সৈতে জড়িত বুলি বৰ্ণনা
কৰা হয়, কিন্তু ই সামাজিকভাৱে প্ৰচলিত আনুষ্ঠানিক বিবাহৰ স্বীকৃতি লাভ কৰা নাছিল৷
পৰৱৰ্তী সময়ত চন্দ্ৰপ্ৰভাই সামাজিক তিৰস্কাৰ আৰু প্ৰতিকূলতাৰ মাজতো নিজৰ সন্তানৰ দায়িত্ব
নিজেই গ্ৰহণ কৰিছিল৷ সমাজৰ নিন্দা বা ৰক্ষণশীল মানসিকতাই তেওঁক পিছলৈ ঠেলি দিব নোৱাৰিলে;
বৰং সন্তানক নিজৰ মৰম, শিক্ষা আৰু যত্নেৰে ডাঙৰ-দীঘল কৰি সমাজত প্ৰতিষ্ঠিত কৰাৰ প্ৰচেষ্টাই
তেওঁৰ অসাধাৰণ মানসিক দৃঢ়তাৰ পৰিচয় দাঙি ধৰিছিল৷ ব্যক্তিগত জীৱনৰ এই অভিজ্ঞতাই তেওঁৰ
সামাজিক চেতনাক আৰু গভীৰ কৰি তুলিছিল৷ নাৰী-শিক্ষাৰ প্ৰসাৰ, বাল্যবিবাহৰ বিৰোধিতা,
বহুবিবাহৰ বিৰুদ্ধে মত প্ৰকাশ, জাতিভেদ আৰু অস্পৃশ্যতাৰ প্ৰতিবাদ আৰু নাৰীৰ সামাজিক
অধিকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ ক্ৰমে সক্ৰিয় হৈ উঠিছিল৷ ১৯২১ চনৰ অসহযোগ আন্দোলনৰ সৈতে
তেওঁৰ সংপৃক্ততা আৰু ১৯২৬ চনত অসম প্ৰাদেশিক মহিলা সমিতিৰ গঠনত তেওঁৰ ভূমিকা অসমৰ নাৰী-আন্দোলনৰ
ইতিহাসত বিশেষ গুৰুত্ব বহন কৰে৷১৯৩৪ চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণৰ সময়ত চন্দ্ৰপ্ৰভা
শইকীয়াই জাতিভেদ আৰু অস্পৃশ্যতাৰ দৰে সামাজিক সমস্যাৰ বিষয়ে তেওঁৰ সন্মুখত নিজৰ মত
প্ৰকাশ কৰিছিল৷ কীৰ্তনঘৰ আৰু সামাজিক-ধৰ্মীয় পৰিসৰত জাতি আৰু লিংগৰ ভিত্তিত সৃষ্টি
কৰা বাধাৰ বিৰুদ্ধে তেওঁৰ প্ৰতিবাদে তেওঁৰ সংগ্ৰামক এক নতুন মাত্ৰা প্ৰদান কৰিছিল৷
তেওঁৰ বাবে স্বাধীনতা কেৱল বিদেশী শাসকৰ পৰা দেশক মুক্ত কৰাৰ নাম নাছিল, সমাজৰ ভিতৰত
গঢ় লৈ উঠা বৈষম্য, অন্ধ পৰম্পৰা আৰু নাৰীৰ ওপৰত আৰোপিত অ-সম অধিকাৰৰ পৰাও মুক্তি লাভ
কৰাটো স্বাধীনতাৰ এক অবিচ্ছেদ্য অংশ আছিল৷
সেই অৰ্থত চন্দ্ৰপ্ৰভা শইকীয়াৰ
সংগ্ৰাম আছিল ৰণক্ষেত্ৰৰ এক বেলেগ ৰূপ—তেওঁৰ অস্ত্ৰ আছিল শিক্ষা, যুক্তি, সংগঠন, আত্মবিশ্বাস
আৰু প্ৰতিবাদী কণ্ঠ৷ কনকলতা বৰুৱাৰ হাতত যিদৰে জাতীয় পতাকা আছিল,
লক্ষ্মীবাইৰ হাতত যিদৰে সামৰিক নেতৃত্ব আছিল, চন্দ্ৰপ্ৰভাৰ হাতত তেনেদৰে আছিল সমাজ-পৰিৱৰ্তনৰ
সংকল্প৷ এই সকলো ৰূপৰ অন্তৰালত আছিল একে মৌলিক শক্তি—নিজৰ সময়ে নিৰ্ধাৰণ কৰি দিয়া
সীমাৰেখাক অতিক্ৰম কৰি নাৰীৰ নিজৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে থিয় দিয়াৰ সাহস৷
অসমৰ এই সংগ্ৰামী নাৰী-ঐতিহ্য
আধুনিক সময়তো থমকি ৰোৱা নাই, বৰং ৰণক্ষেত্ৰৰ অৰ্থই নতুন ৰূপ লাভ কৰিছে৷ বীৰুৱালা ৰাভাৰ
জীৱন সেই নতুন সামাজিক ৰণক্ষেত্ৰৰ এক উজ্জ্বল উদাহৰণ৷ অসমৰ
গোৱালপাৰা জিলাৰ থকুৰভিলা গাঁৱৰ এক সাধাৰণ গ্ৰাম্য পৰিৱেশৰ পৰা উঠি অহা বীৰবালা ৰাভাই
অন্ধবিশ্বাস আৰু ডাইনী-অভিযোগৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম কৰিছিল৷ নিজৰ সন্তানৰ অসুস্থতাৰ
সৈতে জড়িত এক অভিজ্ঞতাৰ পৰা অন্ধবিশ্বাসৰ ভয়ংকৰ ৰূপ উপলব্ধি কৰাৰ পিছত তেওঁ গাঁও-গাঁও
ঘূৰি মানুহৰ মাজত সচেতনতা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ থকুৰভিলা মহিলা সমিতিৰ সৈতে
কাম কৰাৰ লগতে পৰৱৰ্তী সময়ত ‘Mission Birubala’ গঢ়ি তুলি ডাইনী-অভিযোগৰ বলি হোৱা
নাৰীসকলৰ সুৰক্ষা, সচেতনতা আৰু সামাজিক মৰ্যাদা পুনৰুদ্ধাৰৰ বাবে সংগ্ৰাম কৰে৷ এই সংগ্ৰামো
কোনো তৰোৱালৰ ৰণ নাছিল, ই আছিল অন্ধবিশ্বাস, সামাজিক কলংক আৰু পিতৃতান্ত্ৰিক হিংসাৰ
বিৰুদ্ধে যুক্তি, সাহস আৰু মানৱীয়তাৰ ৰণ৷ তেওঁৰ নিৰলস প্ৰচেষ্টাই ২০১৫ চনৰ অসম ডাইনী-হত্যা
(নিষেধ, প্ৰতিৰোধ আৰু সুৰক্ষা) আইন প্ৰণয়নৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে
আৰু ২০২১ চনত তেওঁ পদ্মশ্ৰী সন্মানেৰে সন্মানিত হয়৷
এইখিনিতে বীৰবালা ৰাভাৰ কাহিনী
চন্দ্ৰপ্ৰভা শইকীয়াৰ সংগ্ৰামৰ সৈতে এক গভীৰ ঐতিহাসিক সেতু গঢ়ি তোলে৷ এগৰাকীয়ে জাতিভেদ,
অস্পৃশ্যতা, বাল্যবিবাহ আৰু নাৰীৰ সামাজিক অৱদমনৰ বিৰুদ্ধে কণ্ঠ তুলিছিল; আনগৰাকীয়ে
অন্ধবিশ্বাসৰ নামত নাৰীক ‘ডাইনী’ সজাই সামাজিকভাৱে নিগৃহীত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ
কৰিছিল৷ দুয়োগৰাকীৰ সময় পৃথক, সমস্যাৰ ৰূপ পৃথক, কিন্তু সংগ্ৰামৰ অন্তঃসুৰ একে—নাৰীক
নিৰ্ধাৰিত সামাজিক পৰিসৰৰ ভিতৰত নীৰৱ কৰি ৰখাৰ বিৰুদ্ধে নিজৰ কণ্ঠস্বৰ প্ৰতিষ্ঠা কৰা৷
সেয়েহে অসমৰ নাৰী-সংগ্ৰামৰ ধাৰাটো কেৱল স্বাধীনতাৰ ৰণক্ষেত্ৰত শেষ হোৱা ইতিহাস নহয়;
ই সমাজৰ প্ৰতিটো অন্যায়, অন্ধবিশ্বাস আৰু বৈষম্যৰ বিৰুদ্ধে সময়ে সময়ে নতুন ৰূপত
জাগি উঠা এক অবিৰাম প্ৰতিবাদী চেতনা৷ বীৰবালা ৰাভাৰ এই সংগ্ৰামৰ তথ্যসমূহ চৰকাৰী
Tribal Affairs repository-তো নথিভুক্ত আছে৷
অসমৰ মাটিত নাৰীৰ এই সংগ্ৰামী
চেতনাই যিদৰে গৃহস্থালীৰ সীমা অতিক্ৰম কৰি জাতীয় আন্দোলন আৰু সমাজ-সংস্কাৰৰ বৃহত্তৰ
ক্ষেত্ৰলৈ প্ৰৱেশ কৰিছিল, একেই ঐতিহাসিক প্ৰক্ৰিয়াৰ অধিক বিস্তৃত প্ৰতিধ্বনি আধুনিক
বিশ্বৰ বিভিন্ন সমাজতো পৰিলক্ষিত হয়৷ অৱশ্যে প্ৰতিটো সমাজৰ সামাজিক গঠন, ৰাজনৈতিক
পৰিস্থিতি আৰু নাৰীৰ ওপৰত আৰোপিত সীমাবদ্ধতা একে নাছিল; সেয়েহে বিশ্ব ইতিহাসত নাৰীৰ
সংগ্ৰামী যাত্ৰাও একে পথেদি আগবাঢ়া নাই৷ ক’ৰবাত সেই সংগ্ৰামৰ জন্ম হৈছিল ৰাজনৈতিক
অধিকাৰৰ দাবীত, ক’ৰবাত অৰ্থনৈতিক সমতাৰ প্ৰশ্নত, ক’ৰবাত দাসত্ব আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে,
আৰু ক’ৰবাত আকৌ ৰাষ্ট্ৰীয় স্বৈৰাচাৰৰ বিৰুদ্ধে৷ কিন্তু এই ভিন্ন ভিন্ন পথৰ অন্তৰালত
একেই আকাংক্ষা ধ্বনিত হৈছিল—নাৰীক কেৱল গৃহৰ পৰিসৰত আবদ্ধ কৰি ৰখা সামাজিক ধাৰণাৰ বিৰুদ্ধে
নিজৰ স্বতন্ত্ৰ অস্তিত্ব আৰু অধিকাৰ প্ৰতিষ্ঠা কৰা৷
এই চেতনাৰ এক গুৰুত্বপূৰ্ণ আধুনিক
প্ৰকাশ দেখা যায় অষ্টাদশ শতিকাৰ ফৰাচী বিপ্লৱৰ সময়ত৷ ১৭৮৯ চনৰ ফৰাচী বিপ্লৱে ‘স্বাধীনতা,
সমতা আৰু ভ্ৰাতৃত্ব’ৰ আদৰ্শে ইউৰোপীয় ৰাজনীতিৰ ভেটি কঁপাই দিয়াৰ সময়তে নাৰীসকলেও
প্ৰশ্ন তুলিবলৈ আৰম্ভ কৰিলে—যদি স্বাধীনতা আৰু সমতাৰ অধিকাৰ সাৰ্বজনীন হয়, তেন্তে
তাৰ পৰিসৰৰ পৰা নাৰী কিয় বাদ পৰিব? পেৰিছৰ সাধাৰণ শ্ৰমিক আৰু নিম্নবিত্ত নাৰীসকলে
খাদ্যৰ মূল্যবৃদ্ধি, ৰুটিৰ অভাৱ আৰু জীৱন-জীৱিকাৰ সংকটৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল৷
১৭৮৯ চনৰ অক্টোবৰ মাহৰ Women’s March on Versailles-এ এই নাৰী-অংশগ্ৰহণক এক ঐতিহাসিক
ৰূপ প্ৰদান কৰে৷ হাজাৰ হাজাৰ নাৰীয়ে পেৰিছৰ পৰা ভাৰ্ছাইলৈ পদযাত্ৰা কৰি খাদ্যৰ দাবী
উত্থাপন কৰিছিল আৰু ৰাজনৈতিক ক্ষমতাৰ কেন্দ্ৰক প্ৰত্যক্ষভাৱে প্ৰত্যাহ্বান জনাইছিল৷
ইয়াৰ সমান্তৰালভাৱে শিক্ষিত
আৰু তুলনামূলকভাৱে সুবিধাপ্ৰাপ্ত মহিলাসকলেও বিপ্লৱৰ বৌদ্ধিক পৰিৱেশত নিজৰ স্থান নিৰ্মাণ
কৰিবলৈ চেষ্টা কৰিছিল৷ পেৰিছৰ "Salons" সমূহ আছিল এনে এক সামাজিক-বৌদ্ধিক
পৰিসৰ, য’ত শিক্ষিত মহিলা পৃষ্ঠপোষকসকলে দাৰ্শনিক, সাহিত্যিক আৰু ৰাজনৈতিক চিন্তাবিদসকলৰ
সৈতে আলোচনা-বিতৰ্কৰ এক পৰিৱেশ সৃষ্টি কৰিছিল৷ অৱশ্যে এই "Salons"কেই বিপ্লৱৰ
মূল কাৰণ বুলি কোৱা ঠিক নহয়; কিন্তু ইউৰোপীয় নৱজাগৰণৰ বৌদ্ধিক সোঁত আৰু বিপ্লৱী ৰাজনৈতিক
চিন্তাৰ বিস্তাৰত এই পৰিসৰসমূহে এক গুৰুত্বপূৰ্ণ সামাজিক ভূমিকা পালন কৰিছিল৷
ফৰাচী বিপ্লৱৰ এই উত্তাল পৰিৱেশতেই
Olympe de Gouges ৰ দৰে নাৰীয়ে পুৰুষকেন্দ্ৰিক "Declaration of the Rights
of Man and of the Citizen" ৰ সীমাবদ্ধতাক প্ৰশ্ন কৰি ১৭৯১ চনত
"Declaration of the Rights of Woman and of the Female Citizen" প্ৰকাশ
কৰিছিল৷ আনহাতে Mary Wollstonecraft এ ১৭৯২ চনত "A Vindication of the Rights
of Woman" ৰচনা কৰি যুক্তি আগবঢ়াইছিল যে নাৰীক স্বাভাৱিকভাৱে দুৰ্বল বা কেৱল
আবেগপ্ৰবণ বুলি গণ্য কৰাটো কোনো জৈৱিক সত্য নহয়; শিক্ষাৰ পৰা বঞ্চিত কৰাৰ ফলতেই নাৰীৰ
সামাজিক অৱস্থান দুৰ্বল হৈ থাকে৷ এইদৰে বিপ্লৱৰ ৰাজনৈতিক উত্তালতা ক্ৰমে নাৰীৰ অধিকাৰ
আৰু সমতাৰ এক সুসংবদ্ধ বৌদ্ধিক দাবীলৈ ৰূপান্তৰিত হ’বলৈ ধৰিলে৷
কিন্তু ফৰাচী বিপ্লৱৰ অভিজ্ঞতাই
এটা গভীৰ বৈপৰীত্যও প্ৰকাশ কৰিলে৷ যি বিপ্লৱে ‘অধিকাৰ’ আৰু ‘সমতা’ৰ সাৰ্বজনীন ভাষা
উচ্চাৰণ কৰিছিল, সেই একে বিপ্লৱী সমাজে নাৰীক পূৰ্ণ ৰাজনৈতিক নাগৰিকত্ব প্ৰদান কৰিবলৈ
সংকোচ কৰিছে৷ অৰ্থাৎ, ৰাজনৈতিক আধুনিকতাৰ দুৱাৰ মুকলি হৈছিল যদিও সেই দুৱাৰৰ মাজেৰে
নাৰী সম্পূৰ্ণ স্বাধীনতাৰে প্ৰৱেশ কৰিব পৰা নাছিল৷ এই বৈপৰীত্যই পৰৱৰ্তী শতিকাৰ নাৰী-অধিকাৰ
আন্দোলনৰ বাবে এক শক্তিশালী বৌদ্ধিক ভিত্তি প্ৰস্তুত কৰিলে৷
উনবিংশ শতিকালৈ আহি এই বৌদ্ধিক
অসন্তোষ অধিক সংগঠিত আন্দোলনত পৰিণত হয়৷ নাৰীয়ে উপলব্ধি কৰিবলৈ আৰম্ভ কৰিলে যে কেৱল
গৃহৰ ভিতৰত ব্যক্তিগত স্বাধীনতা লাভ কৰিলেই নহ’ব; ভোটাধিকাৰ, সম্পত্তিৰ অধিকাৰ, শিক্ষা,
কৰ্মসংস্থান আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ দৰে নাগৰিক অধিকাৰো সমানেই প্ৰয়োজনীয়৷ ১৮৪৮
চনৰ "Seneca Falls Convention" এ আমেৰিকাত এই সংগ্ৰামক এক সংগঠিত ৰূপ প্ৰদান
কৰে৷ Elizabeth Cady Stanton আৰু Lucretia Mott ৰ দৰে নেত্ৰীৰ উদ্যোগত অনুষ্ঠিত এই
সন্মিলনে নাৰীৰ ভোটাধিকাৰসহ বিভিন্ন অধিকাৰৰ দাবী উত্থাপন কৰে৷ এই আন্দোলন আমেৰিকাৰ
দাসত্ববিৰোধী আন্দোলনৰ অভিজ্ঞতাৰ সৈতেও গভীৰভাৱে সংযুক্ত আছিল৷ Lucretia Mott ৰ দৰে
নাৰী abolitionist আন্দোলনৰ সৈতে জড়িত আছিল, আৰু সেই আন্দোলনৰ ভিতৰতে নাৰীয়ে নিজৰ
কথাও ক’বলৈ গৈ যে বৈষম্যৰ সন্মুখীন হৈছিল, সেয়াই নাৰী-অধিকাৰৰ পৃথক সংগ্ৰামক অধিক
শক্তিশালী কৰি তুলিছিল৷
এইখিনিতেই নাৰীৰ সংগ্ৰামৰ এটা
গুৰুত্বপূৰ্ণ পৰিৱৰ্তন লক্ষণীয় হয়৷ প্ৰথম পৰ্যায়ত যি প্ৰতিবাদ আছিল সেয়া বিচ্ছিন্ন
আৰু স্থানীয় ,কিন্তু ক্ৰমে সেয়া সংগঠন, সভা, লিখনী, সংবাদপত্ৰ আৰু ৰাজনৈতিক দাবীৰ
ৰূপ ল’বলৈ ধৰিলে৷ Elizabeth Cady Stanton, Susan B. Anthony আদি নেত্ৰীয়ে ভোটাধিকাৰৰ
দাবীক এক সুসংবদ্ধ ৰাজনৈতিক আন্দোলনত পৰিণত কৰিলে৷ ইয়াৰ লগে লগে নাৰীৰ বাবে ‘গৃহ’
আৰু ‘ৰাজহুৱা জীৱন’ৰ মাজত অকাঁ পৰম্পৰাগত সীমাৰেখাও ক্ৰমে প্ৰশ্নৰ সন্মুখীন হ’ল৷
ইয়াৰ পিছত শিল্পবিপ্লৱ আৰু
আধুনিক পুঁজিবাদী সমাজৰ উত্থানে নাৰীৰ সংগ্ৰামক আৰু এটা নতুন ক্ষেত্ৰলৈ লৈ গ’ল—শ্ৰম
আৰু অৰ্থনৈতিক অধিকাৰৰ ক্ষেত্ৰলৈ৷ কাৰখানাৰ মজুৰি, কৰ্মঘণ্টা, কৰ্মস্থলীৰ পৰিস্থিতি
আৰু সমান অধিকাৰৰ প্ৰশ্নত শ্ৰমিক নাৰীসকলেও আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলে৷
এই পৰিৱেশতেই সমাজবাদী আৰু শ্ৰমিক আন্দোলনৰ ভিতৰত নাৰীৰ অধিকাৰৰ প্ৰশ্নটোৱে নতুন ৰূপ
লাভ কৰে৷ ৰাছিয়াৰ Alexandra Kollontai-ৰ দৰে সমাজবাদী নেত্ৰীয়ে নাৰীৰ মুক্তিক কেৱল
ভোটাধিকাৰৰ মাজতে সীমাবদ্ধ নাৰাখি অৰ্থনৈতিক স্বাধীনতা, শ্ৰম, পৰিয়াল আৰু সমাজৰ গাঁথনিৰ
সৈতে সংযুক্ত কৰি চাবলৈ চেষ্টা কৰিছিল৷
ইউৰোপৰ এই বৌদ্ধিক আৰু শ্ৰমিক
আন্দোলনৰ সোঁত যেতিয়া ৰাজনৈতিক সংকটৰ সৈতে মিলিত হ’ল, তেতিয়া ৰাছিয়াত নাৰীৰ ভূমিকা
এক নতুন ঐতিহাসিক পৰ্যায়ত উপনীত হয়৷ ১৯০৫ চনৰ বিপ্লৱত ৰাছিয়াৰ স্বৈৰাচাৰী জাৰ শাসনৰ
বিৰুদ্ধে বিভিন্ন সামাজিক গোটে প্ৰতিবাদ কৰিছিল আৰু নাৰীসকলেও তাত অংশগ্ৰহণ কৰিছিল৷
অৱশেষত ১৯১৭ চনৰ ফেব্ৰুৱাৰি বিপ্লৱৰ সূচনাত পেট্ৰগ্ৰাডৰ নাৰী শ্ৰমিকসকলৰ প্ৰতিবাদে
বিশেষ তাৎপৰ্য লাভ কৰে৷ আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা খাদ্য, শান্তি আৰু জীৱন-জীৱিকাৰ
দাবীত আৰম্ভ হোৱা প্ৰতিবাদে বৃহত্তৰ গণআন্দোলনৰ ৰূপ লয় আৰু শেষত জাৰ নিকোলাছ দ্বিতীয়ৰ
শাসনৰ পতনৰ পথ মুকলি কৰে৷ ইয়াত নাৰীৰ সংগ্ৰাম আকৌ এবাৰ ব্যক্তিগত জীৱনৰ সীমা অতিক্ৰম
কৰি ৰাষ্ট্ৰীয় ৰাজনীতিৰ গতিপথ সলনি কৰা এক শক্তিলৈ পৰিণত হ’ল৷
এইদৰে উনবিংশ আৰু বিংশ শতিকাৰ
মাজভাগত নাৰীবাদী আন্দোলনে ক্ৰমে বিভিন্ন পৰ্যায় অতিক্ৰম কৰিলে৷ প্ৰথম পৰ্যায়ত ভোটাধিকাৰ,
সম্পত্তিৰ অধিকাৰ আৰু আইনী সমতাৰ দৰে নাগৰিক অধিকাৰ কেন্দ্ৰীয় বিষয় হৈ উঠিল৷ দ্বিতীয়
পৰ্যায়ত শিক্ষা আৰু কৰ্মসংস্থানৰ সুযোগৰ লগতে পৰিয়াল, বিবাহ, সামাজিক ভূমিকা আৰু
নাৰীৰ ওপৰত আৰোপিত পিতৃতান্ত্ৰিক নিয়মসমূহক প্ৰশ্ন কৰা হ’ল৷ পৰৱৰ্তী সময়ত নাৰীবাদী
চিন্তাই আৰু অধিক বৈচিত্ৰ্য লাভ কৰিলে—জাতি, শ্ৰেণী, বৰ্ণ, ঔপনিৱেশিকতা, সংস্কৃতি আৰু
বিভিন্ন সামাজিক পৰিচয়ৰ সৈতে নাৰীৰ অভিজ্ঞতা কেনেকৈ জড়িত, সেই প্ৰশ্নসমূহো আলোচনাৰ
কেন্দ্ৰলৈ আহিল৷ সেয়েহে নাৰীৰ সংগ্ৰাম কোনো এটা মুহূৰ্তত শেষ হোৱা আন্দোলন নহয়; ই
সময়ৰ সৈতে বিষয়, ভাষা আৰু কৌশল সলনি কৰি আগবাঢ়ি যোৱা এক চলমান ঐতিহাসিক প্ৰক্ৰিয়া৷
এই সমগ্ৰ বিশ্ব-ঐতিহাসিক পৰিক্ৰমাত
এটা কথা বিশেষভাৱে মন কৰিবলগীয়া যে—নাৰীৰ ওপৰত থকা বাধা কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই
নাছিল৷ ঘৰুৱা জীৱনত ‘নাৰী কোমল’, ‘নাৰী আবেগপ্ৰবণ’, ‘নাৰীৰ স্বাভাৱিক স্থান গৃহ’—এনে
ধাৰণাৰে তেওঁলোকৰ সামাজিক পৰিসৰ সংকুচিত কৰা হৈছিল৷ কিন্তু সেই সীমাবদ্ধতাৰ মাজেৰেই
নাৰীসকলে শিক্ষা লাভ কৰিলে, লিখিলে, সংগঠন গঢ়িলে, সভা কৰিলে, ৰাজপথলৈ ওলাই আহিল, কাৰখানাত
আন্দোলন কৰিলে আৰু অৱশেষত ৰাষ্ট্ৰীয় ৰাজনীতিৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰতো নিজৰ স্থান
দাবী কৰিলে৷ অৰ্থাৎ, গৃহৰ পৰা ৰাজপথলৈ ওলাই অহাটো কেৱল স্থানান্তৰ নাছিল; ই আছিল চেতনাৰ
বিস্তাৰ, অধিকাৰৰ পুনৰদাবী আৰু ইতিহাসৰ কৰ্তা হিচাপে নাৰীৰ আত্মপ্ৰতিষ্ঠা৷
এই বিশ্বজনীন পৰিৱৰ্তনৰ সোঁতত
ভাৰতীয় নাৰীও নিজস্ব ঐতিহাসিক অভিজ্ঞতা আৰু ঔপনিৱেশিক বাস্তৱতাৰ মাজেৰে আগবাঢ়িছিল৷
ঔপনিৱেশিক শাসন, সামাজিক সংস্কাৰ, জাতীয়তাবাদ আৰু নাৰী-অধিকাৰৰ প্ৰশ্ন পৰস্পৰৰ সৈতে
জড়িত হৈ ভাৰতত এক বিশেষ ধৰণৰ নাৰী-আন্দোলনৰ জন্ম দিলে৷ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে জাতীয়
মুক্তিৰ সংগ্ৰাম আৰু সমাজৰ ভিতৰত নাৰীৰ মৰ্যাদা পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম ক্ৰমে ইটোৰ
সৈতে সিটো সংযুক্ত হৈ পৰিল৷ এইখিনিৰ পৰাই ভাৰতীয় নাৰীৰ আধুনিক সংগ্ৰাম—সামাজিক সংস্কাৰৰ
পৰা জাতীয় মুক্তি, আৰু জাতীয় মুক্তিৰ পৰা নাৰী-মুক্তিৰ বৃহত্তৰ প্ৰশ্নলৈ—আৰু এটা
নতুন অধ্যায়ত প্ৰৱেশ কৰে৷
সেয়েহে নাৰীৰ ইতিহাসক কেৱল
‘গৃহিণী’ৰ ইতিহাস হিচাপেই গঢ়িবলৈ গ’লে ভাৰতীয় আৰু বিশ্ব সমাজৰ এক বৃহৎ ঐতিহাসিক বাস্তৱতা
আমাৰ দৃষ্টিৰ পৰা আঁতৰি যাব৷ বৈদিক যুগৰ জ্ঞানান্বেষী নাৰীৰ পৰা মহাকাব্যৰ প্ৰশ্নকাৰী
আৰু সাহসী নাৰী, প্ৰাচীন ভাৰতৰ ৰাজনৈতিকভাৱে সক্ৰিয় ৰাণীৰ পৰা মধ্যযুগৰ ৰণাঙ্গনৰ বীৰাঙ্গনা,
১৮৫৭ৰ বিদ্ৰোহৰ সামৰিক নেতৃত্বৰ পৰা অসমৰ আহোম আৰু ঔপনিৱেশিক যুগৰ সংগ্ৰামী নাৰী, সতীদাহ-পৰ্দা-বাল্যবিবাহ
আৰু সামাজিক বৈষম্যৰ বিৰুদ্ধে চলা সংস্কাৰমূলক সংগ্ৰামৰ পৰা বিশ্বৰ নাৰী-অধিকাৰ আন্দোলনলৈ—এই
সুদীৰ্ঘ যাত্ৰাত নাৰীৰ ভূমিকা ক্ৰমে অধিক বহুমাত্ৰিক হৈ উঠিছে৷ কেতিয়াবা ৰণক্ষেত্ৰ
আছিল মাটিৰ ওপৰত, কেতিয়াবা ৰাজসভাত, কেতিয়াবা কীৰ্তনঘৰত, কেতিয়াবা কাৰখানাত আৰু
কেতিয়াবা আকৌ নিজৰ ঘৰৰ ভিতৰতেই গঢ় লৈ উঠা পিতৃতান্ত্ৰিক বাধাৰ বিৰুদ্ধে নিজৰ জীৱনটোৱেই
হৈ পৰিছিল এক প্ৰতিবাদী ঘোষণা৷ শেষত ক’ব পাৰি যে গৃহকোণ কেতিয়াও এগৰাকী নাৰীৰ অন্তিম
পৰিচয় নহয়, সময়ৰ আহ্বানত সেই একেখন গৃহৰ পৰা ওলাই অহা নাৰীয়েই
ৰণক্ষেত্ৰ জয় কৰিছে, কেতিয়াবা স্বাধীনতাৰ পতাকা বিপুল সাহসেৰে দাঙি ধৰিছে, সামাজিক
কুসংস্কাৰৰ বিৰুদ্ধে যুক্তিৰ শিখা জ্বলাইছে আৰু সমগ্ৰ বিশ্বৰ সন্মুখত
নিজৰ অধিকাৰ আৰু সমতাৰ দাবী উত্থাপন কৰিছে৷ এই দীঘলীয়া যাত্ৰাই প্ৰমাণ কৰে যে নাৰী
ইতিহাসৰ প্ৰান্তত থিয় হৈ থকা কোনো নীৰৱ দৰ্শক নহয়; তেওঁ নিজেই ইতিহাসৰ এক সক্ৰিয়
নিৰ্মাতা৷
***
ঠিকনা :
স্নাতক পঞ্চম ষান্মাসিক
ইতিহাস বিভাগ,
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়,
যোৰহাট
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)