৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতাৰ বৰ্তমান-বৰ্তমানৰ কবিতা: ‘হাকুটি সম্ৰাট’

লেখকঃ হেমন্ত ডেকা • প্ৰকাশিতঃ ১৯ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১২৭৪ বাৰ পঢ়া হৈছে
কবিতাৰ বৰ্তমান-বৰ্তমানৰ কবিতা: ‘হাকুটি সম্ৰাট’
ডাঙৰকৈ চাওক (Zoom)

 হেমন্ত ডেকা



 

কবি ধীমান বৰ্মনৰ ‘হাকুটি সম্ৰাট’ (২০২৫)ত সন্নিৱিষ্ট কবিতাৰ সংখ্যা সীমিত৷ সৰ্বমুঠ ৩৯ টা কবিতা সন্নিৱিষ্ট হৈছে এই সংকলনটিত৷ এক স্বকীয় কাব্যভাষা আৰু কৌণিক তত্ৰাচ প্ৰসাৰিত দৃষ্টিভংগী তেওঁৰ কবিতাৰ অন্যতম বিশেষত্ব বুলি আমাৰ ধাৰণা৷ বুদ্ধিদীপ্ততাৰে ভাবৰ উন্মোচন আৰু সূক্ষ্ম শ্লেষেৰে নিজৰ অনুভূতি / বক্তব্যক তুলি ধৰাত ধীমান অতি সিদ্ধহস্ত৷ কেতিয়াবা কেতিয়াবা বিদ্ৰুপ আৰু বহু সময়ত আত্মমগ্নতাৰে কবিতাৰ বিষয়বস্তুক পাঠকৰ সমুখত তুলি ধৰিছে তেওঁ৷ কবিতা কেৱল ধীমানৰ বাবে আৱেগিক প্ৰকাশেই নহয় অনেক সময়ত কাহিনী কথনৰ অভীপ্সাত তেওঁৰ কবিতাৰ এটি অতি গুৰুত্বপূৰ্ণ দিশ বুলিব পাৰি৷

‘হাকুটি সম্ৰাট’ৰ প্ৰথম ভাগৰ কবিতাত ঘাইকৈ বিশ্বায়ন, কুটিল ৰাজনীতি, মধ্যবিত্তীয় সীমবদ্ধতা আৰু পংগু জীৱনবোধৰ প্ৰতি এক শ্লেষাত্মক ভংগীমা সুলভ৷ ‘তৃতীয় বিশ্বৰ কবিতা’ শীৰ্ষক প্ৰথমটো কবিতাত কৈছে – “মই কথক নহয় পাঠক/ মই এখনি জিভাহে/ যদিও মই এখনি জিভা/ মূলতঃ মই এটি আলি/ তৃতীয় বিশ্বৰ জীনতাৰ৷” ৰাজনৈতিক গণ্ডীত আবদ্ধ শ্ৰেণীচেতনাই কবিক নিজৰ অৱস্থিতিৰ সম্পৰ্কে সচেতন কৰি তুলিছে৷ গণতন্ত্ৰৰ নাগৰিক বুলি চিনাকি দিলেও আওপকীয়াকৈ আমি এতিয়া পুঁজিতন্ত্ৰৰ পদানত, সেই কথাত কবিৰ কোনো দ্বিধা নাই৷ কিন্তু নিজৰ এই স্থিতিৰ প্ৰতি এক বিদ্ৰুপাত্মক দৃষ্টি প্ৰকাশ পাইছে তেওঁৰ দ্বিতীয়টো কবিতা ‘কেপিটেলিষ্ট গাৰ্লফ্ৰেণ্ড’ত – “আমি দেখিছোঁ মাথোঁ / আমাৰেই তেজৰ বোলৰ দলিচাত / আমাৰ বেয়া দিনৰ বোলৰ/তেওঁৰ কিচকিচিয়া জোতা/ তেওঁৰ প্ৰতিটো বেত্ৰাঘাতত/ তেওঁক দিছো ধন্যবাদ / আৰু কৈছো/ আৰু এটা / মহাশয়া; আৰু এটা৷ “এইখিনিতে ধীমানৰ শব্দচয়নৰ এটি দিশ মনকৰিবলগীয়া৷ ‘চিকচিকিয়া’ৰ পৰিৱৰ্তে জোতাৰ বোল ‘কিচকিচিয়া’ বুলিহে কৈছে৷ শোষণ আৰু নিপীড়ন কথা গাঢ়তৰ কৰি তোলাত এনে প্ৰকৃতিৰ শব্দ নিৰ্বাচনে ধীমানৰ প্ৰায় সংখ্যক কবিতাতে ওৰা পাতিছে৷ তেওঁৰ আন এটি কবিতা ‘চৰায়ে ফুলে পাতে’ত সাম্প্ৰতিক জীৱন সম্পৰ্কে কৈছে- “ময়ো এজন মানুহ / অলপ আগতে এজন মানুহে / যাৰ পিঠিত কৰি গৈছে চুৰিকাঘাত/ মোৰ ঘৰ ভঙা হৈছে/ মোহাৰি পেলোৱা হৈছে/ পদূলিমুখৰ ফুল৷” উচ্ছেদিত-নিপীড়িত মানুহৰ যন্ত্ৰণাবোধেৰে কবিতাটি তেনেই সিক্ত৷

ধীমান বৰ্মনৰ কবিতাত আবেগৰ প্ৰকাশ আৰু নৈৰ্ব্যক্তিকতাৰে বিষয়ক পৰ্যৱেক্ষণ কৰিব পৰা সক্ষমতাও মনকৰিবলগীয়া বিশেষত্ব৷ যেনে চাওক – “তাৰ পাছত কথকে ভুকিলে/ জলাতংকৰ বীজ হৈ শব্দবোৰে বিচাৰি ফুৰিলে / অধুনালু্প্ত সমজুৱা জীৱন / আৰু এদিন মিছাৰ মায়ালৈ / তেওঁ চিৰি বগাই নামিল/ সম্ভ্ৰান্ত বজাৰ এখনৰ পৰা/ ছাণ্টা হৈ য’ত নাচি আছিল / আমাৰ তিনি ৰাতিৰ লঘোনীয়া দেউতা৷” শ্লেষাত্মক ভাষা আৰু প্ৰকাশ শৈলীৰ এয়া বাঙ্ময় প্ৰকাশ মাথোন৷

মনকৰিবলগীয়া এয়ে যে, তৃতীয় বিশ্বৰ নিৰ্যাতিত নাগৰিক হৈও ধীমান আশাহত নহয়৷ অনেক কবিৰ দৰে তেওঁৰ কবিতাত কেৱল নষ্টালজিয়া বা দুখ-বেদনাৰ হা-হুতাশ নাই৷ কবি আশাবাদী, পৰিৱৰ্তন হ’বই৷ সেয়েহে ‘ডায়েৰী অব মেছাচিষ্ট’ শীৰ্ষক কবিতাত তেওঁ ঘোষণা কৰিছে – “তথাপি তেওঁ আহিব/ ভগনীয়া জনতাৰ আৰ্ত্তি সামৰি/ তেওঁ আহিব/ দেশহীন নাগৰিকৰ বাবে/ বিচাৰি বিচাৰি এমুঠি ভাগৰ জুৰোৱা মাটি/ আৰু চকুলোৰে তেওঁৰ পদযুগলৰ ক্লান্তি ধুই দিবলৈকেই / আমি জী থাকিব লাগিব / বান্ধোনৰ এই বসন্তত৷” কবিৰ এই আশাবাদ আকাশ কুসুম নহয়, জীৰ্ণ-দীনতাৰ দৈনন্দিন অভিজ্ঞতাৰ পৰা বুটলি অনা সপোনৰ সুৱাগুৰিহে৷

‘হাকুটি সম্ৰাট’ৰ অন্তৰ্গত আন এটি কবিতা ‘উচৱৰ দিনৰ পদ্য’ত শাসকবৰ্গই জনতাক মোহাচ্ছন্ন কৰি ৰাখিবৰ বাবে আয়োজন কৰা অলেখ উৎসৱৰ প্ৰতি শ্লেষাত্মক ভাষাৰে কটাক্ষ কৰা হৈছে৷ মধ্যবিত্তীয় বাসনা আৰু সীমাবদ্ধতাৰ অনুভৱ এই কবিতাটিতো সুলভ৷ কবিতাক কেৱল ৰোমাণ্টিকতাৰে আচ্ছন্ন ভাবৰ প্ৰকাশৰ মাজত সীমাবদ্ধ ৰখাৰ বাবে কবিৰ আগ্ৰহ নাই৷ দুই-চাৰি কবিতাৰ মাজত কবিৰ ব্যক্তিগত অনুভূতি বা ৰোমাণ্টিকতাৰ ভাব থাকিলেও ধীমান সমাজৰ প্ৰতিনিয়ত পৰিস্থিতিৰ প্ৰতিও সজাগ৷ সংকলনখনিৰ আৰম্ভনিৰ কবিতাবোৰৰ মাজত সামাজিক সংবেদনশীলতা আৰু ইয়াৰ বিপৰীতে কবিৰ প্ৰতিক্ৰিয়া মনকৰিবলগীয়া বিষয়৷

আলোচ্য সংকলনখনিৰ আন কেইটিমান কবিতা – মেছাচিষ্ট, ডাকোৱাল বৰষুণ, স্বপ্নৰ প্ৰেয়সী, নীতা আম্বানী, বজাৰত, চিলা ভালপোৱা, দেবেন মাষ্টৰ, কবিতাৰ বাবে এটা কবিতা, কল্পনাৰ জলঙাৰে, আন্ধাৰতকৈ আন্ধাৰ ভাল আদি কবিতাই পাঠকক চুই যাবলৈ সক্ষম৷ স্বকীয় কাব্যভাষা আৰু শব্দচয়ন তথা বয়নশৈলীৰে কবিতাক আোন কৰি ল’বলৈ সক্ষম হোৱা কবি ধীমানৰ এইলানি কবিতাইও নিঃসন্দেহে পঢ়ুৱৈৰ অনুভূতি তথা চিন্তা-চেতনাক স্পৰ্শ কৰিবলৈ সক্ষম হ’ব বুলি আমাৰ বিশ্বাস৷ অৱশ্যে দীৰ্ঘ কাব্য পৰিক্ৰমাত কবিয়ে নিত্য-নতুন কাব্যভাষা আৰু শৈলীৰ সন্ধান কৰাটোও নিশ্চয় স্বস্তিকৰ বিষয় হ’ব৷ ধীমান বৰ্মনেও আশাকৰোঁ এই দিশত নজৰ ৰাখিব আৰু অনাগত দিনতো ‘হাকুটি সম্ৰাট’ৰ দৰেই সমৃদ্ধ তথা ভিন্নস্বাদৰ কবিতা আমাক উপহাৰ দিবলৈ সক্ষম হ’ব৷                                                                                                                          

লেখকৰ ঠিকনা:

সহযোগী অধ্যাপক

বি. এইচ. কলেজ

হাউলী

হ
লেখকৰ পৰিচয়

হেমন্ত ডেকা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)