বেৰত এখন ধুনীয়া ছবি
প্ৰকৃতিক গভীৰভাৱে ভাল পোৱা কোনোবা চিত্ৰকৰে
অঁকা
মই সদায় সোমাই যাওঁ ছবিৰ গভীৰলৈ
তাত দেখোঁ
যাদৱ পায়েঙৰ মুলাই কাঠনি
নামবৰ হাবি
কাজিৰঙাৰ অৰণ্য
দিহিং পাটকাই
গিবন, ডিব্ৰু ছৈখোৱা
আৰু অনেক...
কেইটামান দিনৰ বাবে সলালো পৰিকল্পনা
যাত্ৰা আৰম্ভ
বিন্দুৰপৰা সিন্ধুলৈ
সুমেৰু কি কুমেৰু
সূৰ্য উঠাৰপৰা বুৰ যোৱালৈকে
খৰচি মাৰি
আকৌ উভতি আহিলোঁ
ছবিখনলৈ
এইবাৰ অস্থিৰ চঞ্চল মন
মুলাই কাঠনি জ্বলি ছাই হোৱা উদ্ভট খবৰ
অমায়িক জন্তু
ক’ৰবাত এহাত-দুহাতকৈ বেদখল মাটি
ঘূৰি আহিব নোৱৰা হ’লো
এই ছবি সামৰি-সুথৰি
যেন, ক’ৰবাত পুৰি মৰিছো অজ্ঞাতে
***
ফোনঃ ৮৪৮৬৭৭৩২০২
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)