৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিদূৰণ

লেখকঃ ৰঞ্জুমণি মহন্ত • প্ৰকাশিতঃ ২৪ ছেপ্টেম্বৰ, ২০২৬
১ মিনিট পঠন • ১৩৮৪ বাৰ পঢ়া হৈছে

 ৰঞ্জুমণি মহন্ত

​কতবাৰ যে

হাতত হাত থলোঁ

ওঁঠত ওঁঠ

​নাম দিলোঁ-

ভাল, বেয়া

উমাল কিম্বা শীতল

বুকুত কঢ়িয়ালোঁ

তৃষ্ণাৰ্ত চাতকৰ ব্যাকুলতা

এধানি স্পৰ্শৰ বাবে

অলপ মমতা

নতুবা অলপ প্ৰেম

সাঁচি থ’লোঁ-

​সোঁৱৰণিৰ বৰপেৰাত

স্পৰ্শৰ বহু ডুখৰীয়া স্মৃতি

অথচ,

সকলো আছিল মাথোঁ ভ্ৰম

ব্ৰহ্মাণ্ডৰ মায়াই

মুহি ৰাখিছে আমাৰ মন

​প্ৰতিহত কৰাকেই

আমি ‘স্পৰ্শ’ বুলি ভুল কৰিলোঁ

​আচলতে,

স্পৰ্শবোৰ কোনোকালেই স্পৰ্শ নাছিল

সেয়া আছিল মাথোঁ 

বিদূৰণ

ৰ
লেখকৰ পৰিচয়

ৰঞ্জুমণি মহন্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)