৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মাটিৰ গান

লেখকঃ শিখা গোস্বামী মহন্ত • প্ৰকাশিতঃ ৩১ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ৬০২ বাৰ পঢ়া হৈছে

শিখা গোস্বামী মহন্ত


 

বতাহৰ ঢৌ লাগি 

জান-অজান মুগ্ধতাই

আঁজুৰি সজাইছে

আঁৰবেৰৰ ৰূপৰেখা

 

হাত সেমেকাই তোলা

মোৰ মাটিৰ কথা

 

কৈ থাকিব মই নেজানো

কি ভাবোঁ, কি বুজোঁ আৰু

কঢ়িয়াই সুখী হওঁ কি!

আৱেগত উথলি ফেঁকুৰিব নোৱাৰাৰ বেথাত

হুঁটা হোৱা মাত-কথাৰ অলেখ কাহিনী

 

তোমাৰ মুখত শুন নুশুনকৈ

প্ৰিয় কবিতা দুশাৰী...

 

কাঁচিজোনটো বাঢ়ি বাঢ়ি আহি থকাৰ দৰেই

এই পূৰ্ণতা...

 

মাটিৰ পৰিসৰ, দীৰ্ঘতা আৰু পৰিসীমাৰ 

কথা মোক নুসুধিবা

মাটি বুলিলেই সেমেকাই যোৱা এখিনি উচ্ছ্বাস 

ৰূপকথাৰ নহয়, চুই চাব পৰা জীপাল

নাঙলৰ সিৰলুৱে আঁকে সুবাসিত সপোন 

 

দুৱাৰ-খিৰিকী খুলি দিলেই  আহল-বহল 

বিধে বিধে সেউজীয়া 

দুপাখি মেলি উৰা চৰাইৰ সৰগ হেন

সাৰুৱা,পলসুৱা আৰু উৰ্বৰতাৰ 

কথাৰে মোৰ সীমাৱদ্ধ উপলব্ধি...

***


ম’বাইল - ৮৬৩৮৩১৪২০৮

 


শ
লেখকৰ পৰিচয়

শিখা গোস্বামী মহন্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)