৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মৃত্যু-আকাংক্ষা

লেখকঃ সূতপুত্ৰ ৰাধেয় • প্ৰকাশিতঃ ৩১ আগষ্ট, ২০২৬
১ মিনিট পঠন • ৪০৫ বাৰ পঢ়া হৈছে

 সূতপুত্ৰ ৰাধেয়

কস্তুৰী কাঁচি জোনবোৰৰ মেলা বহিছে

এটেকামাৰ ডাৱৰহীন ৰাতিত

শিলৰ পৰা জঁপিয়াইছে ইকেৰাছে উৰিবলৈ

গঢ়ি মমৰ পাখি

হাৰ্বাৰ্ট আৰু হেনৰী ৰৈ আছে তলত

হাতত সিহঁতৰ চিত্ৰফলক

ঈশ্বৰৰ কণিকাবোৰ লাগি ধৰিছে

দূৰবীণৰ বৃত্ত চকুত

তাৰে এটা কোণত ৰৈ আছে ছোৱালী এজনী

অজস্ৰ সৰ্পৰ মুকুট পিন্ধি

 ***

টোকা : হাৰ্বাৰ্ট জেমছ ড্ৰেপাৰে The Lament for Icarus  আৰু হেনৰী মেটিছে Icarus নামৰ ছবি দুখনত ইকেৰাছৰ উৰণক দুটা ভিন্ন দৃষ্টিভংগীৰে চিত্ৰিত কৰিছে।

এটেকামা হৈছে চিলে (Chile) দেশৰ এখন মৰুভূমি।

কবি পৰিচয়: সূতপুত্ৰ ৰাধেয় বৰ্তমান ভাৰতত বাস কৰা এগৰাকী কবি যাৰ ইংৰাজী কবিতা বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনী, ব্লগ আৰু সংকলনত প্ৰকাশ হৈছে। তেওঁৰ শেহতীয়া ইংৰাজী কাব্য সংকলন Served Cold from the Refrigerator খন ২০২৬ বৰ্ষত Red River Press ৰ পৰা প্ৰকাশ পাইছে। কবি হিচাপে তেওঁ বিষয়বস্তুত নতুনত্বৰ সন্ধান কৰি ফুৰে আৰু প্ৰায়ে শৈলী, উপমা আৰু ভাষাৰ সৈতে সম্পৰীক্ষা কৰিবলৈ ভাল পায়।

স
লেখকৰ পৰিচয়

সূতপুত্ৰ ৰাধেয়

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)