অমৃত গোস্বামী
প্ৰত্যেক বছৰেই আহিন-কাতি
মাহ সোমোৱাৰ পৰা আৰম্ভ কৰি গোটেই শীতকালৰ সময়চোৱা বিশেষ বাজনা এখনৰ ধ্বনি নগৰে-চহৰে,
বাটে-ঘাটে শুনিবলৈ পোৱা যায়৷ ডিচেম্বৰ মাহৰ সেই দুপৰীয়াও আমাৰ গেইটখনৰ ওচৰত ৰ’দৰ
ফালে পিঠিখন দি বহি থাকোতে তেনে এখন বাজনাৰ সুৰেই দুপৰীয়াৰ নীৰৱতা ভাঙি বতাহত ভাহি
আহিছিল— টেঁট টেঁট টেঁট৷
যি কি নহওঁক চিনাকি
বাজনাখন বজাই বজাই পাৰ্টিটোৰ আগে আগে আহি থকা
ল’ৰাজন মোৰ ওচৰ পালত কাষলৈ মাতি আনি, অলপমান কথা পতাৰ সুবিধা এটা উলিওৱাৰ উদ্দেশ্যেৰেই
মই সুধিছিলো―
“তোমাৰ এই বাজনাখনৰ
ৰছীডাল কিহেৰে তৈয়াৰী তুমি বাৰু জানানে?” সপ্ৰতিভ ল’ৰাজনে টপৰাই ক’লে,
“আন কিহৰনো হ’ব আৰু,
এইডাল প্লাষ্টিকৰ৷” মই বোলো, “প্লাষ্টিক আবিষ্কাৰ হোৱাৰনো কেইদিন হ’ল, তাৰ আগতেওতো
দেখাত ধনু এখনৰ নিচিনা তোমালোকৰ এই সঁজুলিটো আছিল, আৰু তেতিয়াওতো এই ৰছীডাল আছিল৷
তেতিয়া এই ৰছীডাল কিহৰ আছিল তুমি বোধহয় নাজানা৷ অৱশ্যে নাজানিবও পাৰা, স্বাভাৱিক,
একো ডাঙৰ কথা নহয়, কিন্তু তোমাৰ দেউতাৰাই
নিশ্চয়কৈ জানিব৷ দেউতাৰাক সুধিলে কথাটো জানিব পাৰিলাহেঁতেন৷”
মোৰ কথা শুনি ল’ৰাজনে
বৰ দুখমনেৰে ক’লে,-“বাত কৰ্নে কে লিয়ে পিতাজী অব্ নহি হ্যে। ওনকা নিধন হ’ গয়া হ্যে।”― কথাটো সুধিবৰ কাৰণে দেউতা এতিয়া নাই৷ তেওঁৰ
ইতিমধ্যে মৃত্যু হৈছে৷
কোমল বয়সীয়া ল’ৰাটোক
দেউতাক নোহোৱাৰ কথাটো মনত পেলাই দি মই তেওঁক দুখহে দিলোঁ, মোৰ অসাৱধানতাত মই নিজেই
লজ্জিত অনুভৱ কৰিলোঁ৷ কেইটামান মুহূৰ্তৰ নীৰৱতাৰ পিছত পৰিবেশটো সহজ কৰি তুলিবৰ বাবে
মই তেওঁক ক’লো,- “তেতিয়া হ’লে ময়েই তোমাক কথাটো কওঁ শুনা৷ প্লাষ্টিক আৱিষ্কাৰ হোৱা
বৰ এটা বেছি দিন হোৱা নাই৷ কিন্তু তোমালোকৰ এই লেপ-তুলি বনোৱাৰ বৃত্তিটো বহু পুৰণি,
আৰু লগতে তোমালোকৰ এই সঁজুলিটোও সমানেই পুৰণি৷ বছৰ বছৰ ধৰি ই চলি আহিছে৷ প্লাষ্টিক
আৱিষ্কাৰ হোৱাৰ পূৰ্বে এই ৰছীডাল জন্তুৰ নাড়ীৰে, সাধাৰণতে উটৰ নাড়ীৰে তৈয়াৰ কৰা হৈছিল৷”
মোৰ কথা শুনি ল’ৰাটোৰ মৰম লগা উজ্জ্বল চকুযুৰি যেন আৰু অধিক উজ্জ্বল হৈ উঠিল৷ হয়তো
প্ৰতিদিনে হাতত লৈ ফুৰা নিজৰ কামৰ আহিলাটোৰ ইতিহাস প্ৰথমবাৰৰ বাবে জানিবলৈ পাই তেওঁৰ
মনত এক নতুন আনন্দৰ, কৌতূহলৰ জন্ম হৈছিল৷
মই ধুনীৱলাসকলৰ কথাকে
ক’বলৈ লৈছোঁ বুলি সকলোৱে চাগে অনুমান কৰিব পাৰিছে৷ কেইবছৰমান আগলৈকে বিহাৰী সম্প্ৰদায়ৰ
ইছলাম ধৰ্মাৱলম্বী এই ধুনীৱলাসকলক গাঁও-চহৰ সকলোতে এতিয়াতকৈ বহুত বেছিকৈ দেখিবলৈ পোৱা
গৈছিল৷ কিন্তু সময়ৰ সোঁতত তেওঁলোকৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছে৷ এতিয়াচোন পানীৰ
বটল বিক্ৰী কৰাৰ দৰে সৰু-সুৰা ব্যৱসায়ো বৃহৎ উদ্যোগপতিসকলৰ হাতলৈ গুচি গৈছে; তেনে
অৱস্থাত ‘ধুনীৱলা’ৰ দৰে পৰম্পৰাগত জীৱিকাবোৰ ক্ৰমাগতভাৱে যে অন্তৰ্ধানৰ পথত আগবাঢ়িছে,
সেয়া আস্বাভাৱিক নহয়৷ যি কি নহওক, পাইজামা
অথবা লুঙি পিন্ধা তেনেকুৱা দুজন-তিনিজন লোকৰে গঠিত ধুনীৱলাৰ গোট একোটাহঁত ঘৰলৈ অহাৰ
দিনটো আমি সৰু হৈ থাকোতে বৰকৈ উপভোগ কৰিছিলো; সেই দিনটো উৎসৱমুখৰ দিন একোটালৈ পৰিৱৰ্তন
হৈ পৰিছিল!
ধুনীৱলা ঘৰলৈ আহিবৰ
দিনা ঘৰৰ মূল মানুহজনে সেইদিনত বহুত অংক কৰিব লাগিছিল–পুৰণি কপাহ বা তুলাৰ লগত কিমান
পৰিমাণৰ নতুন কপাহ বা তুলা মিহলাব লাগিব, পৰিবাৰগৰাকীৰ লগত আলোচনা কৰি থিৰাং কৰিব লাগিছিল৷
কামখিনি কৰিবৰ কাৰণে হাতত থকাতকৈ বেছি পইচাৰ প্ৰয়োজন হয় নেকি, সেই চিন্তাৰ উপৰিও
কেইখন লেপ বা তুলি নিৰ্দ্ধাৰিত দিনটোত নতুনকৈ বনোৱা হ’ব, আৰু কেইখন দৰমহা পোৱাৰ পিছৰ
অথবা পইচা হাতলৈ অহাৰ পাছৰ আন কোনোবা এটা সুবিধাজনক দিনলৈ পিছুৱাব লাগিব সেইবিষয়ৰো
এটা চিন্তা কৰিব লাগিছিল৷
ধুনাওতে তুলা বা
কপাহ উৰি গৈ নষ্ট নহ’বৰ কাৰণে চটিকাপোৰ, টিৰপাল আদি আগতেই চিকুণাই থোৱা চোতালখনত পাৰি
লোৱাৰ ব্যৱস্থা এটাও কৰি ল’ব লাগিছিল৷ ঘৰত সেইবোৰ বস্তুৰ নাটনি হ’লে ওচৰ-চুবুৰীয়াৰ
ঘৰৰ পৰা যোগাৰ কৰাৰ ব্যৱস্থা কৰিব লাগিছিল৷ তুলিত কপাহৰ গুটিবোৰ থাকিলে ভাল–তুলিখন
ভাল হয়, মজবুত হয়৷ তুলাবোৰ ধুনুৱাৰ সময়ত তুলাৰ গুটিবোৰ ধুনীৱলাই এনেয়ে পেলাই দি
যাতে নষ্ট নকৰে, সেইটোও এটা চকু দিবলগীয়া বিষয়৷ মুঠৰ ওপৰত ঘৰৰ মূল মানুহজনে সেইদিনা
কেইবাটাও বিষয় একেলগে চাব লাগে; কেইবাটাও অংক মনতে কৰিব লাগে৷
তদুপৰি লেপ-তুলিৰ
কাপোৰৰ কথাটোতো আছেই– কাপোৰৰ দাম, ৰঙ, ফুল ইত্যাদিবোৰ! সাধাৰণতে সস্তীয়া, জেঙজেঙীয়া
কাপোৰেৰে লেপ-তুলি বনাই দি থৈ গৃহস্থৰ পৰা বেছিকৈ পইচা আদায় কৰাৰ মনোবৃত্তি এটা বহুবোৰ
ধুনীৱলাৰে থাকেই৷
অ’ আৰু এটা কথা আছে,
লেপ বা তুলিত দিয়া চিলাইটোৰ ওপৰতো দামৰ বা খৰছৰ তাৰতম্য হয়৷ চিধা-চিধি চিলাইত খৰচ
কম, কিন্তু অলপ চকুত লগা বিধৰ কৰি, বিশেষকৈ গোলাপ ফুল একোপাহৰ আকৃতিৰে কৰা চিলাইবোৰত
খৰচ বেছি পৰে; ধুনীৱলাই বেচিকৈ পইচা বিচাৰে৷
ধুনীৱলা ঘৰলৈ অহাৰ
দিনা ঘৰৰ সৰুবোৰৰ মনত এক বিশেষ উৎসাহ আৰু আনন্দৰ ভাব সঞ্চাৰ হৈছিল৷ তেওঁলোকে ধুনীৱলাসকলৰ
প্ৰতিটো কামেই গভীৰ কৌতূহলেৰে চাই থাকিছিল৷ বিশেষকৈ কাপোৰ চিলাই কৰা তেওঁলোকৰ নিপুণতাই
শিশুমনক বিস্ময়াভিভূত কৰি তুলিছিল৷ চিলাই মেচিনত কাপোৰ চিলোৱাৰ দৰেই হাত দুখনেৰেই
তেওঁলোকে নিখুঁতভাৱে কাপোৰ চিলাই কৰিব পাৰিছিল৷
কাপোৰ চিলাই কৰাৰ সময়ত বেজীৰ খোঁচ আঙুলিত নালাগিবলৈ ধুনীৱলাসকলে হাতৰ দুটামান আঙুলিত
পিতলৰ চুঙাৰ দৰে সৰু গোলাকাৰ কৱচ একোটা পিন্ধি লয়৷ আঙুঠিৰ নিচিনাকৈ পিন্ধা সেই চিকমিকাই
থকা পিতলৰ সঁজুলিটোৱে শিশুমনত এক অপূৰ্ব বিস্ময় আৰু আকৰ্ষণ সৃষ্টি কৰিছিল; সেয়া সোণৰ
আঙুঠিৰ দৰেই মূল্যৱান আৰু ৰহস্যময় যেন লাগিছিল৷
কপাহ বা তুলাবোৰ
ধুনি লোৱাৰ পিছত ৰঙ-বিৰঙৰ কাপোৰবোৰ চিলাই কৰাৰ আগে আগে ঘৰৰ মানুহে তেওঁলোকক অলপমান
মিঠাতেল যোগাৰ ধৰিব লাগিছিল৷ সেই মিঠাতেলকণ ‘ধুনীৱলাপাৰ্টি’ৰ মাজৰে যিজন
চিলাই কামত বিশেষভাৱে পাৰ্গত তেওঁ মূৰত তেলতেলীয়াকৈ সানি লয়৷ পাছত তেওঁ প্ৰত্যেকবাৰ
কাপোৰত চিলাই কৰিবৰ কাৰণে খোচটো মৰাৰ আগে আগে হাতৰ বেজীটো মূৰৰ চুলিত ঘঁহি লয়৷ এনেদৰে
মূৰৰ চুলিৰ মিঠাতেল লাগি বেজীটো পিছল হৈ পৰে আৰু পিছল হৈ পৰা বেজীটোৰে কাপোৰ চিলাবলৈ
সুচল হয়৷
অসমীয়া ভাষা ক’ব
নোৱাৰা এই ধুনীৱলাবোৰ সাধাৰণতে তিনি-চাৰিজনৰ গোট একোটা হৈ গাওঁলৈ আহে—কেতিয়াবা একেবাৰে
ৰাতিপুৱাৰ সময়তে, আঘোণৰ কুঁৱলীৰ ফাকে ফাকে৷ সাধাৰণতে ধনুৰ নিচিনা বাজনাখন লৈ অহাজন
দলটোৰ আগে আগে আহে, তাৰ পাছতে মূৰত ৰঙা কাপোৰেৰে বন্ধা কপাহ বা তুলাৰ ডাঙৰ টোপোলা এটা
লৈ অহাজন আহে, আৰু একেবাৰে শেহত ছয়-সাত ফুটমান দীঘল গোল বাঁহৰ মাৰি একোডাল লৈ দলটোৰ
মুৰব্বীজন আহে৷ সেইজন সাধাৰণতে বয়সীয়া লোক হয়৷ এই মূৰব্বীজনেই ঘৰ এখনৰ গৃহস্থৰ লগত
লেপ বা তুলি নতুনকৈ বনোৱা লৈ কথা-বাৰ্তা পাতে আৰু সম্ভাৱ্য খৰচৰো হিচাপ-নিকাচ, দৰদাম কৰে৷
পুৰণি লেপ বা তুলি
একোখন নতুনকৈ বনোৱাৰ সময়ত পুৰণিখনৰ চিলাইবোৰ কাটি কপাহ বা তুলাবোৰ বাহিৰ কৰি লোৱাৰ
পিছত সেইবোৰ মূৰব্বীজনে বাঁহৰ মাৰিডালেৰে কোবাই কোবাই কিছু কোমল কৰে আৰু পিছত ধনুখনেৰে
ধুনাই লয়৷
এইধৰণে জীৱিকাক সম্বল
কৰি সৰু সৰু মানুহবোৰৰ জীৱন জীয়াই ৰখাৰ দৈনন্দিন সংগ্ৰামখন কিমান যে বিচিত্ৰ!
আজিকালি বজাৰত বিভিন্ন
কোম্পানীৰ, দেশী-বিদেশী লেপ-তুলি, গাৰু, কম্বল অতি সহজতে কিনিব পৰা হৈছে৷ লগে লগে পুৰণি
দিনৰ লেপ-তুলি ঘৰতে বনোৱাৰ কামটো কমি আহিল৷ এসময়ত হয়তো এই শ্ৰমজীৱী বৃত্তিটোৱেই একেবাৰে
নোহোৱা হৈ পৰিব৷ বাজনা বজাই বজাই ৰাতিপুৱাৰ কুঁৱলীৰ মাজে মাজে অহা ধুনীৱলা পাৰ্টিবোৰ
হেৰাই যাব, চিৰকালৰ বাবে৷ দেওবাৰে ধুনীৱলা অহাৰ সেই উৎসৱমুখৰ পৰিবশটোও হয়তো কালৰ বুকুত
হেৰাই, নোহোৱা হ’ব৷
সুঁৱৰি ভাল লাগে,
লগতে বিস্ময়-কৌতূহলৰে ভৰা এনেবোৰ একোটা দিন
আমাৰ ভবিষ্যত প্ৰজন্মই উপভোগ কৰিবলৈ নোপোৱাৰ কথাটোৱে মনলৈ বিষাদৰ ভাৱ এটাও কঢ়িয়াই আনে৷ ধুনীৱলাৰ ধনুখনৰ
সেই ‘টেঁট টেঁট টেঁট’ শব্দটো/সুৰটো এদিন হয়তো স্মৃতিতহে কেৱল বাজি থাকিব৷
---
লেখকৰ ঠিকনা:
চাৰ্ভে, চন্দননগৰ,
গুৱাহাটী― ৭৮১ ০২৮
ভ্ৰাম্যভাষ : ৯৪৩৫০
১৪৪৫৫
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)