ড০ ইন্দ্ৰাণীৰেখা শইকীয়া
আপোনাৰ চাৰি বছৰীয়া ছোৱালীজনীয়ে বাগিচাৰ মূৰত এখন প্লাষ্টিকৰ চামুচেৰে বোকা, পানী আৰু পাতৰ এক জোল ৰান্ধি আছে৷ তাইৰ সৰু সৰু হাত দুখন পানীত তিতি গৈছে আৰু থুঁতৰিত বোকা লাগি আছে৷ লগতে তাইৰ কাপোৰ-কানিও লেতেৰা হৈ পৰিছে৷ তাই অত্যন্ত মনোযোগেৰে ৰেচিপিটো মনতে গাই আছে, তাৰ সোৱাদ পৰীক্ষা কৰিছে, অধিক পানী যোগ কৰিছে৷ বহুত সময় উকলি গল৷ আপুনি সাধাৰণতে কি কৰিব, ঘড়ীটোলৈ বাৰে বাৰে চাব, তাৰ পিছত ৱাছিং মেশ্বিনটোলৈ চাব, আৰু ভাবিব যে তাইক বাধা দিয়া উচিত৷
আমি সাধাৰণতে শিশুসকলক বেমাৰ-আজাৰ হোৱাৰ ভয়তে বোকা পানীৰ সংস্পৰ্শলৈ আহিবলৈ নিদিওঁ৷ বিশেষকৈ আজিৰ কংক্ৰিটৰ ঘৰত আৱদ্ধ শিশুৰ বাবে বৰষুণত তিতি পানীত খেলা-ধূলা কৰাটো একপ্ৰকাৰৰ সপোনেই হৈ পৰিছেগৈ৷ কিন্তু আমি নিজৰ শৈশৱৰ দিনবোৰলৈ মনত পেলাই চাওঁচোন আহক৷ সেই মৰণাৰ খেৰত জপিয়াই খেলাৰ পৰা পথাৰৰ বোকাত মাছ ধৰালৈকে, এই সকলো কথা আমি সাধুকথাৰ দৰে আমাৰ সন্তানক ক’ব লগা হৈছে৷
কিন্তু এই বোকা লেপাৰ পৰা চাউল সিঁচালৈকে কামবোৰ শুনিবলৈ লেতেৰা যেন লাগিব পাৰে, বা সঁচাকৈয়ে লেতেৰা হ’ব পাৰে! কিন্তু শিশু এটাৰ বাবে এয়া অত্যন্ত আনন্দদায়ক৷ এনে ধৰণৰ দৈনন্দিন অভিজ্ঞতাই সৰু ল’ৰা-ছোৱালীক শিকিবলৈ, যোগাযোগ কৰিবলৈ আৰু তেওঁলোকৰ পৃথিৱীখন বুজি পাবলৈ বহুত সহায় কৰে৷ সৰু ল’ৰা-ছোৱালীয়ে মূলতঃ মনে মনে বহি ব্যাখ্যা শুনি নিশিকে৷ তেওঁলোকে নিজে কৰি শিকে৷ তেওঁলোকে শিকে ধৰি, চেপি, তুলনা কৰি, কঢ়িয়াই, ঢালি, সাজি, ভাঙি অথবা পুনৰ চেষ্টা কৰি৷ সৰু ল’ৰা-ছোৱালীয়ে তেওঁলোকৰ ইন্দ্ৰিয়সমূহৰ জৰিয়তে জগতখন অন্বেষণ কৰে৷ এনে ধৰণৰ খেলে শিশুৰ যিকোনো ইন্দ্ৰিয়ক উদ্দীপিত কৰে আৰু শিশুৰ সৰ্বাংগীণ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ এনে সকলো ধৰণৰ খেল, যিয়ে শিশুৰ যিকোনো ইন্দ্ৰিয়ক সক্ৰিয় কৰে তেনে ধৰণৰ খেলসমূহক আমি sensory play বুলি ক’ব পাৰো৷ ইয়াৰ ভিতৰত আছে -স্পৰ্শ, গোন্ধ, দৃষ্টি, শব্দ আৰু সোৱাদৰ লগতে লৰচৰ কৰি খেলা খেল (Movement based play), ভাৰসাম্যৰ (Balance) আৰু শৰীৰৰ অৱস্থান (proprioception) ব্যৱহাৰ কৰি খেলা খেলসমূহ৷
যদি এটি শিশু স্বতন্ত্ৰ আৰু অৰ্থপূৰ্ণভাৱে কোনো কামত নিয়োজিত হ’ব পৰা নাই, তেনেহলে পৰিৱেশৰ প্ৰতি সজাগতা আৰু আগ্ৰহ বৃদ্ধি কৰিবলৈ তেওঁলোকক Sensory Play ত নিয়োজিত কৰাটো অতি জৰুৰী৷ বিশেষ প্ৰয়োজন থকা কিছুমান শিশু, যি চাৰিওকাষৰ মানুহৰ সৈতে, পৰিৱেশৰ সৈতে সংযুক্ত নহয়, তেনে শিশুৱে sensory play ৰ জৰিয়তে নিজৰ চাৰিওফালৰ পৰিৱেশ বুজি পাবলৈ সক্ষম হ’ব; বিভিন্ন ধৰণৰ গঠন (Texture), আকৃতি, ওজন -স্পৰ্শ তথা অনুভৱ কৰিব পাৰিব; শিশুটিয়ে গোন্ধ ল’ব পাৰিব, সোৱাদ ল’ব পাৰিব; বিভিন্ন ধৰণৰ শব্দ শুনিব পাৰিব; ৰং, ৰূপ, পোহৰ, উজ্জ্বলতা আৰু দৈৰ্ঘ্যৰ বিষয়ে জানিব পাৰিব৷ শিশুটিয়ে লাহে লাহে নিজৰ শৰীৰৰ বিষয়ে সজাগ হ’ব (Body awareness)৷ এইদৰে ক্ৰমান্বয়ে আনৰ লগত সম্পৰ্ক স্থাপন কৰাৰ লগতে ভাষাৰ বিকাশ হয় আৰু মনোযোগ বৃদ্ধি পায় আৰু শিশুটিৰ সামাজিক দক্ষতাও (Social skills) বিকশিত হয়৷ এজন দুশ্চিন্তাগ্ৰস্ত বা হতাশ শিশুক শান্ত কৰিবলৈকো এই খেল অতি উৎকৃষ্ট৷ অতি সক্ৰিয় বা হাইপাৰ-এক্টিভ শিশুৰ বাবে ই এক অত্যন্ত কাৰ্যকৰী মাধ্যম৷ হাইপাৰ-এক্টিভ শিশু প্ৰায়েই অতিপাত উত্তেজিত হৈ থাকে৷ বালি, পানী বা ময়দাৰ দৰে সামগ্ৰীৰ সৈতে খেলিলে তেওঁলোকৰ এই উচ্চস্তৰৰ উত্তেজনা হ্ৰাস পায়, আৰু মগজুত এক প্ৰশান্তিদায়ক প্ৰভাৱ পৰে৷ যাৰ ফলত শিশুটিৰ খং বা ছটফটনি কমি আহে আৰু মনটো শান্ত হয়৷ একেষাৰে ক’বলৈ গলে এই ধৰণৰ খেল সকলো শিশুৰ বিকাশৰ বাবে অতি জৰুৰী৷
এই খেলে শিশুসকলৰ বিকাশত কেনেদৰে সহায় কৰে?
১) মগজুৰ বিকাশ
যেতিয়া এটা শিশুৰ জন্ম হয়, তেতিয়া তেওঁলোকৰ ইন্দ্ৰিয়সমূহ সম্পূৰ্ণৰূপে বিকশিত হৈ নাথাকে৷ শিশুসকলে যেতিয়া তেওঁলোকৰ চাৰিওফালৰ জগতখন অন্বেষণ কৰে, তেতিয়াহে সময়ৰ লগে লগে এইবোৰ পৰিপক্ক হৈ উঠে৷ বিভিন্ন ইন্দ্ৰিয়ৰ জৰিয়তে তেওঁলোকে লাভ কৰা প্ৰতিটো নতুন অভিজ্ঞতাই মগজুত নতুন নতুন স্নায়ৱিক সংযোগ (neural connections) গঢ়ি তুলি মগজুৰ স্নায়বিক পথসমূহ (neural pathways) শক্তিশালী কৰাত সহায় কৰে আৰু তেওঁলোকৰ মগজুৰ গঠন প্ৰক্ৰিয়াক বিকশিত কৰে৷ শৈশৱৰ প্ৰাৰম্ভিক বছৰবোৰত মগজুৱে এক উল্লেখযোগ্য গতিত স্নায়বিক সংযোগ (neural connections) গঢ়ি তোলে, আৰু সেই সংযোগবোৰ শিশুটিৰ অভিজ্ঞতা আৰু সম্পৰ্কৰ দ্বাৰা গঢ় লয়৷ ই শিশুটিৰ জটিল শিক্ষণ কাৰ্যসমূহ সম্পাদন কৰাৰ ক্ষমতা আৰু সামগ্ৰিক বৌদ্ধিক প্ৰক্ৰিয়াক উন্নত কৰাত অৰিহণা যোগায়৷ বিমূৰ্তভাৱে চিন্তা কৰিব পৰাৰ আগতে, সিহঁতক প্ৰত্যক্ষ অভিজ্ঞতাৰ প্ৰয়োজন হয় যেনে, ভিজা আৰু শুকান, খহটা আৰু মিহি, গধুৰ আৰু পাতল ইত্যাদি৷ কাৰণ চিন্তা দৈহিক অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰিহে গঢ় লয়৷ লেতেৰা হৈ খেলা বা messy play হৈছে শিশুসকলে সেই কেঁচা সামগ্ৰী সংগ্ৰহ কৰাৰ এটা উল্লেখযোগ্য উপায়৷
২)
ভাষাৰ বিকাশ
এনে খেলত মগ্ন থকাৰ সময়ত শিশুৱে স্বাভাৱিকতে তেওঁলোকৰ অভিজ্ঞতা প্ৰকাশ কৰিবলৈ নতুন নতুন শব্দ ব্যৱহাৰ কৰিবলৈ শিকে৷ ইয়াৰ জৰিয়তে তেওঁলোকে পিচল, খহটা, কুহুমীয়া, আঠা, বালিচহীয়া, লেপথপীয়া, তীব্ৰ বা স্বচ্ছ—এনেধৰণৰ বিশেষণবোৰৰ প্ৰকৃত অৰ্থ বুজি পায়৷ কেৱল কিতাপত ছবি চোৱাতকৈ এনে ব্যৱহাৰিক অভিজ্ঞতাই শিশুৰ শব্দভাণ্ডাৰ অধিক শক্তিশালী কৰে৷ তেওঁলোকে প্ৰসংগ অনুসৰি তেওঁলোকৰ সক্ৰিয় শব্দভাণ্ডাৰ সম্প্ৰসাৰণ কৰে৷
৩)
সূক্ষ্ম মটৰ দক্ষতা (Fine motor skills) আৰু বিদ্যালয়ৰ বাবে প্ৰস্তুতি
Sensory play ৰ জৰিয়তে শিশুৱে হাত, আঙুলি আদিত থকা সৰু সৰু পেশীবোৰ শক্তিশালী কৰে আৰু ইয়াৰ ব্যৱহাৰ কৰি কৰা সূক্ষ্ম আৰু নিখুঁত গতিবিধিবোৰৰ (fine motor skill) বিকাশ সাধন কৰে৷ ভৱিষ্যতে কৰিব লগা লিখা, ছবি অঁকা, বুটাম লগোৱা, কেঁচীৰে কটা, সৰু বস্তু ধৰা ইত্যাদি কামৰ বাবে ই অতিকৈ প্ৰয়োজনীয়৷ এজন প্ৰাক-বিদ্যালয়ৰ শিশুৱে ঘৰতে বনোৱা মণ্ড বা dough ৰে খেলিলে কি কি কৰে ভাবি চাওক৷ তেওঁলোকে ইয়াক চিকুটি চিকুটি এৰুৱাবলৈ চেষ্টা কৰে, ঘূৰায়, টানি আঁতৰাই পেলায়, চেপেটা কৰে, তাৰ ভিতৰত বস্তু লুকুৱাই ৰাখে৷ এই প্ৰতিটো কামৰ বাবে মগজু, হাত, চকু আৰু শৰীৰৰ মাজত সমন্বয়ৰ প্ৰয়োজন হয়৷ সেয়েহে sensory play এ সূক্ষ্ম-মটৰ দক্ষতা (fine-motor skills) অনুশীলন কৰাৰ প্ৰাকৃতিক সুযোগ প্ৰদান কৰিব পাৰে৷
শৰীৰৰ ডাঙৰ পেশীসমূহ ব্যৱহাৰ কৰি কৰা গতিবিধিবোৰ যেনে খোজ কঢ়া, দৌৰা, জপিওৱা, বগুৱা বাই যোৱা, পেলাই দিয়া (throwing) ইত্যাদিৰ বিকাশতো sensory play ৰ ভূমিকা আছে৷ বালিত বাল্টি কঢ়িয়াই নিয়া, মাটিত খন্দা বা পাত্ৰৰ মাজত পানী সলনি কৰাৰ দৰে আদি খেলে উঠোৱা, ভাৰসাম্য ৰক্ষা কৰা আৰু শৰীৰৰ সমন্বয় স্থাপন কৰা আদিত সহায় কৰে৷
৩)
কাৰ্যবাহী কাৰ্যপ্ৰণালী (Executive function) আৰু সমস্যা সমাধান
কাৰ্যবাহী
কাৰ্যপ্ৰণালী হৈছে এনে কিছুমান মানসিক দক্ষতাৰ সমষ্টি যিবোৰ শিশুৱে মনোযোগ দিয়া, তথ্য
মনত ৰখা, আৱেগ নিয়ন্ত্ৰণ কৰা আৰু নিজৰ আচৰণ খাপ খুৱাবলৈ ব্যৱহাৰ কৰে৷ এনে খেলে এই
ক্ষমতাৰ অনুশীলন কৰাৰ অসংখ্য সুযোগ প্ৰদান কৰে৷ আকৌ এই ধৰণৰ খেল বা কাৰ্যকলাপে কৌতূহলক
সমস্যা সমাধানৰ দক্ষতালৈ পৰিৱৰ্তিত কৰে৷ এটি শিশুক পানীৰ পাত্ৰ আৰু কিছুমান বস্তু তুলি
দিলে, সিহতৰ মনলৈ স্বাভাৱিকতে অহা প্ৰশ্নবোৰ হ’ল: এইটো ভাহি থাকিবনে? কোনটো ডুবি
যাব? এইটো ইয়াত ঢালি দিলে কি হ’ব? এইটোৱেই হৈছে আদিম বৈজ্ঞানিক চিন্তাধাৰা৷ এনে খেল প্ৰকৃততে এটা শিশুৰ
বাবে প্ৰথম বিজ্ঞানাগাৰ৷ এই ধৰক, শিশু এটিয়ে মাটি খান্দি খান্দি খাল এটা সাজিলে আৰু
পানী ঢালি দি চাইছে৷ পানী ওপৰৰ পৰা তললৈ বৈ যোৱাটো সি লক্ষ্য কৰিছে৷ ইয়াৰ পৰা শিশুটিয়ে
কাৰ্য আৰু ইয়াৰ পৰিণাম (Cause and Effect), মাধ্যাকৰ্ষণ আৰু বস্তুৰ বিভিন্ন অৱস্থা
(কঠিন, তৰল) সম্পৰ্কে ধাৰণা লাভ কৰে৷ শিশুসকলে নিজেই পৰীক্ষা কৰিব পাৰে যে আটা বা ময়দাৰ
লগত খেলোঁতে বেছি পানী দিলে কি হ’ব- আৰু ইয়াৰ পৰাই যুক্তিযুক্ত চিন্তাৰ (logical reasoning) জন্ম হয়৷
এনে
খেলে আৱেগিক নিয়ন্ত্ৰণত সহায় কৰিব পাৰে৷ এই ধৰণৰ খেল-ধেমালিয়ে সাধাৰণতে মানসিক চাপ
ব্যৱস্থাপনা আৰু আৱেগিক বিকাশক সমৰ্থন কৰাৰ যথেষ্ট প্ৰমাণ পোৱা গৈছে৷ যিজন শিশুৱে ১০
মিনিট ধৰি উৎসাহিত হৈ sensory play ত সময় কটাইছে, তেওঁ বৰ শান্ত হৈ মনোযোগ দিও কোনো
কাম কৰিব পাৰে৷ সেয়াই হৈছে ইয়াৰ আকৰ্ষণৰ অংশ৷ sensory play এ প্ৰায়ে শিশুক এনে এক
অনুমান কৰিব পৰা, পুনৰাবৃত্তিমূলক কাৰ্যকলাপ প্ৰদান কৰে, যিটো তেওঁলোকে নিয়ন্ত্ৰণ
কৰিব পাৰে৷ এটা বাটিৰ পৰা আন এটা বাটিলৈ পানী ঢলা, আটাৰ মণ্ড মথা বা বালিত খেলা ইত্যাদি
খেলে এনে এটা ছন্দ প্ৰদান কৰে, যিটো কিছুমান শিশুৱে মনোমুগ্ধকৰ আৰু শান্তিদায়ক বুলি
ভাবে৷ সাধাৰণতে পানী, আটাৰ মণ্ড বা বালিৰ খেলাই এজন অসন্তুষ্ট শিশুক শান্ত কৰিব পাৰে৷
অকুপেশ্বনেল থেৰাপী সম্পৰ্কীয় কিছুমান গৱেষণাই প্ৰমাণ কৰে যে স্পৰ্শৰ অনুভূতিয়ে (বিশেষকৈ
গভীৰ চাপ আৰু লয়যুক্ত চালনে) স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যিয়ে শিশুক
উচ্চ-মানসিক চাপৰ অৱস্থাৰ পৰা এক একাগ্ৰ, শান্ত অৱস্থালৈ স্থানান্তৰিত কৰে৷
৫) সামাজিকীকৰণ
যিহেতু
বালি বা পানীৰ খেলবোৰে স্বাভাৱিকতে বহুত শিশুক আকৰ্ষণ কৰে, সেয়েহে ই সামাজিকীকৰণৰ এক
সহজ মাধ্যম হৈ পৰে৷ শিশুৱে ইয়াত খেলৰ সামগ্ৰী ভগাই ল’বলৈ, আনক নিৰীক্ষণ কৰিবলৈ আৰু
একেলগে খেলিবলৈ শিকে৷
৬)
ইয়াৰ জৰিয়তে তেওঁলোকে খেলৰ উচ্চস্তৰৰ বাবে নিজকে প্ৰস্তুত কৰে৷ ই আত্মবিশ্বাস আৰু আত্মমৰ্যাদা
গঢ়ি তোলে৷ এই ধৰণৰ খেলবোৰ স্মৃতিশক্তি বৃদ্ধি আৰু উন্নত কৰাত সহায়ক হয়৷ ই খেলৰ দক্ষতা
আৰু স্বতন্ত্ৰতাও বৃদ্ধি কৰে৷
৭)
এক গৱেষণাত দেখা গৈছে যে যিবোৰ শিশুৱে শাক-পাচলিৰ বা অন্য খোৱা বস্তুৰ সৈতে খেলে, সিহঁতে
সেইবোৰ সোৱাদ ল’বলৈ অধিক ইচ্ছুক হয়৷ খাদ্য স্পৰ্শ কৰিলে সেই খাদ্যৰ প্ৰতি থকা ভয় ভাব
আতৰি যায়৷
তলত
কিছুমান ঘৰতে পাব পৰা sensory play ৰ ধাৰণা দিবৰ বাবে যত্ন কৰা হ’ল৷
১)
Sensory box তৈয়াৰ কৰক: এটা বাকচ লওক আৰু তাত
শুকান চাউল, অ’টছ, শুকান বুট, ৰাজমা, বিভিন্ন
ধৰণৰ দাইল থৈ দিয়ক৷ তাৰ সৈতে ঢালিবলৈ এটা কাপ দিয়ক৷ (যিবোৰ শিশুৱে এতিয়াও মুখত বস্তু
দিয়ে, সিহঁতৰ বাবে বয়স উপযোগী, সোৱাদ-নিৰাপদ বস্তুবোৰ ব্যৱহাৰ কৰক আৰু তীক্ষ্ণ দৃষ্টি
ৰাখক৷) শুকান বগা চাউলৰ পৰা অলপ vinegar আৰু
খাদ্যৰ ৰং ব্যৱহাৰ কৰি ৰং বিৰঙৰ চাউল তৈয়াৰ কৰি ল’ব পাৰি৷ ডাঠ, পাতল, মিহি,
খহটা কাপোৰৰ টুকুৰা, বিভিন্ন ধৰণৰ ৰং বিৰঙৰ ৰছী বা ফিটাও উপযোগী এই বাকচৰ বাবে৷ বিভিন্ন
প্ৰকাৰৰ গুড়ি যেনে আটা, চুজি, corn flour আদি খেলিবলৈ দিব পাৰি৷
sensory
box ত বিভিন্ন ধৰণৰ প্ৰাকৃতিক সামগ্ৰী, যেনে- বিভিন্ন প্ৰকাৰৰ শুকান গছ-পাত, বালি,
সৰু কাঠৰ টুকুৰা, শিলগুটি, পাইন গছৰ গুটি আদি ৰাখিব পাৰে৷ বাহিৰত খোজ কাঢ়িবলৈ যাওঁতে
পাত, নিমজ শিল, গুটিৰ বাকলি আৰু ডালৰ দৰে উপযুক্ত প্ৰাকৃতিক বস্তু সংগ্ৰহ কৰক৷ ঘৰলৈ
ঘূৰি আহি, আকাৰ, আকৃতি বা ৰং অনুসৰি শ্ৰেণীভুক্ত কৰক৷ সৰু ল’ৰা-ছোৱালীৰ বাবে কেৱল স্পৰ্শ কৰা
আৰু পৰীক্ষা কৰাই যথেষ্ট হ’ব পাৰে৷
২)
পানীৰ খেল:
বাহিৰত
এটা কম গভীৰ পানীৰ পাত্ৰত বাতি, চামুচ, ফানেল, স্পঞ্জ আৰু পাত্ৰ ৰাখক৷ আপোনাৰ সন্তানক
ঢালিবলৈ, তুলিবলৈ, সলনি কৰিবলৈ আৰু পৰীক্ষা কৰিবলৈ দিয়ক৷
৩)
ঘৰতে তৈয়াৰী মণ্ড বা dough:
শিশুৰ
বাবে সুৰক্ষিত ঘৰতে বনোৱা মণ্ড বা ক্ৰয় কৰা ‘প্লে ডো’ (play dough) ব্যৱহাৰ কৰক৷ বেলনা,
কুকি কাটাৰ, বটলৰ মুখনি বা ভোটা প্লাষ্টিকৰ সজুলিৰ যোগান ধৰক৷ মণ্ডটোৱে কি তৈয়াৰ কৰিব
লাগে সেয়া দেখুওৱাৰ পৰিৱৰ্তে আপোনাৰ সন্তানক সিদ্ধান্ত ল’বলৈ দিয়ক৷
৪)
উবলেক্ (Oobleck, a non-Newtonian fluid): ২ ভাগ কৰ্ণফ্লাৱাৰ আৰু ১ ভাগ পানী (ইচ্ছা
কৰিলে খাদ্যৰ ৰঙ এক টোপাল) ব্যৱহাৰ কৰি এই সামগ্ৰী তৈয়াৰ কৰিব পাৰি৷ সৰু ল’ৰা-ছোৱালীয়ে
এই সামগ্ৰীৰ লগত খেলি বৰ আনন্দ পায়৷
৫)
ৰং কৰা: স্পঞ্জ, পাত, কাটা চামুচ, আৰু উদং হাতেৰে এখন ডাঙৰ কাগজত ৰং কৰিবলৈ দিয়ক৷
৬)
এটা কাপোৰৰ বেগত ঘৰখনত সহজতে পোৱা কিছুমান বস্তু ভৰাই ৰাখক৷ আপোনাৰ সন্তানক এটা সহজ
প্ৰত্যাহ্বান দিয়ক: তুমি খহটা কিবা এটা বিচাৰি উলিয়াব পাৰিবনে? তাৰ পিছত: “নিমজ কিবা
এটা?” বা “কোমল কিবা এটা?” আকৌ চকু বন্ধ কৰি শিশুটিক অকল হাতৰ স্পৰ্শৰ দ্বাৰা কোনো
এটা বস্তু বিচাৰিবলৈ দিব পাৰি৷ এইটো এটা আমোদজনক খেল৷
৭)
পাকঘৰ খেলা: মাটি, বালি, পানীৰ বাল্টি, কাঠৰ চামুচ, পুৰণি মাফিনৰ পাত্ৰ, লাঠি আৰু পাত
ব্যৱহাৰ কৰি শিশুটিক ভাত ৰন্ধা খেলিবলৈ দিব পাৰি৷
৮)
বৰফত উদ্ধাৰ অভিযান: সৰু প্লাষ্টিকৰ পুতলা প্লাষ্টিকৰ বাকচত পানীৰ সৈতে গোট মৰাই বৰফ
কৰি থৈ দিব পাৰে৷ পিছত শিশুটিয়ে পুতলাটি উদ্ধাৰ কৰিব৷ কুহুমীয়া পানী, ড্ৰ’পাৰ, চামোচ,
স্প্ৰে বটল, পুতলা হাতুৰী আদি উদ্ধাৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰে৷
৯)
শ্বেভিং ক্ৰীমৰে গাড়ী ধোৱা: সুগন্ধিহীন শ্বেভিং ক্ৰীম আৰু কাপোৰেৰে এটা টাবত পুতলা
গাড়ী এখন ধুবৰ বাবে দিব পাৰে৷
আপুনি
এই খেলত কেনেকৈ অংশ গ্ৰহণ কৰিব
শিশুক
অকলে এৰি দিয়াতকৈ দলগত পৰিৱেশত (Group setting) এই খেল ব্যৱহাৰ কৰাৰ বহুত সুফল আছে৷
যদি আমি নিজেও এই খেলত অংশগ্ৰহণ কৰোঁ, তেন্তে আমি তাত ভাষা, বিভিন্ন ধাৰণা আদি অন্তৰ্ভুক্ত
কৰিব পাৰোঁ৷ আমি শিশুটিৰ লগত ভাব-বিনিময় কৰিব পাৰোঁ আৰু সম্পৰ্ক স্থাপনৰ চেষ্টা কৰিব
পাৰো৷ যদি শিশুৱে সীমিত পৰিসৰত খেলে, তেন্তে আমি শিশুক জোৰ নকৰাকৈয়ে অধিক আমোদ আৰু
উদ্দীপনাৰে বিভিন্ন ধৰণৰ কাৰ্য-কলাপৰ লগত চিনাকি কৰি দিব পাৰোঁ৷ ইয়াৰ ফলত শিশুৱে স্বাভাৱিকভাৱেই
খেলিবলৈ কৰিবলৈ আৰম্ভ কৰিব৷
অভিভাৱকে
নিজেই খেলৰ নিয়ন্ত্ৰণ লোৱাটো উচিত নহয়, খেলৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰি, এটা সীমা প্ৰদান
কৰক, য’ত শিশুটিয়ে খেলিব, তাৰ পিছত আঁতৰি আহক আৰু আপোনাৰ শিশুটিক নেতৃত্ব দিবলৈ দিয়ক৷
খেলখন পৰিচালনা নকৰি, কেৱল কাষৰ পৰা শিশুটিয়ে কৰি থকা কাৰ্যৰ বৰ্ণনা কৰক৷ এজন আগ্ৰহী
পৰ্যৱেক্ষক হ’বলৈ চেষ্টা কৰক৷
“ওহ,
এইটো বৰ বিজলুৱা” বুলি কওক, কিন্তু “এটা বৃত্ত বনোৱা” বুলি নিৰ্দেশনা নিদিব৷ প্ৰশ্ন
কৰাৰ সলনি “কি হ’ব যদি...?” ৰ দৰে মুকলি প্ৰশ্ন সোধক৷ প্ৰক্ৰিয়াটোক সুৰক্ষা দিয়ক৷
তেওঁলোকৰ ধাৰণা অনুসৰণ কৰক৷ যদি আপোনাৰ সন্তানটোৱে সিদ্ধান্ত লয় যে বোকাৰ পাকঘৰটো
প্ৰকৃততে এখন ডাইনোছৰৰ হাস্পতাল, তেন্তে আপুনি ইয়াক মূল কাৰ্য-কলাপলৈ ঘূৰাই অনাৰ প্ৰয়াস
কৰিব নালাগে৷ কিছুমান শিশু গঠনৰ (texture) প্ৰতি সংবেদনশীল হয়৷ তেনে শিশুক আমন্ত্ৰণ
জনাওক, জোৰ নকৰিব৷ অনিচ্ছাৰ প্ৰতি শ্ৰদ্ধা জনাওক৷ খেলৰ পিছত, পৰিষ্কাৰ হোৱাৰ প্ৰতিও
মনোযোগ দিয়ক আৰু মুখত বস্তু দিয়া শিশুসকলক পৰ্যৱেক্ষণ কৰক৷
পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)