৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

স্বগতোক্তি

লেখকঃ পৰাগজ্যোতি মহন্ত • প্ৰকাশিতঃ ১৯ অক্টোবৰ, ২০২৬
১ মিনিট পঠন • ১৭৩২ বাৰ পঢ়া হৈছে

পৰাগজ্যোতি মহন্ত

কিদৰে বুজাওঁ নিজকে

কিমান যে অসহজ এই কথা 

অন্তৰাত্মাৰে ভেটাভেটি

ভিতৰৰ ন্যায়াধীশেৰে তুমুল বোধ-বিলাপ 

তামস তীৰত সৌৱা

সমুখত এটি পৱিত্ৰ প্ৰেম-পাত্ৰত নয়নত নয়ন থৈ ক্ৰৌঞ্চযুগল

কি দোষ আছিল মোৰ দৃষ্টিৰ তাত

উপভোগ নে দুৰ্ভোগৰ অভিলাষে

মোৰ দৃষ্টিয়ে লৈছিল সেই বাট

আছিল কি এই স্বগতোক্তিত মোৰ

যি পৌনঃপৌনিক !

মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শ্বাশ্বতী  সমাঃ ৷

যৎ ক্ৰৌঞ্চ মিথুনাদেক মবধী কাম মোহিতম্ ৷৷

সেই যন্ত্ৰণাৰ এপিয়লা বিষাদ

পিলো উঠি মই

কিমানবাৰ নিজকে সুধিলোঁ 

আছিল মোৰ ভাৱনা কিহৰে সংযুক্ত 

ইতিহাসেওতো কৰিলে মোক অমৰ

সোণালী সূতাৰে সী পেলালে মোক,মোৰ ইতস্ততঃ

ভাৱনাক 

সেই ব্যাধ কোন আছিল 

কোন আছিল সেই ব্যাধ

তীৰৰ যাৰ লক্ষ্য কামাতুৰ ক্ৰৌঞ্চ

ৰোধিব নোৱাৰিলে নিজকে কিয় 

কিয় নকৰিলে সমৰ্পণ বিবেকত হাত থৈ

ইন্দ্ৰিয়াসক্ত মনৰ দুৰ্বল প্ৰাচীৰ ভাঙি 

আদিতম মহাকবি হোৱাৰ বাসনা 

বাল্মীকিৰ আছিল নে নাছিল 

সেয়া জানিবলে’ পাতকী যে মই 

কথাৰ সাগৰৰ তলি উদং মোৰ

পূণ্য ভাৰতভূমি জন্মান্তৰৰ কাহিনী

ক্ৰৌঞ্চ-ৰামায়ণ ইত্যাদি 

মই কেনেকৈ পাওঁ পাৰ 

হে,বাল্মীকি কোৱা

ভ্ৰাম্যভাষঃ ৯১০১০৫১৯৬৭


প
লেখকৰ পৰিচয়

পৰাগজ্যোতি মহন্ত

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)