৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

হালধীয়া চৰাই

লেখকঃ হেমচন্দ্ৰ কছাৰী • প্ৰকাশিতঃ ২৭ জুলাই, ২০২৪
২ মিনিট পঠন • ৪৯৩ বাৰ পঢ়া হৈছে

হেমচন্দ্ৰ কছাৰী

আগে আগে গৈ থকা

বাটৰুৱা এজনে আমাৰ ফালে ঘূৰি চাই বৰ দুখেৰে ক’লে -

“হালধীয়া চৰাই অহা যোৱা কৰা বাট আছিল

এই বাটটো

কিমান যে সুখৰ আছিল !

আজিকালি নাহে জানা

বানে হেনো নিঃশেষ কৰি পেলালে

আমাৰ পথাৰৰ বাওধানৰ কঠীয়া!”

তেওঁৰ কথাষাৰ শুনি আকাশলৈ চালোঁ- 

জোন বেলি তৰা কাকো নেদেখিলোঁ

অৰণ্যখনলৈ চালোঁ-

কেৱল শুকান লঠঙা গছবোৰহে দেখিলোঁ

কথাবোৰ কি হৈছে টলকিবলৈয়ে নাপালোঁ

লাহে লাহে  অনুভৱ কৰিলোঁ 

ভৰি তলৰ মাটিখিনিও কঁপিছে

মই  এতিয়া দৌৰিছোঁ

ভোগালীৰ ক্ষণবোৰ মনত পেলাই মনত পেলাই

মাথোঁ দৌৰিছোঁ

আচলতে মই অগ্ৰজ বাটৰুৱাজনৰ কথা শুনি

বহুত ভয় খাইছোঁ

পৰা হ’লে বেলিটোকে থপিয়াই আনি

তালুৰ ওপৰত আকৌ বহুৱাই দিলোহেঁতেন

তলুৱাই টিপামাৰি ধৰিলোহেঁতেন

পূবলৈ ক্ৰমান্বয়ে দীঘল হৈ যোৱা দেহৰ ছাঁ

নোৱাৰে, কোনেও পাহৰিব নোৱাৰে

জুৰ মলয়া যেন

হালধীয়া চৰাইৰ শীতল বা !

হ
লেখকৰ পৰিচয়

হেমচন্দ্ৰ কছাৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)