৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চৰহা পোকৰ দৰে

লেখকঃ জয়ন্ত দত্ত • প্ৰকাশিতঃ ২৭ জুলাই, ২০২৪
১ মিনিট পঠন • ৭৭৬ বাৰ পঢ়া হৈছে

জয়ন্ত দত্ত

 

চৰহা পোকৰ দৰে

একুৰা জুইৰ দৰে

মহাজনী হাতবোৰে

আমাৰ সপোনবোৰ

 

কাকো বিশ্বাসত ল’ব নোৱাৰোঁ

মোৰ তেজেই মোৰ শৰীৰ এৰি গুচি যায়

 

মিছিলৰ সন্মুখত যেতিয়া তিনিজাঁই গুলী

বুকুৰ আৰ-পাৰ কৰি মচিছিলোঁ

এই মাটিক ভালপোৱাৰ পাপ

তেতিয়া তোমালোক ক’ত আছিলা

 

যেতিয়া ভাইটোক হেৰুৱাই মচিছিলোঁ

এই মাটিক ভালপোৱাৰ পাপ

আৰু তেওঁলোক অজস্ৰ ভাইৰ বুকুৰ তেজ গচকি  উভতি আহিছিল জলফাই ৰঙৰ পোছাক খুলি...

 

এতিয়া আমাৰ ভোকৰ নক্সা আঁকিছা

তোমালোকৰ জোখত

( আমাৰ ) পিঠিৰ ছাল চেলাই চিলাই দিছা মোনা..

 

চকু মুদিলেই দেখো এবাহ কঁদোৱে নেফানেফ

কৰা এপাহ ফুল

চকু মেলিলে চাৰিওফালে মাৰ শতচ্ছিন্ন কাপোৰ

 

দেউতাই কয়

“এই অপ্ৰাপ্তি এই দীনতা...

সজ হ ইটো জনমত সুখ পাবি

হাত নাদাঙিবি

চাপৰি বজা

তেওঁলোকে আঁকি লৈছে আমাৰ ভোকৰ ছবি

 

শাৰীত থিয় হৈ থাক”

জ
লেখকৰ পৰিচয়

জয়ন্ত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)