৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

গৌৰাং ২০১২

লেখকঃ ভাস্কৰজ্যোতি নাথ • প্ৰকাশিতঃ ২৫ জুলাই, ২০২৪
৩ মিনিট পঠন • ১২৭০ বাৰ পঢ়া হৈছে

 ভাস্কৰজ্যোতি নাথ

"Sweet Thames, run softly, till I end my song."

                    Edmund Spenser

জলকুৱঁৰীয়ে ইয়াতে পখালিছিল গা

বাগৰুম্বাৰ লহৰত এখন চিফুঙৰ নৈ

গৌৰাঙলৈ যোৱাৰ বাটত

দেখিছিলোঁ বুৰিব খোজা বেলিটোলৈ শিলগুটি দলিওৱা

এজাক অপসৃয়মান ছাযামুৰ্তি

দিনৰ পৰা ৰাতি হয় বগাই আহে এজাক সাপ

বতাহত ছালফাৰৰ গোন্ধ আকাশত কুকুহা

ভৰানৈৰ মাজত খেৰকুটা বিচাৰি ফুৰা এজাক মানুহ

আমি ৰাতিপূৱাৰ বেলি উঠালৈ বাট চালোঁ

দেখিলোঁ মানুহবোৰৰ চকুতো ওলমি থাকে সৰল হাঁহি

সিপাৰে বাস্তুহাৰাৰ দল

এসঁজীয়া পেটৰ চাপৰিটো ছাই আৰু ধোঁৱাৰ এখন প’ৰ্ট্ৰেইট

মানুহবোৰ বাৰু কেনি গ’ল

ওপঙি উঠে পানী যুৱঁলিত নিথৰ-নিস্তেজ শৰীৰ

ডোখৰ ডোখৰকৈ গোটাওঁ ছিন্ন হাত নাইবা গলিত দেহ

নৈ-ঘাটৰ পৰা মৰ্গৰ বাটত উশাহ গধুৰ

আকাশৰ পৰা সূৰ্যটো কাঢ়ি আনিব খোজা নিঠৰ দুপৰ

ৰাতিটো মানেই হাতীটো

কিদৰে শীতল বৰফৰ ধাতৱ হাত

বতাহত সীহ অথবা মঙহ পোৰা গোন্ধ

মাজনিশাৰ নৈখনত এদল ছায়ামুৰ্তিৰ ক্ৰন্দন চিৎকাৰ

হে’ ঈশ্বৰৰ পুত্ৰ তোমালোকক ধন্যবাদ

মই কালৰ জ্যোতিষ গণনা কৰি আহিছোঁ

হে’ৰা হিমলাৰ তুমি বাৰু গমি চাইছানে

তোমাৰ ঈশ্বৰ ক’ত ? বতাহত সেয়া

সীহৰ নে জুইত জাহ যোৱা মাৰল ঘৰৰ বাঁহ

পোৰাৰ শব্দ

মানুহৰ দেশ নাই মানুহৰ ঘৰ নাই

সিপাৰে ভোটাৰ অথবা ৰেশ্যন কাৰ্ডৰ মিছিল

ইপাৰে ধাতৱ বিস্ফোৰণ

ঠিকনাহীন মানুহবোৰে ঘৰ বিচাৰি ফুৰিছে

কাৰ তেজে তেজ মাতে

ইথাৰত বেতাৰত কিচিৰ মিচিৰ শব্দ

অস্কাৰ ছাৰ্লি ছিট্যুৱেশ্যন আপডেইট কি?

’কণ্ট্ৰ’ল ফ্ৰম অস্কাৰ ছাৰ্লি’

ছিট্যুৱেশ্যন নট আণ্ডাৰ কন্ট্ৰ’ল!

লঘোনীয়া পেটত ভোকৰ জুই

পোৰাঘৰৰ কাষতে ৰাতিটো লৈ খাপ পিটিলোঁ৷

হাতত ৰাইফল বতাহত মঙহ পোৰা গোন্ধ আৰু কলপাতত খিচিৰি

ক্ৰমে ক্ৰমে দেখান ময়ো ৰু ৰুৱাই জ্বলি উঠিছোঁ

ক্ৰমশঃ এপদ এপদকৈ নিঃশেষ হৈ আহিছে মোৰ শৰীৰ

এতিয়াও বাৰু আছোনে জী

আকাশলৈ চাই থকা বুঢ়াজনে বাৰু ভাবিছিলনে কেতিয়াবা

ঈশ্বৰ ইমান নিৰ্মম বুলি

ভাবিছিলনে তেওঁ এজাক ধুমহাত

তেজৰঙা হৈ বাঢ়ি আহিব গৌৰাং

চাপৰিৰ সেউজীয়াত তলপেট চোঁচৰাই

উভচৰ বিষাক্ত সাপ

গৌৰাঙৰ বুকুত এতিয়া কেৱল শিল আৰু শিল

মানুহবোৰ নাই ঠিকনা বিচাৰি ঘৰমুৱা হোৱা

তেজ ছাই আৰু সীহেৰে গৌৰাং ক’লা হ’ল

এতিয়া ইয়াত কেৱল শিল আৰু বালি

শেঁতা জোনাকত মৰিশালিবোৰত জুয়ে পোৰা

ঝাওবনে নিঃশব্দে উচুপে উভলি পৰি

মৃত মানুহবোৰৰ হাড়তো গজি উঠিব বন

কাৰণ মৃতক অসহায়

(পোৰা ঘৰৰ পুখুৰীটোত হাঁহজনীয়ে দেখোন সাঁতুৰি আছে!)

ভ
লেখকৰ পৰিচয়

ভাস্কৰজ্যোতি নাথ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)