৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সুখ কিনিব নোৱাৰি

লেখকঃ প্ৰাঞ্জল বেজবৰা • প্ৰকাশিতঃ ৩১ মে’, ২০২৪
৪ মিনিট পঠন • ২৫৬৫ বাৰ পঢ়া হৈছে

 প্ৰাঞ্জল বেজবৰা

১৯৪৫ চনৰ ডিচেম্বৰ মাহৰ ৩০ তাৰিখে ‘নিউয়ৰ্ক টাইমছ’ কাকতৰ সম্পাদকীয় পৃষ্ঠাত উইলিয়াম অগডনৰ ‘দ্য আৰ্ট অব হেপীনেছ’ শীৰ্ষক এটি লেখা প্ৰকাশ পাইছিল৷ সেই লেখাটোৰ মূল কথাখিনি অসমীয়ালৈ অনুবাদ কৰি অন্যযুগৰ পাঠকলৈ আগবঢ়ালোঁ৷ 

মানুহৰ সুখ-সুবিধা সৃষ্টিৰ বাবে যুগ যুগ ধৰি বিভিন্ন চৰকাৰ, প্ৰশাসন তথা অনুষ্ঠান-প্ৰতিষ্ঠানে কৰা প্ৰচেষ্টাৰ যেন অন্ত নাই৷ কিন্তু ব্যক্তিয়ে নিজৰ সুখৰ কাৰণে প্ৰয়োজনীয় ব্যক্তিগত গুণৰাজিৰ বিকাশত প্ৰায়ে মনোযোগ দিয়া দেখা নাযায়৷ মানৱ চৰিত্ৰৰ যিবিলাক গুণে অনেক বিপদ-বিঘিনিৰ মাজতো সুখৰ সন্ধান দিব পাৰে, তেনে চাৰিত্ৰিক গুণাৱলীৰ বিকাশৰ বাবে যেন ব্যক্তিগত দৃঢ়তাৰ অভাৱ৷ আমি সততে অধিক গুৰুত্ব দিয়া বিষয়বোৰ হৈছে - জীৱন নিৰ্বাহ পদ্ধতিৰ সংস্কাৰ, দৰ্মহা-মজুৰি বৃদ্ধি কৰা, অৰ্থনৈতিক গাঁথনিৰ নিয়ন্ত্ৰণ, চৰকাৰী নীতি আদি৷ কিন্তু মানুহে নিজকে উন্নত কৰাৰ কাৰণে বিশেষ একো নকৰে৷ 

সুখৰ উপাদনসমূহ তেনেই সৰল আৰু সিবিলাকৰ সংখ্যা আঙুলিৰ মূৰতে গণিব পৰা৷ সুখ ব্যক্তিৰ অন্তৰৰ পৰা আহে, ই সৰল সজগুণ আৰু স্পষ্ট বিৱেকতে নিৰাপদে থাকে৷ সুখ লাভৰ বাবে ধৰ্ম অত্যাৱশ্যকীয় নহয়; কিন্তু নৈতিক নীতি-নিয়ম পৰিহাৰ কৰি কোনেও সুখ লাভ কৰা নাই৷ স্বাৰ্থপৰতা সুখৰ শত্ৰু, আনক সুখী কৰিব পাৰিলে নিজেও সুখী হ'ব পাৰে৷ সুখ অতি শান্ত, হুলস্থূলৰ মাজত সুখ পোৱা নাযায়৷ অকলশৰীয়া নিৰ্জন মুহূৰ্তত সুখ প্ৰতিবিম্বিত হয়৷ সুখ কিনিব নোৱাৰি, ধনৰ লগত সুখৰ সম্পৰ্ক অতি শিথিল৷ 

নিজৰ ওচৰত সন্তুষ্ট নহ’লে কোনো মানুহ সুখী হ’ব নোৱাৰে৷ উদ্বেগহীন প্ৰশান্ত অৱস্থা লাভৰ যাত্ৰা আৰম্ভ কৰিব লাগিব আত্মবিশ্লেষণেৰে৷ আত্মবিশ্লেষণৰ ফলাফলত অৱশ্যে আমি প্ৰায়ে সন্তুষ্ট নহওঁ৷ ইমানবিলাক কৰণীয় আছে, অথচ তাৰে মাত্ৰ কেইটামানহে কৰিব পৰা হৈছে৷ এই আত্মবিশ্লেষণৰ ফলাফল প্ৰতিজন ব্যক্তিক আনতকৈ পৃথক কৰা তথা অদ্বিতীয় হিচাপে চিহ্নিত কৰা গুণাৱলী আৱিষ্কাৰৰ আধাৰত নিৰ্ভৰশীল আৰু সেইবিলাক গুণৰ বিকাশেই ব্যক্তি একোজনক সন্তোষ প্ৰদান কৰিব পাৰে৷ 

যুগ যুগ ধৰি সুখ অৰ্জনৰ বাবে আচনি প্ৰস্তুত কৰা ব্যক্তিসকলৰ ভিতৰত উইলিয়াম হেনৰি স্বান্নিত সফল হোৱা বুলি বিৱেচনা কৰা হয়৷ তেওঁৰ আঁচনিখন এনে ধৰণৰ :

* নিজৰ সীমিত উপাৰ্জনতে সন্তুষ্ট থকা,

* বিলাসিতাতকৈ ৰুচিবোধত গুৰুত্ব দিয়া,

* ফেশ্যনৰ পৰিৱৰ্তে উৎকৃষ্টতা লাভৰ বাবে যত্ন কৰা,

* যোগ্যতা অৰ্জনৰ বাবে কঠোৰ অধ্যয়ন কৰা,

* শান্তভাৱে চিন্তা কৰা,

* নম্ৰভাৱে কথা কোৱা

* অকপটভাৱে কাৰ্য কৰা,

* সকলো আনন্দেৰে গ্ৰহণ কৰা,

* সকলো কাম সাহসেৰে সম্পাদন কৰা,

* কেতিয়াও লৰালৰি নকৰা৷

মনত ৰাখিবা যে এইবিলাক কোনো চৰকাৰ বা প্ৰশাসনে তোমাৰ বাবে কৰি দিব নোৱাৰে, তুমি নিজেই সকলো কৰিব লাগিব৷

                                                             *** 

প
লেখকৰ পৰিচয়

প্ৰাঞ্জল বেজবৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)