৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

প্ৰথাগত ধৰ্ম আৰু মানৱতাবাদৰ যুঁজ

লেখকঃ বাসুদেব দাস • প্ৰকাশিতঃ ২৬ এপ্ৰিল, ২০২৪
১৪ মিনিট পঠন • ১০৯০ বাৰ পঢ়া হৈছে

বাসুদেব দাস

           

            ‘তুমি ধৰ্ম-টৰ্ম বিশ্বাস নকৰাঁ, ইয়াৰ বাবে মোৰ কোনো দুঃখ নাই।এটা সময়ত আছিল।মিছা কথা নকওঁ— কিন্তু এটা মানুহে সেইবোৰ নামানিও কিমান সৎ হ’ব পাৰে এতিয়া বুজিব পাৰিছোঁ।’        —গণশত্ৰুঃ সত্যজিৎ ৰায়।

            বহুদিন আগতে দূৰদৰ্শনত প্ৰচাৰিত সত্যজিৎ ৰায়ৰ ’গণশত্ৰু  চাইছিলোঁ।নৰৱে ৰ বিখ্যাত নাট্যকাৰ হেনৰিক ইবছেনৰ ‘এন এনিমি অফ দ পিপল’ নাটকৰ ভাৰতীয় ৰূপান্তৰ ‘গণশত্ৰু’। ওপৰত উল্লিখিত সংলাপটোৱে মোৰ মনত বেছ কিছুদিন ধৰি খলকনিৰ সৃষ্টি কৰিছিল। আমি মুখেৰে যিমানেই প্ৰগতিশীল কথা নকঁও কিয়, জীৱনৰ বাটত আগ বাঢ়োঁতে যেতিয়া কোনো ধৰণৰ সমস্যাৰ সম্মুখীন হওঁ তেতিয়া মানৱিকতাক তল পেলাই প্ৰধান হৈ উঠে প্ৰথাগত ধৰ্ম।

            ৰামকৃ্ষ্ণদেৱে কৈছিল, ‘যত মত তত পথ।’ কিন্তু বাস্তৱত আমি আনৰ মতৰ প্ৰতি কোনো ধৰণৰ শ্ৰদ্ধা প্ৰদৰ্শন নকৰোঁ, নিজৰ মতকে একমাত্ৰ সঠিক বুলি ভাবোঁ। অন্য মতাৱলম্বী মানুহবোৰক আমি তেতিয়া বিধৰ্মী কাফেৰ বুলি ভাবোঁ। বিভিন্ন যুগত দেশ- বিদেশত ধৰ্মক কেন্দ্ৰ কৰি যিমান যুঁজ-বাগৰ, মৰামৰি, সংঘৰ্ষ সংঘটিত হৈছে সেইবোৰেই প্ৰমাণ কৰে যে ব্যক্তিগত ধৰ্মীয় বিশ্বাস যেতিয়া সমষ্টিৰ উন্মাদনাত পৰিণত হয় তেতিয়া মানৱ সভ্যতাৰ ইতিহাসলৈ ৰাতিৰ আন্ধাৰ নামি আহে। আমি তেতিয়া আমাৰ প্ৰগতি, যুক্তি সকলো পাহৰি গৈ প্ৰাগতৈহাসিক যুগলৈ উভতি যাওঁ।

            ৰুছ মনীষী টলষ্টয়ে তেঁওৰ ‘এছে জ এণ্ড লেটাৰ্ছ’ গ্ৰন্থত ধৰ্মক তিনিটা ভাগত ভাগ কৰিছে। প্ৰথমত ‘এছেনছিয়াল অফ ৰিলিজন’ অৰ্থাৎ ধৰ্মৰ মূল কথা। যেনে, সঁচা কথা কোৱা, চুৰি নকৰা, দুখীয়াৰ সেৱা কৰা, মানুহক ভালপোৱা ইত্যাদি। এই ক্ষেত্ৰত সকলো ধৰ্মই সমান। কিয়নো সকলো ধৰ্মতেই এই নীতিবোৰ বৰ্তমান।

            দ্বিতীয়ত, ‘ফিলজফি অফ ৰিলিজিয়ন’ অৰ্থাৎ জন্ম, মৃত্যু, পুনৰ্জন্ম, বিশ্বসৃষ্টি ইত্যাদি সম্পৰ্কত দাৰ্শনিক আলোচনা।

            তৃতীয়ত,‘ৰিছুৱেলস অফ ৰিলিজিয়ন’ অৰ্থাৎ ধৰ্মীয় সংস্কাৰ, ধৰ্মীয় আচাৰ-আচৰণ ইত্যাদি। এই ক্ষেত্ৰতেই যতমানে গণ্ডগোল। ধৰ্মগ্ৰন্থত যিমানই প্ৰেমৰ কথা নাইবা বিশ্বমানৱ্তাৰ কথা নাথাকক কিয়, প্ৰতিটি ধৰ্মৰ মানুহ আন ধৰ্মৰ মানুহক হীন চকুৰে চায়। সেইবাবে ক’ৰবাত কিবা প্ৰাকৃ্তিক দুৰ্যোগত মানুহৰ মৃত্যু হ লে প্ৰথমতেই আমাৰ মনত যি কথাৰ উদয় হয় সেয়া হ ল এই মৃত মানুহবোৰ কো্ন ধৰ্মৰ? এই প্ৰসঙ্গত আমি হোমেন বৰগোহাঞিৰ বিখ্যাত প্ৰবন্ধ ‘অশ্ৰুৰ উৎস যেতিয়া শুকাই যায়’ৰ কথা মনত পেলাব পাৰোঁ।

            ধৰ্ম সদায় কিছুমান মানুহৰ বাবে এটা লাভজনক ব্যবসায় হিচাপে প্ৰতীয়মান হৈ আহিছে। সাধাৰণ মানুহৰ বিশ্বাস এনে ব্যৱসায়ৰ মূল। এই তথাকথিত ধৰ্মগুৰুবোৰৰ কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম কৰাৰ প্ৰয়োজন নহয়। এনে গুৰুসকলক সকলো ধৰণৰ আৰাম আয়াস যোগান দি ভক্তসকলে কৃ্তাৰ্থ বোধ কৰে।

            ধৰ্মীয় আৱেগে মানুহৰ মাজত নানা ধৰণৰ মিথ্যা কুসংস্কাৰৰ জন্ম দিয়ে। বহু তথাকথিত উচ্চশিক্ষিত ব্যক্তিও তাৰ পৰা মুক্ত নহয়। আমেৰিকান টিভিত এজন উচ্চশিক্ষিত পাদ্ৰীয়ে বাইবেলৰ সমৰ্থনত দৃপ্তকণ্ঠে ক বলৈ শুনা গৈছিল, পৃ্থিৱীৰ সৃষ্টি হৈছিল মাত্ৰ ছয় হেজাৰ চাৰি বছৰ আগতে। বাইবেলৰ বিৰুদ্ধে কথা কোৱাৰ বাবে বিজ্ঞান সাধক গেলিলিওৰ ওপৰত হোৱা গীৰ্জাৰ অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ কথা আজি আৰু কাৰো বাবে নজনা কথা নহয়। আমাৰ দেশত সৌ সিদিনালৈকে ধৰ্মৰ নামত সতীদাহ প্ৰথা প্ৰচলিত আছিল। কমল মজুমদাৰৰ ‘অন্তৰ্জলি যাত্ৰা  উপন্যাস আৰু চলচ্চিত্ৰত আমি দেখিবলৈ পাঁও কেনেকৈ স্নেহশীল দেউতাক মৃত্যুৰ পাছত পৰকালত পুণ্য লাভৰ আশাত একমাত্ৰ জীয়ৰীক এক আশী বছৰীয়া মৃত্যুপথযাত্ৰী পাত্ৰৰ হাতত সমৰ্পণ কৰিবলৈও দ্বিধাবোধ নকৰে। ধৰ্মীয় আচৰণ বিধিৰ এনে মৰ্মান্তিক ৰূপ চকুৰ আগতে দেখি আমাৰ অন্তৰাত্মা শিয়ৰি উঠে।

             ‘গণশত্ৰু’ৰ কাহিনীটো এনে ধৰণৰ।গণশত্ৰু ডঃ অশোক গুপ্ত চণ্ডীপুৰৰ এজন বিশেষ ডাক্তৰ। যথেষ্ট যোগ্যতা থকা সত্তেও ডঃ গুপ্ত চহৰৰ অজস্ৰ প্ৰলোভনক এৰাই চণ্ডীপুৰক ভালপাই কাৰণে ইয়াৰ হাস্পতালতে চাকৰি লৈছে।

            চণ্ডীপুৰৰ মূল আকৰ্ষণ ত্ৰিপুৰেশ্বৰী মন্দিৰ দৰ্শনৰ বাবে প্ৰতিদিন অজস্ৰ মানুহ আহে। তাৰ মাজত হেজাৰ হেজাৰ মানুহ সদায় মন্দিৰত চৰণামৃত পান কৰে। তেওঁলোকৰ দৃঢ় বিশ্বাসযে চৰণামৃত বহুতো জটিল ৰোগৰ উপশম কৰিবলৈ সক্ষম।আনকি পৌৰসভাৰ চেয়াৰমেন, ডঃ অশোক গুপ্তৰ ভায়েক নিশীথ গুপ্তৰো বিশ্বাস যে মন্দিৰলৈ যোৱা-অহাৰ বাবে তেঁওৰ স্পণ্ডিলাইটিছ ভাল হৈ গৈছে।

            মন্দিৰৰ দৈনিক আয়ৰ কথা শুনিলে সাধাৰণ মানুহৰ আচৰিত হোৱাৰ কথা।দূৰদৰ্শী আৰু প্ৰচণ্ড বাস্তৱবুদ্ধি থকা নিশীথবাবুৰ পৰিকল্পনাত মন্দিৰটো গঢ় লৈ উঠিছে।

            চণ্ডীপুৰৰ ভালেমান মানুহ মাৰাত্মক ধৰণৰ জণ্ডিচ আৰু আন কিছুমান জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ বাবে ডঃ অশোক গুপ্ত অঞ্চলটোৰ পানী বৈজ্ঞানিক বিশ্লেষণৰ বাবে পঠায়। পানীত মাৰাত্মক ধৰণৰ জীৱাণুৰ সন্ধান পাই ডঃ গুপ্তই ‘জনবাৰ্তা’ কাকতৰ জৰিয়তে জনসাধাৰণক সতৰ্ক কৰি দিয়ে। লাহে লাহে পৌৰসভাৰ চেয়াৰমেনৰ লগত ডঃ গুপ্তৰ সংঘাত অনিবাৰ্য হৈ উঠে। পৌৰসভাৰ মতে মতে মন্দিৰৰ চৰণামৃতত কোনো ধৰণৰ জীৱাণু থাকিবই নোৱাৰে। তেওঁলোকে আৰু কয় যে ডঃ অশোক গুপ্তৰ নিচিনা অধাৰ্মিক মানুহৰ বাবে চৰণামৃতৰ মাহাত্ম্য বুজি উঠা কোনোদিনেই সম্ভৱ নহয়।

            মানৱপ্ৰেমিক ডঃ অশোক গুপ্ত অকলে এটা বিৰাট প্ৰতিপক্ষৰ বিৰু্দ্ধে যুঁজিবলৈ আৰম্ভ কৰে। ব্যক্তিগতভাৱে কোনো ধৰ্মীয় আচৰণত বিশ্বাসী নহ’লেও ডঃ গুপ্তই মানুহৰ ধৰ্মীয় বিশ্বাসক সদায় সম্মান কৰে। ডঃ গুপ্তৰ বক্তব্য ধৰ্মীয় সংস্কাৰ অনুসৰি মন্দিৰৰ পানীক চৰণামৃত হিচাপে ব্যবহাৰ কৰি্লে কঠিন ব্যাধিৰ পৰা কোনোৱে বচাব নোৱাৰিব।দুৰ্ভাগ্যৰ কথা যে ডঃ গুপ্তৰ এই সতৰ্কীকৰণক কোনো গুৰত্ব দিয়া নহয়। সিহঁতৰ বাবে মানুহতকৈ ধৰ্মীয় আচাৰ-আচৰণ বেছি প্ৰয়োজনীয়। গতিকে উচ্চশিক্ষিত মানুহবোৰ নিৰ্বিকাৰভাৱে বিজ্ঞানৰ সত্যক আওকাণ কৰে। আচলতে মন্দিৰত দৰ্শনাৰ্থীৰ সংখ্যা কমি গ’লে বহুতৰ স্থায়ী আয়ৰ নাটনি হব।

            এই যুদ্ধৰ বাবে ডঃ গুপ্তৰ ছোৱালী ইন্দ্ৰানীৰ চাকৰি নোহোৱা হয়। শেষত ডঃ গুপ্তয়ো হস্পিটেলৰ চাকৰি এৰিব লগীয়া হয়। সেয়া তেওঁৰ বাবে মানুহক ভাল পোৱাৰ পুৰস্কাৰ। সমাজত তেঁও গণশত্ৰু হিচাপে পৰিচিতি লাভ কৰে।

            আমাৰ জাতীয় নেতা মহাত্মা গান্ধীৰ জীৱন আছিল ধৰ্মাশ্ৰয়ী। গান্ধীজীৰ চিন্তাধাৰাত ঈশ্বৰৰ সৰ্বগ্ৰাসী প্ৰভাৱ বিশেষকৈ লক্ষ্য কৰিলগীয়া। এনে প্ৰভাব মাজে মাজে জাতীয় নেতাক যুক্তিৰ পথ পৰিহাৰ কৰি আবেগৰ জৰিয়তে পৰিচালিত কৰিছে।

            ১৯৩৪ চনৰ ১৫ জানুৱাৰী উত্তৰ ভাৰতত ভীষণ ভূইকঁপ হৈছিল। এই প্ৰাকৃ্তিক দুৰ্যোগৰ বাবে বিহাৰত বহু মানুহৰ মৃত্যু হয়। গান্ধীজী তেতিয়া দক্ষিণ ভাৰতত। তাৰ এটা জনসভাত গান্ধীজীয়ে বিহাৰৰ ভূইকঁপক ঈশ্বৰপ্ৰেৰিত শাস্তি বুলি বৰ্ণনা কৰে। শাস্তিৰ কাৰণস্বৰূপ তেঁও বিহাৰত প্ৰচলিত অস্পৃশ্যতাক দায়ী কৰে। ফেব্ৰুৱাৰি মাহৰ হৰিজন পত্ৰিকাত গান্ধীজী বিহাৰৰ ভূইকঁপ আৰু অস্পৃশ্যতাৰ মাজত এটা ৰহস্যময় সম্পৰ্ক আবিষ্কাৰ কৰি লিখে—‘I share the belief with the whole world-civilized and uncivilized –that calamities (such as the Bihar earthquake of 1934) come to mankind as a chastisement for their sins.’

            প্ৰাকৃ্তিক দুৰ্যোগৰ এনে ধৰণৰ ব্যাখ্যাত তেতিয়াৰ সমাজৰ বহু বিখ্যাত চিন্তাবিদক গান্ধীজীৰ প্ৰতি বিৰূপ মনোভাবাপন্ন কৰি তুলিছিল।

            ৰবীন্দ্ৰনাথ ঠাকুৰো নিৰীশ্বৰবাদী নাছিল। আধ্যাত্মিকতা তেওঁৰ সাহিত্য সাধনাৰ এটা প্ৰধান দিশ আছিল। এনেজন ৰবীন্দ্ৰনাথকো আনকি গান্ধীজীৰ এনে অদ্ভুত আৰু অবৈজ্ঞানিক ব্যখ্যাই ক্ষুব্ধ কৰি তুলিছিল।তেঁও সুস্পষ্ট আৰু সুসংযত ভাষাত গান্ধীজীৰ ব্যাখ্যাৰ সমালোচনা কৰি প্ৰকাশ্য জনসভাত কৈছিল—‘It has caused me a painful surprise to find Mahatma Gandhi accusing those special custom of untouchability of having brought down God’s vengeance upon certain parts of Bihar, evidently specially for his desolating displeasure because this kind of unscientific view of phenomenon is too readily accepted by a large section of our countrymen.’

          আমাৰ দেশৰ মহাপুৰুষসকলৰ মাজত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ ধৰ্মৰ বাহ্যিক আচাৰ-আচৰণত বিশ্বাসী নাছিল। মানৱতাবাদৰ পূজাৰী বিদ্যাসাগৰৰ জীৱনত পৰকালৰ স্বৰ্গলাভৰ পৰা ইহলোকত মানুহৰ মঙ্গল কামনাৰে নানা ধৰণৰ জনহিতকৰ কামত লিপ্ত থকা বহু বেছি প্ৰাৰ্থনীয় আছিল। বিদ্যাসাগৰৰ জীৱন ধৰ্ম আৰু আধ্যাত্মিকতাক বাদ দি প্ৰগতিমুখী সমাজ জীৱনৰ প্ৰায় প্ৰতিটি ক্ষেত্ৰত জ্বলন্ত শিখাৰ নিচিনা উজ্জ্বল আৰু দীপ্যমাণ।গতিকে বেনাৰসৰ পাণ্ডাসকলৰ মুখৰ ওপৰত তেঁও কৈ দিব পাৰিছিল, ‘মই তোমালোকৰ বিশ্বেশ্বৰক নামানোঁ।’

            ৰামকৃ্ষ্ণ পৰমহংসৰ অনুৰোধও বিদ্যাসাগৰক দক্ষিণেশ্বৰ দৰ্শন কৰিবলৈ আগ্ৰহী কৰিবলৈ নোৱাৰিলে।সেই সময়ৰ বহু পণ্ডিত,বিখ্যাত ব্যক্তিক ৰামকৃ্ষ্ণ পৰমহংসই প্ৰভাৱান্বিত কৰিছিল।আনকি নৰে্ন্দ্ৰনাথৰ নিচিনা যুক্তিবাদী যুৱকো ৰামকৃষ্ণৰ সংস্পৰ্শত আহি সৰস ভক্তিবাদীত পৰিণত হৈছিল।ইয়াৰ মাজত এক উজ্জ্বল ব্যতিক্ৰম আছিল বিদ্যাসাগৰ।বৰং বিদ্যাসাগৰৰ এটা মাৰাত্মক প্ৰশ্নত পৰমপুৰুষ ৰামকৃষ্ণ যথেষ্ট অস্বস্তিকৰ অবস্থাত পঢ়িছিল বুলি আমি ভাবোঁ।গভীৰ, জ্বলন্ত, জীৱন্ত এটা প্ৰশ্ন। এজন আদৰ্শবাদী মানৱতাবাদীৰ উপযুক্ত প্ৰশ্ন।

            ‘কথামৃত’ৰ পৰা আমি গম পাঁও বিদ্যাসাগৰে অভিমান কৰি ৰামকৃ্ষ্ণক ক’লে— ‘ঈশ্বৰক মতাৰ কোনো প্ৰয়োজন আছে নে আৰু? চেঙ্গিজ খাঁই যেতিয়া লুটপাট আৰম্ভ কৰি্লে তেতিয়া বহু মানুহক বন্দী কৰিলে। লাহেলাহে বন্দীৰ সংখ্যা বাঢ়ি গৈ এক লক্ষ অতিক্ৰম কৰি গ’ল। তেতিয়া সেনাপতিয়ে আহি ক’লে, মহাশয় সিহঁতক কোনে খুৱাব?লগত ৰাখিলে আমাৰ বিপদ। কি কৰিম সিহঁতৰ? এৰি দিলেও বিপদ দেখোন। তেতিয়া চেঙ্গিজ খাঁই ক’লে, সিহঁতক বধ কৰাঁ। লগে লগে ইমানবোৰ মানুহক হত্যা কৰাৰ হুকুম হৈ গ’ল। সেই হত্যাকাণ্ডকো তো ঈশ্বৰে চাইছিল! কিয় সেইখিনি বন্ধ কৰাৰ চেষ্টা নকৰিলে? গতিকে ঈশ্বৰক থাকিবলৈ দিয়ক। মোৰ দৰকাৰ নহয়। মোৰ তো কোনো ৰকম উপকাৰ নহ’ল।’

            বিব্ৰত ৰামকৃ্ষ্ণই বিদ্যাসাগৰৰ এনে ব্যাখ্যা শুনি সেই মুহূৰ্তত কোনো কথা বিচাৰি নাপালে।তেঁও ক’লে– ‘ঈশ্বৰেৰ কাৰ্য কী বোঝা যায়? তিনি কী উদ্দেশ্যে কী কৰেন? তিনি সৃষ্টি পালন-সংহাৰ সবই কৰছেন।…আমি আম খাই ,গাছ পাতাৰ হিসাবে আমাৰ দৰকাৰ নেই।’

            কোৱা বাহুল্য মাথোন যে ভক্তিবাদীসকলে এনে উত্তৰত আনন্দিত হ’লেও প্ৰবল যুক্তিবাদী ঈশ্বৰচন্দ্ৰক সন্তুষ্ট কৰিবলৈ সম্ভৱ হোৱা নাছিল। অধ্যাপকৰ বংশত জন্মগ্ৰহণ কৰি, ৰক্ষণশীল ব্ৰাহ্মণ পণ্ডিতৰ সন্তান হোৱা সত্ত্বেও তেজস্বী বিদ্যাসাগৰে বেদান্তক ভ্ৰান্ত দৰ্শন বুলি ক’বলৈ দ্বিধা কৰা নাছিল। শেষ জীৱনত নানা ধৰণৰ মানসিক আঘাতত বিপৰ্যস্ত বিদ্যাসাগৰ কাৰ্মাটাৰত সহজ সৰল জীৱন যাপন কৰা সাঁওতালসকলৰ মাজত দিন কটাইছিল। আমি লক্ষ্য কৰোঁ, চৰমতম মানসিক বিপৰ্যয়ৰ দিনবোৰতো বিদ্যাসাগৰে ঈশ্বৰৰ সান্নিধ্য লাভৰ বাবে কোনো ধৰণৰ আগ্ৰহ নাইবা ব্যাকুলতা প্ৰকাশ কৰা নাই।জীৱনৰ শেষ দিনলৈকে  মানুহেই আছিল তেঁওৰ চৰম আৰাধ্য আৰু সাধনাৰ ধন।

***

(প্ৰবন্ধটো লিখাৰ আঁৰত গোলাঘাটৰ শ্ৰদ্ধেয় পৰমানন্দ গোস্বামী মহোদয়ৰ  অনুপ্ৰেৰণা আছিল। তেখেতৰ ওচৰত মই কৃতজ্ঞ। – লেখক)

         ফোন 

 

 

  

 

 

   

       

 

ব
লেখকৰ পৰিচয়

বাসুদেব দাস

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)