৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

আদিংগিৰি : সম্ভাৱনাময় প্ৰাপ্ত-স্থানক

লেখকঃ নীলোৎপল বৰুৱা • প্ৰকাশিতঃ ৩১ মাৰ্চ, ২০২৪
৭ মিনিট পঠন • ২০৭৩ বাৰ পঢ়া হৈছে
আদিংগিৰি : সম্ভাৱনাময় প্ৰাপ্ত-স্থানক
ডাঙৰকৈ চাওক (Zoom)

 নীলোৎপল বৰুৱা



 

মহানগৰীৰ হট্টগোল আৰু কংক্ৰিটৰ অৰণ্যৰ পৰা নাতিদূৰৈত আদিংগিৰি টিলা৷ টিলাটো প্ৰাকৃতিক আশীৰ্বাদপুষ্ট৷ আনন্দময়৷ টিলাটোৰ‌পৰা সন্ধ্যা  মালিগাঁৱৰ ব্যস্ত ৰাজপথ আৰু দোকান পোহাৰবোৰ এখন চাইক’ডেলিক লেণ্ডস্কেপৰ দৰে দেখা যায়৷ হেৰাই যাব পৰাকৈ যথেষ্ট৷

আদিংগিৰিক আদিতে দুৰ্গা সৰোবৰ হিচাপে জনা গৈছিল৷ ৰাস্তা-পদূলি অনুন্নত যদিও বৃহদাকাৰ৷ সম্প্ৰতি সুচল৷ মালিগাঁৱৰ পৰা লু্ংলুঙীয়া গো-বাটেৰে উঠি আহিব পৰা অঞ্চলটোত এটা সময়ত দিনতে বাঘ ওলাইছিল৷ তালৈ উঠি অহা মিশ্ৰিত জনগোষ্ঠীৰ লোকসকলে এটা সমূহীয়া আৰু আত্মীয়তাৰে ভৰা জীৱন যাপন কৰিছিল৷

ৰে’লনগৰী মালিগাঁৱৰ নাট্য ইতিহাস গপচ্৷ পঞ্চাশৰ দশকৰ পৰাই চলতি৷ আশু বানাৰ্জী, খোকন সৰকাৰ, জীৱন ৰয়, মনোৰঞ্জন শূৰ, শান্তিময়, কাঞ্জীলাল, বিমল দে’ ৰ পৰা ৰত্ন ওজালৈকে এক দীঘলীয়া ইতিহাস৷ মালিগাঁৱে – ‘নৱজ্যোতি কলা পৰিষদ’, ‘গহ্বৰ নাট্য গোষ্ঠী’, ‘সমস্বৰ’ আদিৰ দৰে শক্তিশালী নাট্যানুষ্ঠানৰ জন্ম দি নাটকৰ ধাৰাপ্ৰৱাহক অক্ষুণ্ণ ৰাখিছে৷ 

সেই আদিংগিৰিতে ‘অভিজ্ঞানম’ৰ ‘আদিংগিৰি নাট সমাৰোহৰ’ পঞ্চমটো বৰ্ষৰ দৰ্শক হোৱাৰ সৌভাগ্য ঘটিল৷ যোৱা পহিলা মাৰ্চৰ পৰা তিনি মাৰ্চলৈকে৷ তাৰে দুটামান দৰ্শনী মাছখোৱাৰ প্ৰকল্পতো মঞ্চায়িত হৈছিল৷ 

মালিগঞা নাটকৰ ইতিহাসৰ সোণসেৰীয়া বাটেৰে গৈ থকা মানৱেন্দ্ৰ ৰণহাং চৌধুৰীয়ে এটা দশকৰ আগতে স্থাপন কৰা ‘অভিজ্ঞানম’ এটা সম্ভাৱনাময় গোষ্ঠী৷ যোৱা দশকটোত অভিজ্ঞানমে সম্পৰীক্ষামূলক নাট মঞ্চায়নৰ পৰা আৰম্ভ কৰি শিশুনাটক কৰ্মশালালৈকে বিভিন্ন কৰ্মকাণ্ড নিৰৱচ্ছিন্নভাৱে কৰি গৈছে৷ তদুপৰি ‘অভিজ্ঞানমে’ নাটকৰ নিৰন্তৰ সম্পৰীক্ষাৰে নিতে নতুন মঞ্চায়ন কৰি আহিছে৷ মানৱেন্দ্ৰ ৰণহাং চৌধুৰীৰ অভিযোজনাসমূহ বৌদ্ধিক মহলতো বাৰুকৈয়ে চৰ্চিত৷ 

পৃথিৱীজুৰি প্ৰচেনিয়ামৰ বিকল্প স্থানৰ অন্বেষণৰ অন্তত আমাৰ হাতলৈ বহুকেইটা স্থানিক আৰু মাত্ৰিক বিকল্প আহিছে৷ চলন্ত বাছ, চ’ৰাঘৰ, নৈ-পাৰ, শালনী, বাঁহনি আদি বহু স্পে’চত নাট মঞ্চায়নৰ ন-ন সম্পৰীক্ষা নিতৌ চলিছে৷ ই নাটকৰ ক্ষেত্ৰখনলৈ এটা শুভংকৰ পৰিৱৰ্তন আনিছে৷ ভাৰী প্ৰপচ্, বৃহদাকাৰ আলোকসম্পাত সঁজুলি, বিশাল মঞ্চ ব্যৱস্থাই হেঁচা মাৰি ধৰি ৰখা বহু উকমুকনিয়ে এতিয়া কম খৰছত নন্দনতাত্ত্বিকভাৱে আইডিয়েল দৰ্শকৰ কাষ পাইছেহি৷ সময়ত তাৰ বহু বিকল্প ৰৈ যাব আৰু কিছু নিশ্চিতভাৱে অপাংক্তেয় হ’ব৷




আদিংগিৰিৰ মঞ্চ আৰু তাৰ স্থানিক (Spatial) মাত্ৰা আমাৰ দৃষ্টিৰে এক প্ৰাকৃতিক দান৷ এঢলীয়া টিলাৰ তলতে আৰু কাষতে লাগি থকা এটা প্ৰচেনিয়াম আকৃতিৰ মঞ্চ৷ দৰ্শকৰ বাবে টিলাটোৰ ঢালত ঢাপ কাটি তৈয়াৰ কৰা এটা গেলাৰী৷ ক্ষেত্ৰখনলৈ প্ৰৱেশৰ পথটো বাঁহনিয়ে আৱৰি ৰখা সুৰুকীয়া বাট৷ প্ৰচেনিয়াম আৰু প্ৰকৃতিৰ মাজত এটা সহজ সহাৱস্থানেৰে আদিংগিৰিৰ স্পে’চে এক অন্য মাত্ৰা পৰিগ্ৰহণ কৰিছে, এক ধৰণৰ এশৰীয়া প্ৰচেনিয়ামযুক্ত এম্ফিথিয়েটাৰলৈ পৰিণত হৈছে৷ ই আদিংগিৰিৰ দেশী বিদেশী দৰ্শক আৰু নাট্যবোদ্ধাক এক অনন্য অভিজ্ঞতা প্ৰদান কৰিব৷

মূল মঞ্চ স্থানলৈ সোমাই যাওঁতে মাটি কাটি কৰা খটখটি আৰু তাত দিয়া ফুটলাইটসমূহে এটা মায়াৱী পৰিৱেশ তৈয়াৰ কৰিছে৷ যিটো দৰ্শক প্ৰস্তুতিৰ সহায়ক৷

আদিংগিৰিৰ নাট্যক্ষেত্ৰখনক আমি Found Space বা প্ৰাপ্ত-স্থানক হিচাপে অভিহিত কৰিবলৈ ভাল পাম৷ মঞ্চৰ বিভিন্ন প্ৰকাৰৰ মাজত Found Space-এই আজিৰ তাৰিখত অসমৰ বহু সম্পৰীক্ষামূলক নাট সমাৰোহৰ উপজীৱ্য হৈছে৷ আদিংগিৰিৰ মঞ্চক্ষেত্ৰ এটা প্ৰাপ্ত স্থানকলৈ নিজাববীয়াকৈ উত্তৰিত হৈছে৷ প্ৰচেনিয়ামৰ তলতে এটা প্ৰাকৃতিকভাৱে তৈয়াৰী অৰ্কেষ্ট্ৰা পিট্৷ দৃষ্টিসীমাত মঞ্চ, অপসৃয়মানভাৱে সৰলৰৈখিক৷ ঢালত প্ৰায় তিনিশ মানুহৰ বাবে আৰামদায়ক আসন৷ সম্প্ৰতি অসমত চলি থকা নাট সমাৰোহৰ বহুখিনিয়েই বিকল্প স্পে’চৰ৷ প্ৰচলিত ধাৰাৰ বিপৰীতে সকলোৱে নিজৰ হাতত মজুত থকা Found Space-সমূহ ব্যৱহাৰ কৰি নাট মঞ্চায়নৰ চেষ্টা কৰিছে৷ দেখা গৈছে বহুকেইটা স্পে’চেই সহজ আৰু সম্পূৰ্ণতম মঞ্চায়নৰ বাবে উপযোগী নহয়৷ বহুকেইটাত শব্দৰ প্ৰক্ষেপণ (যান্ত্ৰিক বা অযান্ত্ৰিক) সুষম আৰু স্বস্তিপ্ৰদায়ক হোৱা নাই৷ বহু পৰিপ্ৰেক্ষিত বা বে’কড্ৰপ বাস্তৱ ক্ষেত্ৰত ব্যৱহাৰ উপযোগী, ফলপ্ৰসূ আৰু মঞ্চায়নক্ষম হৈ উঠা নাই৷ তাৰ মাজতে বহুকেইটা নাট্যক্ষেত্ৰ‌ই এক নিজা মাত্ৰা আৰোপ কৰি একো একোটা নাট সমাৰোহক দৰ্শকৰ বাবে অনবদ্য অভিজ্ঞতাৰ উৎস কৰি তুলিছে৷


বিকল্প স্থানৰ এই নিৰন্তৰ সন্ধানে অসমৰ নাটকক অন্য দিক্‌দৰ্শন অচিৰেই কৰাব৷ অদূৰ ভৱিষ্যতে বিকল্প স্পে’চযুক্ত একো একোটা নাট সমাৰোহে পৰম্পৰাগত নাট সমাৰোহসমূহতকৈ দৰ্শকক অধিক খোৰাক যোগাবলৈ সক্ষম হ’ব৷ নাটকৰ আনন্দ, মানদণ্ড আৰু ৰুচিশীলতাৰ বাদেও স্পে’চসমূহেও নতুন দৰ্শকক নাটকৰ থলীত উপস্থিত হ’বলৈ বাধ্য কৰিব৷

তাৰ আগজাননী ইতিমধ্যেই পোৱা গৈছে৷ ৰুদ্ধ আৰু শুষ্ক বাতাৱৰণৰ বিপৰীতে মুকলি বতাহত এখন আন্তঃৰাষ্ট্ৰীয় মানৰ নাটক উপভোগ কৰাটো এই প্ৰজন্মৰ বাবে এটা আকৰ্ষণৰ বিষয়বস্তু হৈ উঠা দৃষ্টিগোচৰ হৈছে৷ শুনিবলৈ বেয়া হ’লেও বহু পৰম্পৰাগত আৰু অভিজাত নাট সমাৰোহসমূহত দৰ্শকৰ সেৰেঙা উপস্থিতিৰ বিপৰীতে এই নতুন স্পে’চত দৰ্শকৰ উপস্থিতি চকুত লগা৷ মাজতে স্থৱিৰ আৰু নতুনৰ আগমনহীন হৈ পৰা অসমৰ নাটকৰ বাবে ই এটা শুভংকৰ পৰিৱৰ্তন৷

আদিংগিৰিয়ে এই নতুনত্বক বহন কৰিছে৷ এই যাত্ৰাক কঢ়িয়াই নিব পৰাকৈ আদিংগিৰিৰ প্ৰাপ্ত স্থানক এটা শক্তিশালী অস্ত্ৰ৷ এই নাট সমাৰোহত পাকিজা বেগমৰ ‘মেনকা’, উজবেকিস্তানৰ পৰিচালক অভিয়াকুলি খোদজাকুলিৰ ‘টু কিল অৰ নট্ টু কিল’, মানৱেন্দ্ৰ ৰণহাং চৌধুৰীৰ ‘গান্ধী ভাৰ্চেচ গডচে’ আদিৰ মঞ্চায়নসমূহ সেই প্ৰাপ্তস্থানত অতি মোক্ষণক্ষম আছিল৷

তদুপৰি মঞ্চক্ষেত্ৰৰ চাৰিওফালে থকা নান্দনিক ইনষ্টলেশ্বনসমূহে অভিজ্ঞানমৰ ৰুচিশীলতাৰ নিদৰ্শন ডাঙি ধৰিছিল৷

আমি আশাবাদী যে ভৱিষ্যতে আদিংগিৰিয়ে এক অনন্য নাট্য-দৰ্শন অভিজ্ঞতালৈ পৃথিৱীৰ বহু আগ্ৰহী দৰ্শক আৰু বোদ্ধাক টানি আনিব৷

 

ভ্ৰাম্যভাষ – ৯৮৫৪৫৬৬৪২৯

ন
লেখকৰ পৰিচয়

নীলোৎপল বৰুৱা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)