৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰ’দে-বৰষুণে ইমান যে গান

লেখকঃ লোকনাথ গোস্বামী • প্ৰকাশিতঃ ২৮ মাৰ্চ, ২০২৪
১৯ মিনিট পঠন • ২৭৪৯ বাৰ পঢ়া হৈছে
ৰ’দে-বৰষুণে ইমান যে গান
ডাঙৰকৈ চাওক (Zoom)

লোকনাথ গোস্বামী


(দ্বিতীয় অধ্যায়)

(১)  

কণ্ঠ নে কলম ?

কোনটোত অগ্ৰাধিকাৰ দিওঁ ?

মনৰ ভিতৰত দ্বন্দ্ব চলি থাকোঁতেই আকৌ গানৰ ক্ষেত্ৰখনত নতুন জাগৰণ আৰম্ভ হ’ল৷  আমাৰ গাঁওখন সাংস্কতিক ক্ষেত্ৰত তাহানিৰ পৰাই আগৰণুৱা আছিল৷  গাঁৱৰ মাজতে বৰনামঘৰটো৷  বৰনামঘৰৰ গাতে লাগি আছে মুকলি মঞ্চ, মঞ্চৰ নাম ‘কুমৰ ৰংগমঞ্চ’ (অনিৰুদ্ধৰ আন এটা নাম কুমৰ)৷  টিনপাট লগোৱা, কেউফালে বেৰ দিয়া৷  একোণত নবজীৱন পুথিভঁৰালটো৷  নাটক, বিচিত্ৰানুষ্ঠান আদি হ’লে তাৰ ভিতৰতে কাপোৰ টানি মঞ্চখন সজাই লোৱা হয়৷  বৰনামঘৰত প্ৰায়ে ভাওনা হয়৷  চৌধ-চুবুৰীৰ ৰাইজ হিলদল ভাঙি ভাওনা চাবলৈ আহে৷  দ বেছেৰীয়াৰ ভাওনাৰ সুনাম আছে৷  গায়ন-বায়ন, সূত্ৰধাৰ, ভাৱৰীয়া কোনো কম নহয়৷  গাঁৱত ভাওনা হ’লেই বহু দিন আগৰে পৰা গাঁওখনত উখল-মাখল লাগি যায়৷  ভাওনাৰ নাট মেলাৰ পৰা নাট সামৰণিলৈ এইখিনি সময় পূৰাদমে আখৰা চলে৷  ভাওনা প্ৰদৰ্শনৰ দিন চাপি অহাৰ লগে লগে ৰভা-পৰলাৰ কাম আৰম্ভ হয়৷ কিছুমান প্ৰদৰ্শন বৰ নামঘৰৰ ভিতৰতে হয়, কিছু আকৌ বাহিৰৰ মুকলি ফিল্ডখনত ৰভা-পৰলা দি পতা হয়৷ আমি স্কুল ছুটীৰ পাছত ঘৰলৈ গৈ কিবা এমুঠি খাই সেই নামঘৰৰ ফিল্ডলৈ যাওঁ৷ গায়ন-বায়নৰ খোল-তাল বাদন, অংকীয়া গীত-মাত শুনি শুনি তবধ মানো, কিবা এটা ভাল লাগি যায়৷ ভাওনাৰ আখৰা চাই ভীমৰ ভাও, দুৰ্যোধনৰ ভাও, শকুনিৰ ভাওবিলাক অনুকৰণ কৰি ঘৰত আহি ঘৰৰ মানুহক দেখুৱাই বিৰাট ফুৰ্তি কৰোঁ৷ তাৰ লগে লগে বিলাপ, পয়াৰ যেনেকৈ পাৰিছিলোঁ তেনেকৈয়ে চিঞৰি চিঞৰি গাবলৈ চেষ্টা কৰিছিলোঁ৷

বুনিয়াদী স্কুলত থাকোঁতেই মোলৈ এটা সুবৰ্ণ সুযোগ আগেয়ে নভৱাকৈয়ে আহিল৷ গাঁওখনৰ পূব-প্ৰান্তত থকা কলিতা সম্প্ৰদায়ৰ ৰাইজ মিলি তেঁওবিলাকৰ নিজা নামঘৰ (কলিতা নামঘৰ)ত ‘ধ্ৰুৱ চৰিত’ ভাওনা প্ৰদৰ্শন কৰাৰ মনস্থ কৰিলে৷  এই ‘ধ্ৰুৱ চৰিত’ নাটৰ মূল চৰিত্ৰ ‘ধ্ৰুৱ’ৰ চৰিত্ৰ ৰূপায়নৰ বাবে মোকেই নিৰ্বাচন কৰিলে৷ নাটখন আৰম্ভণিৰ পৰাই শেষলৈকে গীত-মাতেৰে পৰিপূৰ্ণ আছিল৷  মোক নিৰ্বাচন কৰাৰ মূল কাৰণটোৱেই আছিল বোলে সেইটো যে নাটখন সফলতাৰে পৰিৱেশন কৰিবলৈ হ’লে নাটিকাখনৰ গীত-মাত, বিলাপ, পয়াৰ আদি সুমধুৰ কণ্ঠৰে পৰিৱেশিত হবই লাগিব৷ আৰু সেই গীত-মাত গাবৰ কাৰণে ৰাইজে মোৰ কথাই ভাবিলে৷ আমাৰ ঘৰলৈ ৰাইজৰ প্ৰতিনিধি আহি প্ৰস্তাৱটো আগ বঢ়াওঁতে প্ৰথমে দাদাহঁতে আপত্তি কৰিছিল৷ কিয়নো মই ভাওনাত অভিনয় কৰিব পাৰিম বুলি দাদাহঁতে কল্পনাই কৰিব পৰা নাছিল৷  তদুপৰি সেই বছৰ স্কুলৰ বৃত্তি পৰীক্ষাৰ বাবে ছাৰহঁতে মোক বাচি থৈছিল৷ গতিকে পঢ়া-শুনাত ব্যাঘাত জন্মিব বুলিও দাদাহঁতে চিন্তা কৰিছিল৷  কিন্তু গাঁৱৰ মানুহখনি আছিল এক প্ৰকাৰ আকোৰগোঁজ৷ নেৰা-নেপেৰাকৈ ধৰিয়েই থাকিল প্ৰস্তাৱটো গ্ৰহণ কৰিবৰ বাবে৷ তেতিয়া দাদাহঁতে মোলৈকে ঠেলি দিলে দায়িত্বটো৷ ময়ো পোনচাটেই পাৰিম বুলি কৈ দিলোঁ৷  ৰাইজে বৰ ভাল পালে৷

প্ৰথমদিনা বৰ নামঘৰত নাট মেলিব ৰাইজে৷  নাট মেলোঁতেও আনুষ্ঠানিকতা ৰক্ষা কৰা হয়৷  নামঘৰৰ থাপনাৰ আগত মাহ-প্ৰসাদৰ শৰাই এখন আগবঢ়াই আটায়ে আঁঠু লৈ সেৱা কৰে, যাতে নাটখন সুকলমে পৰিৱেশন কৰিব পৰা হয়৷  নাটখন মেলিবৰ দিনাই মোক নাটৰ পৰিচালকগৰাকীয়ে বুজাই দিলে ‘ধ্ৰুৱ চৰিত’ নাটিকাৰ মূল ঘটনাটো৷  লগতে এইটোও বুজাই দিলে যে নাটিকাখনি আৰম্ভণিৰ পৰা অন্তিম পৰ্যায়লৈ ভালেমান গীত-মাত আছে, কিছুমান আকৌ খোল-তালৰ বোলৰ লগত তাল-লয়-ছন্দ মিলাই গাব লাগিব৷ এয়া মঞ্চত গোৱা গানৰ লেখীয়া নহয়৷ কথাবিলাকে বাৰুকৈয়ে চিন্তাত পেলালে৷ একো উৱাদিহ নোপোৱা হ’লোঁ৷ সেই অৱস্থাত ভাওনাৰ সৈতে জড়িত থকা এজন ডাঙৰ মানুহে মোক এটা উপদেশ দিলে৷ তেওঁ ক’লে – ‘বাপু,  তুমি এটা কাম কৰাঁ, তোমালোকৰ ঘৰৰ সমুখতে দুৰ্গাকাই (দুৰ্গাৰাম নাথ) আছে নহয়, তুমি তেওঁৰ ওচৰলৈ যাবা৷ তেওঁ বৰ অভিজ্ঞ মানুহ এই ক্ষেত্ৰত৷ তেওঁ তোমাক ঘৰতে বহুৱাই নাটখনৰ তোমাৰ ভাগৰ গোটেইখিনি গীত-মাত ধুনীয়াকৈ শিকাই দিব পাৰিব৷’

মানুহজনৰ উপদেশ বৰ ভাল পালোঁ৷ পাছদিনা স্কুলৰ পৰা আহি কাণে-নাকে এমুঠি গুজি ৰাস্তাটোৰ সিটো পাৰে থকা দুৰ্গাকাইৰ ওচৰ পালোঁগৈ৷ ‘গোসাঁই পোৱালি আহিছে’ বুলি আথে-বেথে চোতালতে মূঢ়া এটা আনি বহিবলৈ দিলে৷ তেওঁ তেতিয়া পীৰা এখনত বহি হাতেৰে বাঁহৰ কাঠি-কামি চুঁচি আছিল৷  মই গৈ কথাটো কোৱাৰ লগে লগে দুৰ্গাকায়ে বৰ ভাল পালে৷  তেওঁ মোৰ পৰা ভাওনাৰ বচনৰ কাগজখন লৈ ঘূৰাই-পকাই মূৰৰ পৰা গুৰিলৈ চালে৷ তাৰ পাচত ক’লে– ‘হব  দেই ভাইটি (মোক ঘৰত ভাইটি বুলি মাতে)৷  তুমি সদায় এনেকুৱা সময়তে আহিবা, মই তোমাক বচন কেনেকৈ মাতিব লাগে, খোলৰ বোলত কেনেকৈ ৰূপক, জৌতি নাচি নাচি গাব লাগে ভালদৰে শিকাই দিম৷  সিদিনাই দুৰ্গাকায়ে আমাক পয়াৰ এফাকি কেনেকৈ গাব লাগে গাই শুনাই দিলে, মনত বল পালোঁ৷

এইখিনিতে উল্লেখ কৰা ভাল হব যে দুৰ্গাকাই গাঁওখনৰে এজন নামজ্বলা ভাৱৰীয়া আছিল৷  ‘চান্দ সদাগৰ’ ভাওনাত চান্দ সদাগৰৰ ভাৱত অৱতীৰ্ণ হৈ এটা সময়ত চৌধ চুবুৰীত খলকনি তুলিছিল৷  কি যে মনপৰশা স্বতস্ফুৰ্ত অভিনয়, আজিও আমাৰ মনৰ পৰা মচ খোৱা নাই৷  এতিয়াও দুৰ্গাকাইৰ কথা ওলালেই অভিজ্ঞ লোকে তেওঁক ফণী শৰ্মাৰ লগত তুলনা কৰে৷ চকুকেইটা সাইলাখ ফণী শৰ্মাৰ দৰে আছিল বোলে৷  শৰীৰৰ চাল-চলন, বচন গোৱাৰ ভঙ্গীও একে৷ পিচে এই গৰাকী গাঁওখনৰে এগৰাকী সৰবৰহী ব্যক্তিৰ মৃত্যু বৰ কৰুণ আছিল৷  এবাৰ বোলে তেওঁক কুকুৰে কামুৰিছিল৷  কিন্তু সময়ত চিকিৎসা নল’লে৷ পাছত জলাতংক ৰোগত ভুগি তেওঁ বৰ দুঃখজনক মৃত্যু বৰণ কৰিলে৷  শেষ অৱস্থাত তেজপুৰ চিভিল হস্পিতালত ভৰ্তি কৰোৱা হৈছিল যদিও ডাক্তৰে আশা নাই বুলি ঘৰলৈ পঠিয়াই দিছিল৷ ঘৰ পাই পোনে পোনে দেউতাৰ ওচৰলৈ গৈ ভৰি দুখনত ধৰি সেৱা কৰাৰ কথাটো আজিও পাহৰিব পৰা নাই৷  তাৰ পাছত ঘৰলৈ আহি সেই পৰিস্থিতিত তাত উপস্থিত থকা মানুহখিনিক অবাক কৰি নিজৰ মানুহগৰাকীক সাবটি ধৰি গাল দুখনত তপৰাই চুমা খাই বিছনাত ঢলি পৰিল আৰু লগে লগেই চকু মুদিলে৷   

(২) 

দুৰ্গাকায়ে ভাওনাৰ গীত-মাতখিনি শিকাই দিম বুলি কোৱাত আমাক আৰু কোনে পায়? স্কুলৰ পৰা আহি লগৰ লগৰীয়াৰ সৈতে আগৰ লেখীয়াকৈ খেলিবলৈ নগৈ দুৰ্গাকাইৰ চোতালত বহিলোঁগৈ৷  দুৰ্গাকায়ে অইন দিনাৰ দৰে মূঢ়া এটাত বহিবলৈ দি হাতৰ দাখনেৰে কাঠি-কামি চাঁচি চাঁচিয়েই বিলাপ, পয়াৰ, জৌতি কেনেকে গাব লাগে, খোলৰ বোলবিলাক কেনেকুৱা হ’ব, সেয়া ধীৰে ধীৰে গাই শুনোৱাৰ লগতে শিকায়ো গ’ল৷ আমিও পাৰ্যমানে শিকিবলৈ যত্ন কৰিলোঁ৷  ভাওনাৰ আখৰাত আমাৰ অভিনয় আৰু মুখেৰে গাই যোৱা গীত-মাত শুনি অন্যান্য ভাৱৰীয়াসকলে তবধ মানিলে৷ সকলোৰে মনত এটা আশাৰ সঞ্চাৰ হ’ল– ‘এইবাৰ ভাওনা ভাল হোৱাটো খাটাং৷ ’

নিৰ্ধাৰিত দিন-বাৰ চাই নামঘৰত ভাওনা মঞ্চস্থ কৰা হ’ল৷  ভাওনা চাবলৈ চৌধ-চুবুৰীৰ ৰাইজ হিল-দল ভাঙি আহিল৷  সেই সময়ত গাঁও-ভূঁইৰ ৰাইজৰ আমোদ-প্ৰমোদৰ প্ৰধান উৎস আছিল ভাওনা, নাটক, ঠাইবিশেষে যাত্ৰা আদি৷  ভাওনাৰ আৰম্ভণিতে গায়ন-বায়নে বৰ-ধেমালি, সৰু-ধেমালি আদি প্ৰদৰ্শন কৰে৷ তাৰ পাছত সূত্ৰধাৰৰ প্ৰৱেশ৷ গাঁওখনত সূত্ৰধাৰ বুলিলে এজন মানুহৰ নামেই জানিছিলোঁ, আৰু মানুহজন আছিল লালৌ ওৰফে মোলাই নাথ৷ আজন্ম শিল্পী বুলি কব লাগিব৷ কি মুখৰ সূত্ৰ, হাতৰ মুদ্ৰা, লয়-লাস নাচোন, তাৰ ছবিখন আজিও চকুৰ আগত ভাহি উঠে৷  ভাওনাখন সঁচাকৈয়ে অভূতপূৰ্ব হৈছিল৷  ভাওনাৰ প্ৰাণকেন্দ্ৰ যিহেতু ‘ধ্ৰুৱ’ আছিল, আৰু ময়ো সেই বয়সতে বোলে সেই চৰিত্ৰটো সাৱলীল আৰু নিখুঁটভাৱে উপস্থাপন কৰিব পাৰিছিলোঁ, ৰাইজে তেতিয়াই জাউৰিয়ে জাউৰিয়ে এনেকৈ হাত-চাপৰি বজাইছিল যে মাজে মাজে ৰৈ যাবলগীয়া হৈছিল৷ দৰ্শকৰ মাজৰ পৰা অত্যুৎসাহী কোনো কোনো মানুহ আহি বুকুত ‘মেডেল’ (এটকীয়া, দুটকীয়া নোট) আঁৰি দিছিলহি৷ কাহিনী আগবাঢ়ি গৈ এটা সময়ত যেতিয়া ‘ধ্ৰুৱ’ক বলি দিবৰ বাবে বলিশাললৈ নি মুৰটো বলিশালত সুমুৱাই দিয়া হৈছিল, দৰ্শকৰ মাজত কান্দোনৰ ৰোল উঠিছিল৷

সেই সময়ত এতিয়াৰ দৰে বিদ্যুতৰ ব্যৱহাৰ নাছিল৷ মেণ্টল লাইট জ্বলাই ৰাজহুৱা অনুষ্ঠানবিলাক সম্পন্ন কৰা হৈছিল৷  ভাওনা চলি থাকোঁতে মেণ্টলৰ পোহৰ স্তিমিত হৈ যায় মাজে মাজে৷  আমি তেতিয়া চাই থাকোঁ কোনোবা এজন সেই কামটোৰ বাবে পাকৈত মানুহ আহি লাইটটো ওপৰৰ পৰা নমাই পাম্প দিয়ে৷ সেই ধৰণৰ কাম কৰিবৰ বাবে তেতিয়া আমাৰো হাবিয়াস জাগিছিল৷

আমাৰ দেউতা, সত্ৰাধিকাৰ চন্দ্ৰকান্ত গোস্বামীৰ মৃত্যু উপলক্ষ্যেও আমাৰ ঘৰৰ সমুখৰ বাৰীখন চাফা কৰি তাত ভাওনা প্ৰদৰ্শন কৰা হৈছিল৷ ভাওনা কি হৈছিল আজি মনত নাই৷ কিন্তু আমাৰ গাঁৱৰ নন্দ গাঁওবুঢ়াৰ মৃত্যুত তেখেতসকলৰ বৰ চোতালত হৰিশ্চন্দ্ৰ উপাখ্যান ভাওনা কৰাৰ কথাটো পাহৰা নাই৷ কিয়নো নাটৰ অন্যতম চৰিত্ৰ, হৰিশ্চন্দ্ৰ ৰজাৰ পুত্ৰ ৰোহিতাশ্বৰ চৰিত্ৰটো মই ৰূপায়ণ কৰিবলগীয়া হৈছিল৷ মোক তাৰ বাবে সজাই-পৰাই সাজু কৰি দিছিল গাঁৱৰে পুতুদা (দিমচাঁদ বৰা)ই৷  ভাওনাৰ কাহিনীভাগ ইয়াৰো বৰ দুখৰ আছিল৷ হৰিশ্চন্দ্ৰ ৰজা বৰ দানী আছিল৷ দান কৰি কৰি এটা সময়ত ৰজা নিজেই গৃহহাৰা হ’ল৷  ইমান দুখৰ মাজতে সন্তান ৰোহিতাশ্বক ফুল তুলিবলৈ যাওঁতে সৰ্পই দংশন কৰিলে৷ ভাওনাখন উপভোগ কৰি থকা দৰ্শকৰ মাজত তেতিয়াও কান্দোনৰ ৰোল উঠিছিল৷  কথাবিলাক আজিও পাহৰিব পৰা নাই৷

গাঁওখনত অকল যে ভাওনাই হৈছিল, তেনে নহয়৷ নাটকৰ পৰা বিচিত্ৰানুষ্ঠানলৈ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন হৈছিল মুকলি ৰঙ্গমঞ্চত৷ নাটকেই হওক বা ভাওনাই হওক অথবা বিচিত্ৰানুষ্ঠানেই হওক, প্ৰস্তুতি পৰ্বৰ পৰাই আমাৰ গাত সাতখন-আঠখন লাগে৷ অনুষ্ঠানবিলাকৰ ৰিহাৰ্চেল বহু সময়ত আমাৰ বৰ চোতালতে কৰা হৈছিল৷  ৰিহাৰ্চেল চাবলৈকে গাঁৱৰ মানুহ উবুৰি খাই পৰেহি৷

প্ৰতি বছৰে বহাগ বিহুত গাঁৱত খেল-ধেমালিৰ প্ৰতিযোগিতা পতা হৈছিল৷ ল’ৰা-বুঢ়া, ডেকা-ডেকেৰী সকলোৱে খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লৈছিল৷ সেই কেইদিন আমাৰ কাৰো গাত তৎ নাথাকে৷ এঠেঙীয়া দৌৰ, চামুচত কণী লৈ দৌৰ, বেজীত বটিয়া ভৰাই দৌৰা, চকুত কাপোৰ বান্ধি কল ভঙা, এশ, দুশ গজ দৌৰ আদি কিমান যে খেলা, প্ৰথম-দ্বিতীয় হ’ব নোৱাৰিলেও কথা নাই, প্ৰতিযোগিতাত ভাগ লোৱাৰ মজাই বেলেগ৷ খেল-ধেমালিৰ অন্তত বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন চলে৷ সমবেত সংগীত, দশাৱতাৰ নৃত্য, বৰগীত, একাংকিকা নাট, আবৃত্তি আদিৰ ভাগে ভাগে ৰিহাৰ্চেল হয়৷ অনুষ্ঠানৰ দিনা তেজপুৰ চহৰৰ পৰা এগৰাকী বিশিষ্ট অতিথিক আমন্ত্ৰণ জনোৱা হয়৷ বিশিষ্ট অতিথিক আধা বাটৰ পৰাই ঢোলে-খোলে আদৰি অনা হয়৷ অতিথিয়ে আসন গ্ৰহণ কৰাৰ পাছত তেওঁক পুনৰ ফুলৰ মালাৰে আদৰা হয়৷ এই আদৰাৰ কাৰ্যসূচীটো পালন কৰাৰ ভাৰ মোৰ আৰু ভণ্টি ৰেণুৰ ওপৰতে পৰে সদায়৷ আমি দুয়ো গান এটা গাই গাই মঞ্চৰ পৰা হাতত ফুলৰ মালা দুহাতত লৈ এখোজ-দুখোজকৈ নামি আহি পুনৰ ৰাইজলৈ পিঠি নিদিয়াকৈ উভতি যাব লাগে মঞ্চলৈ৷ এই উভতি যোৱা কথাটো বৰ অসুবিধাজনক আছিল৷ অতিথিক আদৰিবলৈ যাওঁতে গোৱা গানটো আজিও পাহৰা নাই-

                            আহিছে অতিথি আমাৰ পদূলিত

                                   কিহেৰে মান ধৰিবা

                           নাই হাঁচটি নাই তামোল-চালি

                                   এফাঁকি গীতৰে মান ধৰিবা

গানটোৰ কথা-সুৰ তেজপুৰৰে দিলীপ সিংহৰ বুলি শুনিছিলোঁ তেতিয়া৷

তদুপৰি আমি পঢ়া গাঁৱৰ বুনিয়াদী বিদ্যালয়খনৰ বাৰ্ষিক বঁটা বিতৰণী সভাৰ লগতে বিচিত্ৰানুষ্ঠানো গাঁৱৰ মুকলি মঞ্চতে অনুষ্ঠিত কৰা হৈছিল৷ ইয়াৰ বাবেও কিছুদিন পূৰ্বৰ পৰা প্ৰস্তুতি চলোৱা হৈছিল৷ গাঁৱৰে কেশৱ নাথ নামৰ দাদা এজনে প্ৰায় এই অনুষ্ঠানবিলাকত সহায় কৰিছিল৷ তেওঁ গাঁৱৰ বাহিৰত পঢ়া-শুনা কৰিছিল৷ কিন্তু স্কুলৰ বাৰ্ষিক অনুষ্ঠান থাকিলে গাঁৱলৈ আহিছিল৷  কেতিয়াবা আকৌ গাঁৱলৈ আহি গাঁৱৰ মানুহ-দুনুহ গোট-পিট খুৱাই নতুন নতুন নাটক মঞ্চস্থ কৰাৰ উদ্যোগো লৈছিল৷ তেনেকৈয়ে এবাৰ স্কুলৰ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানত ‘একলব্য’ নাটকৰ পাতনি মেলি মোক একলব্যৰ চৰিত্ৰটো ৰূপায়ণৰ ভাৰ দিলে৷ তেনেকৈয়ে একলব্যৰ কাহিনীটো জনাৰ সুবিধা পাইছিলোঁ৷ একলব্যই গুৰু দ্ৰোণাচাৰ্যক গুৰু দক্ষিণা হিচাপে নিজৰ সোঁ হাতৰ বুঢ়া আঙুলিটো কাটি দিয়া কথাটোৱে আমাৰ মনত সেই বয়সতে ভীষণ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল৷ নাটকৰ খাতিৰত আঙুলি দৰ্শকক দেখুৱাই বাহাদুৰিত কাটি দিয়া দেখুৱালোঁ যদিও মনে-প্ৰাণে দিয়াৰ সমুলি ইচ্ছা নাছিল৷ দৰ্শকক অৱশ্যে মোৰ মনৰ ভাব জানিবলৈ সুবিধা দিয়া নাছিলোঁ৷ নাটকৰ পৰিচালকে যেনেকৈ অভিনয় কৰিবলৈ দেখুৱাই দিছিল, সম্পূৰ্ণ তেনেকৈয়ে কৰিছিলোঁ৷ দৰ্শকে মোৰ অভিনয় চাই ভুৰি ভুৰি প্ৰশংসা কৰিছিল৷ বুঢ়া-মেথাসকলে গালে-মূৰে হাত ফুৰাই আশীৰ্বাদ দিছিল৷

এবাৰ তেনেকৈ বিহুৰ খেল-ধেমালি হৈ যোৱাৰ পাছত বঁটা বিতৰণী সভা পতা হ’ল৷ তদুপলক্ষ্যে আয়োজন কাৰ বিচিত্ৰানুষ্ঠানুত ‘ভক্ত প্ৰহ্লাদ’ নাটক কৰাৰ সিদ্ধান্ত এটা লোৱা হ’ল৷ সেইবাৰো ভক্ত প্ৰহ্লাদৰ চৰিত্ৰটো ৰূপায়ণৰ ভাৰ মোৰ ওপৰতে পৰিল৷ গাঁৱৰে মোৰ এগৰাকী সাংস্কৃতিক ক্ষেত্ৰখনৰ পথ-প্ৰদৰ্শক বদন শইকীয়াই নাটকখন পৰিচালনা কৰিছিল৷ তেখেতৰ ভায়েক কনক শইকীয়াই ভক্ত প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৰ চৰিত্ৰত অভিনয় কৰিছিল৷ ভক্ত প্ৰহ্লাদে সাজ-পোছাকে মঞ্চৰ মাজত বহি স্তুতি কৰি আছে ভগবানক-

                                   অ’ হৰি চৰণ দিয়াঁ হে

                                   জলধি মাজে হৰি হৈয়া ভৱতৰি

                                   অ’হে ধৰি আছা নিতে কত অৱতাৰ...

ভক্ত প্ৰহ্লাদে একান্তমনে ভগৱানক স্তুতি কৰি থাকোঁতেই পিতৃ ৰজা হিৰণ্যকশিপুৱে তৰ্জন-গৰ্জন কৰি মঞ্চত প্ৰৱেশ কৰি পুত্ৰ ভক্ত-প্ৰহ্লাদক উদ্দেশ্যি ক’লে– ‘বন্ধ কৰ তোৰ প্ৰাৰ্থনা৷ মোৰ এই ৰাজ্যত কোনেও ভগৱানৰ নাম ল’ব নোৱাৰিব৷’ তাৰ পাছত কিছু গহীন হৈ ক’লে ‘তই যে সদায় ভগবানৰ নাম লৱ, তোৰ ভগাৱান ক’ত আছে?’ ভক্ত প্ৰহ্লাদৰূপী মই ক’লো- ‘ভগৱান সৰ্বত্ৰ পিতা৷ ভাগৱান এই বতাহত আছে, ভগৱান এই আকাশত আছে, গছ-লতা-ফুল সকলোতে ভগৱান বিদ্যমান৷’

-    ‘এই গম্বুজটোত তোৰ ভগৱান আছেনে?’

-     ‘আছে পিতা’

-    ‘ৰহ তেনে চাই লওঁ তোৰ ভগৱানক।’

এই বুলি হাতৰ গদাটোৰে গম্বুজটোত প্ৰচণ্ড জোৰেৰে কোব এটা দিলে৷ গম্বুজো কাগজৰ, গদাও কাগজৰ আছিল৷ কোব দিয়াৰ লগে লগে কাগজৰ গম্বুজ ফাটি গদাৰ কোব আহি মোৰ নাকত পৰিলহি৷ ভয়তে ‘ভেঁএঁএঁ’ কৈ কান্দি দিলোঁ৷ ঠিক সেইখনি সময়তে গম্বুজটোৰ পৰা নৰসিংহৰ আৱিৰ্ভাৱ হ’ল ‘হাঃ হাঃ’ কৈ চিঞৰি৷ লগে লগে নৰসিংহ আৰু হিৰণ্যকশিপুৰ মাজত থৈয়া-নথৈয়া ৰণ হ’ল৷ সেই মুহূৰ্তত কোনোবা এজনে মোক ভিতৰলৈ দাঙি আনি নাকৰ তেজখনি মচি সান্ত্বনা দি আকৌ মঞ্চত আগৰ ঠাইত বহুৱাই দিলেগৈ৷ এটা সময়ত যুদ্ধৰ সমাপ্তি ঘটিল৷ ভক্ত প্ৰহ্লাদৰূপী মই পুনৰ ভগৱানক স্তুতি কৰিবলৈ ধৰিলোঁ৷  এটা সময়ত নাটকৰ যৱনিকা পৰিল৷ লগে লগে দৰ্শকৰ মাজত জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বাজিবলৈ ধৰিলে৷ দৰ্শকে বৰ আমোদ পালে৷ মোকো বহুত প্ৰশংসা কৰিলে৷

(৩)

আমি সৰু হৈ থাকোঁতে গাঁৱত যিবিলাক নাট-ভাওনা উপভোগ কৰিবলৈ পাইছিলোঁ, সেইবিলাক নাট-ভাওনাত মহিলাই অভিনয় কৰা নাছিল৷ পুৰুষেহে মহিলাৰ চৰিত্ৰত ভাও লৈছিল বা অভিনয় কৰিছিল৷ সেই কথাটোও আমাৰ বাবে বৰ আমোদজনক আছিল৷ মোৰ সৰু দাদা (কুমুদ গোস্বামী)য়ে প্ৰায়ে মহিলাৰ চৰিত্ৰত অভিনয় কৰিছিল৷ মহিলাৰ অভিনয়ৰ কাৰণে মহিলাই ব্যৱহাৰ কৰা দীঘল চুলি, শাৰী বা মেখেলা-চাদৰ, ব্লাউজ, পেটিকোট, বক্ষ-বন্ধনী আদি যোগাৰ কৰা দেখি খুব ফূৰ্তি পাইছিলোঁ৷ দাদাহঁত ঘৰত নথকা সময়ত সেইবিলাক পৰিধান কৰি ঘৰতে ভাওনা বা নাটকৰ চং দিছিলোঁ৷

সাংস্কৃতিক অনুষ্ঠান হ’লে প্ৰায় পোন্ধৰ-বিছ দিনমানৰ পৰা ৰিহাৰ্চেল আৰম্ভ হয়৷ গাঁৱৰ ডেকা-গাভৰু, বোৱাৰী-জীয়ৰী আটায়ে আহি গোট-পিট খায় কোৰাছৰ লগতে ভাগে ভাগে একাংকিকা নাটক, দলীয় নৃত্য আদি ৰিহাৰ্চেল কৰিবলৈ৷ মুঠতে গাঁওখনত কেইবাদিনো ধৰি এটা সুন্দৰ, উৎসাহজনক পৰিৱেশে বিৰাজ কৰে৷ এনে ধৰণৰ পৰিৱেশে মোৰ দৰে অনেকৰ মনত একোটা জীৱনৰ কাৰণে মচিব নোৱাৰা সাঁচ পেলাইছিল৷ কালী পূজা, লক্ষ্মী পূজা, দুৰ্গা পূজা আদি আহিলেই নাটকৰ পয়োভৰ ঘটে গাঁৱত৷ বুৰঞ্জীমূলক, পৌৰাণিক(Mytholgical), সামাজিক আদি সকলো ধৰণৰ নাটকৰে প্ৰদৰ্শন হৈছিল গাঁৱৰ মঞ্চত৷ এটা সময়লৈ মহেন্দ্ৰ নাথ, মোৰ দাদা কুমুদ গোস্বামী, পুষ্পেন্দ্ৰ বৰা আদিয়ে মহিলাৰ চৰিত্ৰবিলাকত অভিনয় কৰিছিল৷ পাছলৈ জোনাকী দেৱী, কিৰণ দেৱী আদি গাঁৱৰ মহিলাই নাটকত নাৰী চৰিত্ৰ ৰূপায়ণ কৰিবলৈ আগবাঢ়ি অহাৰ  লগে লগে পুৰুষে মহিলাৰ ভাৱত অৱতীৰ্ণ হোৱা প্ৰথাটো লাহে লাহে নাইকিয়া হৈছিল৷   

(আগলৈ)

ল
লেখকৰ পৰিচয়

লোকনাথ গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)