৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

টেঙা-মিঠা

লেখকঃ অমৃত গোস্বামী • প্ৰকাশিতঃ ২৫ ফেব্ৰুৱাৰী, ২০২৪
৬ মিনিট পঠন • ২১৩৯ বাৰ পঢ়া হৈছে

 অমৃত গোস্বামী

 

‘এইবিধ চৰ্পত স্বাস্থ্যৰ বাবে বৰ উপকাৰী, বিজয়ে অসমৰ পৰা অনা কুঁজী থেকেৰাৰ চৰ্পত৷ খাবলৈও সোৱাদ লগা৷ কুঁজী থেকেৰা অসমত যথেষ্ট পৰিমাণে পোৱা যায়৷‌ গৰমৰ দিনত আমি প্ৰায়েই খাওঁ, পেট ঠাণ্ডা কৰি ৰাখে৷” — এই বুলি কৈ পুণা নিবাসী হাজৰিকাৰ মহাৰাষ্ট্ৰীয়ান পৰিবাৰে, আমি তেখেতসকলৰ ঘৰ গৈ পোৱাৰ পিচতে, সুন্দৰ, আলংকাৰিক, কাচৰ ৰঙীন গিলাচত, শৰ্মা আৰু মোক পুৰণি কুঁজীথেকেৰাৰ চৰ্পত একো গিলাছকৈ আগ বঢ়াই দিছিল৷ বিজয় হজৰিকা সেই সময়ত ঘৰত নাছিল, আমি তেখেতসকলৰ ঘৰ গৈ পোৱাৰ কিছু সময়ৰ পাছতহে তেখেত আহি ঘৰ সোমাইছিলহি৷ আমাক চৰ্পত দিয়াৰ সময়ত হাজৰিকাৰ পৰিবাৰে আমিও যে অসমীয়া, হয়তো সেইটো কথা পাহৰিয়েই গৈছিল৷ 

কেইদিনমান বেলিটোৱে ৰাতিপুৱাতে খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই‌ আছে৷ আজিও বেছ গৰম পৰিব চাগৈ৷ গৰমত পেটলৈ ভাল বুলি কালি ৰাতিয়েই থেকেৰা কেইফুটামান চিঁচাৰ গিলাছ এটাত তিয়াই থৈছিলোঁ৷ আজি এয়া খাবলৈ লওঁতে হাজৰিকাৰ পৰিবাৰে সুদূৰ পুণাত অসমৰ কুঁজী থেকেৰাৰ প্ৰশংসা কৰি, থেকেৰাৰ চৰ্পত আগ্ৰহেৰে খুউৱাৰ ছবিখন মনলৈ আহিল৷ 

থেকেৰা পেটৰ অগ্নিবৰ্ধক বা জীৰ্ণকাৰী শক্তিবৰ্ধক৷ সৰুতে পেটটো চিকুট মাৰি ধৰিলে, মায়ে পিছদিনা খালিপেটত খুউৱাৰ কাৰণে থেকেৰা পানীত তিয়াই থয়৷ পাছদিনা পুৱা তেনে থেকেৰা-পানী খায়েই তেতিয়া আমি পেট-কামোৰণি বা পেট চিকুট মাৰি ধৰা অসুখৰ পৰা সকাহ পাইছিলোঁ৷ 

পুৰণি কালৰ পৰাই অসমীয়া মানুহে থেকেৰাক ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ বৰ থেকেৰা, কুঁজী থেকেৰা‌ আৰু ৰূপহী থেকেৰা নামৰ তিনিবিধ থেকেৰাৰ ভিতৰত কুঁজী থেকেৰাতে ঔষধী গুণ অধিক মাত্ৰাত পোৱা যায়৷‌   

ঔষধৰ উপৰিও অসমীয়া খাদ্য ৰন্ধনৰ বেলিকাও থেকেৰা উপকৰণ ৰূপে ব্যৱহাৰ কৰা হয়৷ থেকেৰা এবিধ মিঠা সোৱাদযুক্ত টেঙা৷ সেইবাবেই থেকেৰাটেঙা দি ৰন্ধা অসমীয়া মানুহৰ প্ৰিয়, মাছৰ টেঙা জোলখন খাবলৈ‌ বৰ  সুস্বাদু হয়; টেঙা-মিঠা৷  

আমাৰ পুৰণা ঘৰৰ বাৰীৰ উত্তৰ ফালৰ ঢাপটোত এজোপা প্ৰকাণ্ড কুঁজী থেকেৰাৰ গছ আছিল৷ এনেকুৱা দিনত সেই থেকেৰাজোপাৰ পৰা কিছুমান থেকেৰা তল সৰি, আৰু কিছুমান কেৰ্কেটুৱাই আধা খাই নষ্ট কৰি তলত পেলোৱা থেকেৰাৰে, গছজোপাৰ তলখন গেৰেকনি হৈ থাকে৷‌ ‘বাৰীৰ ঘাঁহে গোহালিৰ গৰুৱে ৰাহি নাহে’  বোলা আপ্তবাক্যষাৰ তেতিয়াৰ আমাৰ ঘৰৰ সেই থেকেৰাজোপাৰ থেকেৰাবোৰৰ ক্ষেত্ৰত সুন্দৰকৈ প্ৰযোজ্য হৈছিল৷‌ মাৰ বাহিৰে থেকেৰা যে কিবা এবিধ ভাল বস্তু, আদৰেৰে সাঁচি-ৰাখি থ’ব লগা বস্তু, সেই কথা আন কোনোৱেই গ্ৰাহ্য নকৰিছিল৷ মায়েহে কেৱল, ‘থেকেৰাবোৰ গোটেই নষ্ট হ’ব এতিয়া, পৰাব লাগিছিল, ৰ’দত দি শুকুৱাব লাগিছিল’ , ইত্যাদি ইত্যাদি কথাকৈ ইচ্ ইচাই থাকে৷ 

শেষত যেনিবা খৰি ফালিবলৈ বা জেওৰা-জপনাৰ কাম কৰিবলৈ ঘৰলৈ অহা কোনোবা মানুহৰ হতুৱাই থেকেৰাবোৰ মায়ে গছৰ পৰা পৰোৱাৰ ব্যৱস্থা এটা কৰে৷ পাছত মায়ে সেই থেকেৰাবোৰৰ ভিতৰৰ গুটিবোৰ গুচাই, থেকেৰাবোৰ চকল-চকলকৈ কাটি ৰ’দত ডাঙৰ বাঁহৰ ঢাৰি এখন পাৰি, তাতে কেইবাদিনো ধৰি শুকাবলৈ মেলি দিয়ে৷ এইদৰে শুকাবলৈ দিয়া থেকেৰাবোৰ প্ৰথমৰ দুদিনমান বৰ যত্ন ল’ব লাগে৷‌ চকলা-চকলকৈ কটা এঠাযুক্ত থেকেৰাবোৰ ঢাৰিখনত কেইদিনমানলৈ লাগি লাগি ধৰে৷‌ প্ৰতেক দিনা এইদৰে ৰ’দত দিয়া থেকেৰাবোৰ, আবেলি পৰত তামোলকটাৰী এখনৰ আগটোৰে, বা বাঁহৰ এবেগেতমান দীঘল কাঠি এডালৰে খুঁচি খুঁচি ঢাৰিখনৰ পৰা এৰুৱাই, খৰাহি বা অন্য কিবা এটা পাত্ৰত থ’ব লাগে৷ পাছদিনাখন আকৌ আগদিনাৰ দৰে ঢাৰিখনত ৰ’দত দি শুকুৱাব লাগে৷ এইদৰে ৰ’দত দি শুকুওৱা থেকেৰাখিনিৰ পাছলৈ অৱশ্যে এই এঠা লাগি ধৰাটো ক্ৰমান্বয়ে কমি আহে৷ একে লেঠাৰিয়ে কেইবাদিনো ধৰি শুকুওৱাৰ‌ পাছত, ৰ’দত শুকাই থেকেৰাখনিৰ পৰিমাণটোও কমি আহে৷ প্ৰথম অৱস্থাত কাটি ৰ’দত দিয়াৰ সময়ত এপাচিমান হোৱা থেকেৰাখিনি, পাছলৈ শুকাই কমি নাওমান খৰহি এটাৰ এখৰাহিমানহে হয়গৈ৷‌ কেইবাদিনো ধৰি এনেদৰে টান ৰ’দত দি শুকুওৱা থেকেৰাবোৰৰ বৰণটো পাছলৈ কিচকিচিয়া ক’লা হৈ পৰে৷ শুকাই কৰ্কৰীয়া মৰা শুকান থেকেৰাবোৰ একেবাৰে শেষত গৈ যেতিয়া চিঁচাৰ ডাঙৰ বৈয়াম এটাতে অঁটা হয়, মায়ে তেতিয়া থেকেৰাখিনত মিঠাতেল অকণমান সানি বৈয়াম এটাত ভৰাই থয়৷ এনেদৰে মিঠাতেল সানি বৈয়ামত ভৰাই থোৱা থেকেৰাবোৰ বোলে কেইবা বছৰলৈও  ভালে থাকে৷ 

থেকেৰা পুৰণি হ’লেহে বেছি ভাল হয়৷ চোকো বৃদ্ধি পায়, ঔষধী গুণো বৃদ্ধি পায়৷‌ —ওচৰৰ মানুহে তেওঁলোকৰ ব্যৱহাৰৰ বাবে সদায় পুৰণি থেকেৰাহে বিচাৰে৷

“কুঁজী থেকেৰাৰ চৰ্পত যে মানুহে উৎকৃষ্ট ঔষধী পানীয় বুলি আৱিষ্কাৰ কৰিলে, কোনে কৰিলে ৰেক’ৰ্ড নাই বুলিয়েই সেইটো তুচ্চ আবিষ্কাৰ বুলিমনে?” 

 

ঠিকনা :                                 

চাৰ্ভে, চন্দন নগৰ, বেলতলা, গুৱাহাটী -৭৮১০২৮ 

ভ্ৰাম্যভাষ - ৯৪৩৫০ ১৪৪৫৫

অ
লেখকৰ পৰিচয়

অমৃত গোস্বামী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ২৪ আগষ্ট, ২০২৬
সেউজী সেউজী সেউজী অ'
ড॰ প্ৰাণজিৎ বৰা • ৩১ জুলাই, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)