৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সুখী জীৱনৰ বাবে

লেখকঃ প্ৰাঞ্জল বেজবৰা • প্ৰকাশিতঃ ৩১ জানুৱাৰী, ২০২৪
৩ মিনিট পঠন • ৪২৯১ বাৰ পঢ়া হৈছে

 প্ৰাঞ্জল বেজবৰা

 

মানৱ জীৱন এবাৰেই পোৱা যায়৷ যদিও পৃথিৱীৰ প্ৰায়বোৰ ধৰ্মতে পুনৰ্জন্মৰ বিশ্বাস আছে, কিন্তু এই জীৱনৰ আগতে কি আছিল আৰু এই জীৱনৰ পাছত কি হ’ব, সেই সম্পৰ্কে কোনেও নাজানে৷ গতিকে বৰ্তমান জীৱনটোকে সুখে-সন্তোষে যাপন কৰাটো সকলোৰে কাম্য৷ অথচ প্ৰায়বোৰ মানুহেই নিজে জীৱনত সুখী বুলি নাভাবে৷ যুগ যুগ ধৰি বিজ্ঞসকলে মানৱ জীৱনত সদায় সুখী হৈ থাকিবৰ বাবে অনেক পৰামৰ্শ আগবঢ়াই আহিছে৷ এই লেখাত তাৰে কেতবোৰ পৰামৰ্শ ইয়াত উল্লেখ কৰা হ’ল৷

·     সদায় মনত ৰাখিবা যে এই পৃথিৱীত সমস্যা নথকা মানুহ কোনো নাই৷ কেৱল তোমাৰহে সমস্যা আছে এনে নহয়৷ 

·        জীৱন থাকে মানে প্ৰত্যাহ্বান থাকিবই৷ মৃত লোকৰহে কোনো প্ৰত্যাহ্বান নাথাকে৷ 

·     এনে কোনো সমস্যা নাই যাৰ সমাধান নাই৷ তুমি যি কষ্ট ভুগি আছা, তাৰো নিশ্চিতভাৱে নিৰাময়ৰ ব্যৱস্থা আছে৷ 

·   তুমি মনতে নিজৰ সম্পৰ্কে যিখন ছবি তৈয়াৰ কৰিবা সিও তোমাৰ জীৱনৰ সুখক প্ৰভাৱিত কৰিব৷ মনৰ ভিতৰত নিজকে এজন গুৰুত্বপূৰ্ণ তথা সুন্দৰ ব্যক্তি হিচাপে অংকন কৰা৷ হীনমন্যতা পৰিহাৰ কৰাঁ৷ 

·     আনে তোমাৰ সম্পৰ্কে কি কয় সেই কথাত গুৰুত্ব নিদিবা৷ কিছুমান মানুহ সততে অতি নিষ্ঠুৰ৷ সিহঁতে তোমাক দুখ দিবৰ কাৰণেই তোমাৰ তোমাৰ বিষয়ে বেয়াকৈ কয়৷

·     যাৰে তাৰে লগত বন্ধুত্ব নকৰিবা৷ যি লোকে তোমাৰ জীৱনৰ প্ৰত্যাহ্বানবোৰক লৈ বিদ্ৰুপ কৰে, তেনেলোকৰ সৈতে কেতিয়াও বন্ধুত্ব নকৰিবা৷

·      তোমাৰ আজৰি সময়বোৰত তুমি ভালপোৱা কোনো কাম বা খেলা-ধূলা আদিত নিজকে ব্যস্ত ৰাখাঁ৷

·      কোনেও যাতে তোমাক টকা-পইচা কিম্বা পাৰ্থিৱ সম্পদেৰে ভীতি প্ৰদৰ্শন কৰিব নোৱাৰে তালৈ লক্ষ্য ৰাখিবা৷ আজিৰ দৰিদ্ৰজন কালিলৈকে চহকী হ’ব পাৰে৷

·     তুমি নিজে বিচৰা বস্তুটো পাবলৈ সাহসেৰে আগ বাঢ়াঁ৷ আমাৰ জীৱনটো বিপদাশংকাৰে ভৰা৷ তুমি যদি বিপদাশংকা গ্ৰহণ নকৰা, তুমি জীৱনত আকাংক্ষিত বস্তু পাবলৈ সক্ষম নহ’বা৷

        কেতিয়াও আনৰ কথা শুনি নিজক সলনি নকৰিবা৷ কিয়নো তোমাৰ ভুমিকা তোমাতকৈ ভালদৰে আন কোনেও পালন কৰিব নোৱাৰে৷ তুমি সৰ্বোৎকৃষ্ট৷ গতিকে সদায় তোমাৰ নিচিনা হৈয়েই থাকাঁ আৰু সুখী জীৱনৰ অধিকাৰী হোৱাঁ৷

 

***

প
লেখকৰ পৰিচয়

প্ৰাঞ্জল বেজবৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)