৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চিঞৰ

লেখকঃ ৰৌচন আলি • প্ৰকাশিতঃ ২৩ নৱেম্বৰ, ২০২৩
২ মিনিট পঠন • ১৯৬৮ বাৰ পঢ়া হৈছে

চিঞৰবোৰ গুচি যায়

উভতি নাহে

বিচাৰি ফুৰোঁ

কালি মৰা চিঞৰটো

আদবাটত আজি 

আয়ে তাহানিতে 'পোনাকণ' বুলি

মৰা চিঞৰটো বিচাৰিয়েই 

নৈৰ ঘাট পাওঁগৈ

ইপাৰৰ গঁৰাত ঘঁহনি খাই

উভতি আহিছিল যি চিঞৰ

সেই চিঞৰেই তেতিয়া

চিঞৰ হৈ চিঞৰিছিল আমাক !

আদবাটত আঁত হেৰুৱাই 

চিঞৰবোৰ চিঞৰ হৈ গ'ল বাৰু ক'লৈ ?

 চিঞৰবোৰ বিচাৰি থাকোঁতেই

নগৰৰ কোনোবা গলিৰ পৰা

ওলাই আহিল কিছুমান বিকট চিঞৰ  

 শাওনৰ টিকা-ফটা ৰ'দত

পথাৰৰ পৰা মৰা পিতাইৰ চিঞৰটো

আইৰ আঁচলৰ আগেদি 

তাহানিতেই যি গ'ল 

আৰু উভতি নাহিল

উদঙীয়া গৰুৰ নেজত ধৰি কিৰিলিয়াই অহা

ল'ৰাহঁতে মৰা 

চিঞৰ এটাই খেদিছিল 

আবেলিৰ বেলি  

ইপাৰৰ পৰা সিপাৰলৈ মৰা

চিঞৰবোৰ

কোন নাৱৰীয়াৰ নাৱৰ টিঙত

খুন্দা খাই

নৈখন গাভৰু হৈছিল বাৰু?

চিঞৰবোৰ আমাৰ বৰ প্ৰয়োজন আছিল

চিঞৰিব পৰাকৈ 

এতিয়া কোনেও নিচিঞৰেচোন

এনেকৈয়ে গুচি যোৱা চিঞৰবোৰ 

বিচাৰোঁ ফুৰোঁ কেতিয়াবা 

কাৰণ 

আমি চিঞৰ এটা হ'ব পৰাকৈ

চিঞৰিব নোৱাৰিলোঁ

সেয়ে অনাহক চিঞৰি থকাতকৈ

চিঞৰ এটালৈ ৰৈ থকাই ভাল।

---

ঠিকনা :

সৰুপালেঙী গাঁও

ডাক- দিচাংঘাট (ৰজাবাৰী)

পিন- ৭৮৫৬৭২

শিৱসাগৰ (অসম)

দূৰভাষ- ৯১০১২১১২৩২

মেইল ঠিকনা- rowsonali465@gmail.com

ৰ
লেখকৰ পৰিচয়

ৰৌচন আলি

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)