৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মালতী মেম

লেখকঃ নীলোৎপল বৰুৱা • প্ৰকাশিতঃ ৩১ অক্টোবৰ, ২০২৩
৯ মিনিট পঠন • ৮৬৯ বাৰ পঢ়া হৈছে
মালতী মেম
ডাঙৰকৈ চাওক (Zoom)

 নীলোৎপল বৰুৱা

 

কাহিনী চয়ন নিতান্ত‌ই পৰিচালকৰ দৰ্শননিৰ্ভৰ বিষয়৷ নাটকীকৰণৰ ভৱিতব্য বেমেজালি আৰু বাধাৰ (Drammatization hazard) প্ৰতি লক্ষ্য ৰাখি পৰিচালকজনে নিজৰ ক্ষমতা আৰু পূৰ্বানুমানেৰে নিৰ্দিষ্ট ৰুচিসন্মত কাহিনী নিৰ্বাচন কৰে৷ ই নিশ্চিতভাৱে মেধা, দক্ষতা আৰু ৰুচিনিৰ্ভৰ৷ পৰিচালকজনৰ সেয়া একান্ত নিজা ক্ষমতা৷ কাহিনী মজ্জাগত কৰাৰ পাছত নাটকীকৰণলৈ বাটছোৱাত বহুখিনি পাৰিপাৰ্শ্বিক কাৰকে তাক প্ৰভাৱান্বিত কৰাৰ সম্ভাৱনা নথকা নহয়৷  কাহিনীচয়ন বা তত্ত্ব নিৰ্বাচন, সংবাদ প্ৰৱহনৰ ঠেউকী নিৰ্বাচন, কাহিনীসূত্ৰ বিৱৰ্ধন এই সকলোবোৰ পৰিচালকৰ ক্ষমতাসীন বিষয়বস্তু৷

থিয়েটাৰেই সেই একমাত্ৰ জীৱন্ত কলা য’ত দ্ৰষ্টা, দৰ্শক আৰু শিল্পবস্তুৰ মাজত পোনপটীয়া সম্পৰ্ক গঢ় লৈ উঠাৰ সম্ভাৱনা আৰু নিশ্চিতি থাকে৷ নিজা কল্পনাস্ৰোতৰ অৰ্গল খুলিবলৈ সাজু হৈ থকা এদল আদৰ্শ দৰ্শকৰ সন্মুখত পৰিচালকে নাটকীকৰণৰ সীমিত স্থানিক ক্ষমতাৰ মাজতো অসীমৰ বাট কাটি দিয়ে৷

শেহতীয়াকৈ গুৱাহাটীৰ মাধৱদেৱ কলাক্ষেত্ৰত মঞ্চায়িত হ’ল পৰী শৰণীয়া পৰিচালিত নাটক - ‘মালতী মেম’৷ দুঘণ্টা দৈৰ্ঘ্যৰ নাটকখন স্বাধীনতা সংগ্ৰামী মালতী মেমচাহাব ওৰফে মাংৰী ওৰাঙৰ জীৱন বিষয়ক৷

পৰী শৰণীয়া শেহতীয়া নাট্যকাৰ আৰু পৰিচালকসকলৰ মাজত এটা সম্ভাৱনাময় নাম৷ ‘মন্দোদৰী’, ‘থেংফাখ্ৰী’, ‘ডেউকা’, ‘চুইচাইড নোট’, ‘মোৰ ঘৰ ক’ত’, আদি সম্পৰীক্ষামূলক নাটক আৰু নিজা নাটকীয় দৰ্শনেৰে সুকীয়া পৰিচয় দাঙি ধৰিবলৈ তেওঁ সক্ষম হৈছে৷ দেখা যায়, পৰী শৰণীয়াক সাধাৰণতে সমসাময়িক বিষয়বস্তু, সাম্প্ৰতিক পাৰিপাৰ্শ্বিক চেতনাৰ নিৰ্মিতিয়ে বেছিকৈ প্ৰভাৱান্বিত কৰে৷ তেওঁৰ প্ৰায় সকলো নাটকতে মানৱীয় কাৰুণ্য, দ্বৈৰথ দ্বন্দ্ব, বিশ্বায়নজাত ধামখুমীয়াৰ হতাশা আদি বিষয়বস্তুক মুখ্য উপজীৱ্য হিচাপে দেখা যায়৷

আন এটা লক্ষণীয় বিষয় হ’ল পৰী শৰণীয়াৰ সকলো নাটকৰে (মোটামুটি) মুখ্য চৰিত্ৰ নাৰী৷ বস্তুগত দিশৰ পৰা তেওঁক অসমীয়া ভাষাৰ মুষ্টিমেয় নাৰীবাদী নাট্যকাৰ-পৰিচালকসকলৰ মাজত নিঃসন্দেহে স্থান দিব পৰা যায়৷

শৰণীয়াৰ নাৰী চৰিত্ৰসমূহ বিভিন্ন দিশ আৰু পৰ্যায়েৰে ভাৰাক্ৰান্ত৷ সেই বিপৰ্যস্ত নাৰীৰ কণ্ঠস্বৰক শক্তিশালী কৰি এক কৰ্তৃত্বশীল বাগধাৰালৈ নিয়াৰ প্ৰৱণতা পৰী শৰণীয়াৰ মাজত দেখা যায়৷

২০১০ চনত গোৰেশ্বৰত “চিফুং” নামৰ এটা নাট্যানুষ্ঠানৰ জন্ম দি একাণপতীয়াকৈ নাটকৰ চৰ্চা কৰা পৰী শৰণীয়াই পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে প্ৰণৱ কুমাৰ বৰ্মনৰ দ্বাৰা ৰচিত নাটক ‘ডেউকা’ৰ জৰিয়তে৷

‘চুইচাইড নোট’ পৰী শৰণীয়াৰ এখন জনপ্ৰিয় আৰু চৰ্চিত নাটক৷ অসম্পূৰ্ণ আকাংক্ষা আৰু আকাশচুম্বী লোভৰ মাজত পিষ্ট আজিৰ মানুহৰ সঠিক অথচ নিকৰুণ চিত্ৰায়ণ- চুইচাইড নোট৷ নাটকখনে ইতিমধ্যে অসমৰ বিভিন্ন মঞ্চত শতাধিক দৰ্শনী সম্পন্ন কৰিছে৷

পৰী শৰণীয়াৰ অন্য এক শক্তিশালী নাটকীয় বিনিৰ্মাণ হৈছে ‘থেংফাখ্ৰী’ ৷ বড়ো লোক-সংস্কৃতিৰ ৰেশ আৰু ইনফিউজনেৰে নিৰ্মাণ কৰা নাটকখনত অভিনেতা নিৰ্মিতিত ‘চিফুং’এ যথেষ্ট কষ্ট কৰা দেখা গৈছে৷ উত্তৰ উপনিৱেশ কালৰ দেহসজ্জাৰ অনুৰূপতা যথাৰ্থভাৱে প্ৰতিষ্ঠাপিত কৰাৰ আপ্ৰাণ চেষ্টা পৰিলক্ষিত হয়৷

‘মালতী মেম’ পৰী শৰণীয়াৰ শেহতীয়া নাটক৷ প্ৰায় দুঘণ্টা দৈৰ্ঘ্যৰ নাটকখনৰ প্ৰথমটো মঞ্চায়ন নলবাৰীত আৰু দ্বিতীয়টো গুৱাহাটীৰ মাধৱদেৱ কলাক্ষেত্ৰত সফলতাৰে সম্পন্ন হৈছে৷

মাংৰী ওৰাঙ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক উল্লেখযোগ্য চৰিত্ৰ৷ এতিয়াও এই ব্যক্তিত্বৰ ওপৰত আলোকপাত ভালকৈ হোৱাই নাই৷

মালতী ওৰাঙৰ ঘৰ অবিভক্ত দৰং জিলাত বুলি জনা যায়৷ অমিয় কুমাৰ দাসদেৱে তেখেতৰ আত্মজীৱনীত মাংৰী ওৰাঙ আৰু স্বাধীনতা সংগ্ৰামত তেওঁৰ যোগদানৰ কথা‌ লিখিছে৷ বিস্তৃতভাৱে নহ’লেও চন্দ্ৰপ্ৰভা শ‌ইকীয়ানীয়েও মাংৰী ওৰাঙৰ বিষয়ে উল্লেখ কৰিছে৷

অবিভক্ত বিহাৰৰ হাজাৰীবাগৰ পৰা প্ৰেমিক চমৰাৰ সৈতে কৰ্মসংস্থাপনৰ সন্ধানত অসমলৈ অহা মাংৰী ওৰাঙে থিতাপি লৈছিল অবিভক্ত দৰং জিলাৰ কোনোবা চাহ বাগিচাত৷



কলেৰা মহামাৰীত স্বামী চমৰাৰ অকাল মৃত্যুত মাংৰী ওৰাঙ বিধ্বস্ত হৈ পৰে৷ ৰূপৱতী বিধৱা মাংৰী ওৰাঙক ৰক্ষিতা হিচাপে ব্ৰিটিছ চাহাব এজনে নিজৰ লগত ৰাখে৷ ব্ৰিটিছ চাহাবে মাংৰী ওৰাঙৰ নাম ৰাখে মালতী ওৰাঙ৷ কালক্ৰমত মাংৰী ওৰাং ‘মালতী মেম’ হিচাপে জনাজাত হয়৷ চাহাবৰ ঔৰষত মালতী ওৰাঙে এটা এটাকৈ তিনিটি সন্তানৰ জন্ম দিয়ে যদিও কোনোটো সন্তানকে নিজৰ হাতত ৰাখিবলৈ নাপালে৷ ‘নেটিভ’ৰ গৰ্ভত থিত লোৱা সন্তানে নিজৰ পৰিচয় কঢ়িওৱাত নাৰাজ চাহাবে জন্মৰ পাছতে সন্তানবোৰক কোনোবা অনাথ আশ্ৰমলৈ পঠিয়াই দিলে৷ সন্তানহাৰা মালতী মেমে দুৰ্বিসহ যন্ত্ৰণাত জীৱন কটাই থাকোঁতেই একমাত্ৰ আশ্ৰয় বগা চাহাবো নিজৰ দেশলৈ ঘুৰি যাবলৈ ওলাল৷ দানসূত্ৰে চাহাবে দিয়া বিছ বিঘা মাটি আৰু এটা নিঃসংগ আৰু নিঃস্ব জীৱন লৈ মালতী মেম থাকি গ’ল বাগিচাতে৷ ক্ৰমান্বয়ে মালতী মেম কানি আসক্ত হয়৷ মদ, ভাং আৰু কানিয়ে জুৰুলা কৰা মালতী মেমক কানি এৰিবলৈ অনুৰোধ কৰে অমিয় কুমাৰ দাস সমন্বিতে চন্দ্ৰপ্ৰভা শ‌ইকীয়া, লক্ষ্মীধৰ শৰ্মা আদি স্বাধীনতা সংগ্ৰামীসকলে৷

অমিয় কুমাৰ দাসদেৱে কৰা ‘মা’ সম্বোধনত বিহ্বল হৈ পৰা মালতী মেমে কানি ত্যাগ কৰে আৰু বাগিচাৰ শ্ৰমিকসকলকো কানি বৰবিহৰ বিৰূদ্ধে থিয় দিবলৈ বাধ্য কৰে৷ ক্ৰমশঃ মালতী মেম স্বাধীনতা সংগ্ৰামৰ সৈতে জড়িত হৈ পৰে৷ পাছলৈ কোনোবা অচিনাক্ত লোকে মালতী মেমক হত্যা কৰে৷ থুলমূলকৈ এয়াই আছিল মাংৰী ওৰাঙৰ জীৱন৷ ৰূপহী মালতী মেম কিংবদন্তী হিচাপে আজিও জীয়াই আছে মানুহৰ মাজত৷



মালতী মেমৰ কাহিনীভাগ পৰিচালকে সুনীল কুৰ্মী প্ৰণীত গ্ৰন্থ –‘মাংৰী ওৰাঙ’ৰ পৰা লৈছে৷ নাটকীকৰণৰ বাবে সৰলৰৈখিক কাহিনীকথন এটা তৈয়াৰ কৰি লোৱা হৈছে৷ খণ্ডিত দৃশ্যাংশ ফ্লেচবেকত কৰা হোৱা নাই, চিধা চিধিকৈ গতি কৰিছে৷ আৰম্ভ হৈছে হাজাৰীবাগৰ এখন ফুলনিৰ দৃশ্যৰে৷ য’ত পাট গাভৰু মাংৰী আৰু প্ৰেমিক চমৰাক দেখা যায়৷ ঝাৰখণ্ডৰ মূল নিৱাসী ওৰাওঁসকলৰ সাংস্কৃতিক উপাদানসমূহ মঞ্চত উপস্থাপন কৰাৰ যৎপৰোনাস্তি চেষ্টা দেখা গৈছে৷ কামটোৱে পূৰ্ণতা পাইছে বুলি কোৱাতকৈ আমি ‘ফাংশ্বনেল লেংগুৱেজ’ এটা তৈয়াৰী হৈছে বুলি ক’ব পাৰোঁ৷ কিন্তু কষ্ট আৰু নিষ্ঠাৰ ছাপ দেখা যায়৷

কাহিনীকথন বা নাটকীকৰণৰ সময়ত পৰিচালকৰ হাতলৈ নিশ্চিতভাৱে কেবাটাও তৰপ উঠি আহিছে৷ কেবাটাও ধৰণেৰে নাটকীকৰণৰ সম্ভাৱনাৰে মোহগ্ৰস্ত হোৱাৰ বিপৰীতে পৰিচালকে নাৰীৰ মনস্তাত্ত্বিক আৰু যন্ত্ৰণাৰ দিশটোক প্ৰথম তৰপত ৰাখিছে৷ সেয়া পৰী শৰণীয়াৰ ক্ষেত্ৰত স্বাভাৱিক কথা আছিল৷ সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা নাৰী এগৰাকীৰ কাৰুণ্য আৰু হতাশা আদৰ্শ দৰ্শকৰ বাবে প্ৰথম মোক্ষণ৷ নাৰ্ছ মৰিয়ম, মাংৰীৰ পেহীয়েক, পাৰ্বতী নানী আদি চৰিত্ৰত মুখৰ সংলাপসমূহ আচলতে সেই প্ৰেক্ষাপটৰ একো একোটা চলতি ডিছক’ৰ্ছ ৷ 

দ্বিতীয়টো তৰপ নিশ্চিতভাৱে স্বাধীনতা আন্দোলনৰ তদানীন্তন গতিধাৰা৷ ই এটা বিশাল নাটকীকৰণীয় বিষয়৷ অলেখ অযুত ঘটনাগুচ্ছৰ পৰা নিৰ্দিষ্ট আৰু মহিমামণ্ডিত বিষয় একোটা তুলি আনি তাক শিল্পবস্তুলৈ ৰূপান্তৰকৰণত পৰিচালকৰ দক্ষতা সাৱলীল৷ মাংৰীৰ যন্ত্ৰণা আৰু স্বাধীনতা আন্দোলনৰ আৱহ সামন্তৰালভাৱে গতি কৰিছে৷

তৃতীয়টো তৰপ বৰ্ণময়তাৰ৷ অসমৰ আদিবাসীসকলৰ লোকসংস্কৃতিক দৃশ্যমান কৰি তোলাৰ পূৰ্ণ সুযোগৰ সদ্ব্যৱহাৰ পৰিচালকে কৰিছে৷ বৰণ বিন্যাসেৰে কাহিনীৰ যিখিনি অংশ বাংময় কৰি তুলিব পাৰি সেইখিনি অংশ যথাযথভাৱে নি থকা হৈছে৷ এশ শতাংশ সুযোগ পৰী শৰণীয়াই গ্ৰহণ কৰিছে বুলি আমি ক’ব খোজোঁ৷ অৱশ্যে ফাংশ্বনেল লেংগুৱেজৰ বিষয়টো ইয়াতো লক্ষণীয়৷

সাজসজ্জাৰ ক্ষেত্ৰত অনুমিতিৰ ভিতৰত কাম চলিছে৷ গৱেষণাৰ থল আছিল৷ সংগীত সুষম আৰু স্বকীয়৷ প্ৰেক্ষাপট, কাহিনী আৰু পৰিৱেশ অনুযায়ী৷ আলোকসম্পাত কাহিনীৰ দাবীৰ সামন্তৰাল৷

‘মালতী মেম’ক ইতিহাসৰ পৰা তুলি অনা কিংবদন্তীৰ টুকুৰা হিচাপে পৰ্যবেক্ষণ কৰিলে নাটকখনৰ প্ৰতি সুদৃষ্টি দিয়া হ’ব বুলি আমি ভাবোঁ৷ তথ্য আৰু সংবাদতকৈ মালতী মেম বেছি মানৱীয়৷ কাৰুণিক৷ যন্ত্ৰণাময়৷

আমি পৰিচালকক ধন্যবাদ জনাব বিচাৰিম বিষয়বস্তু আৰু তাৰ প্ৰক্ষেপণৰ বাবে৷

 

ভ্ৰাম্যভাষ : ৯৮৫৪৬৬৪২৯


ন
লেখকৰ পৰিচয়

নীলোৎপল বৰুৱা

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মায়াৰ মায়ং
নৱ ৰাজন • ২৮ অক্টোবৰ, ২০২৬
ঈশান
অমৃতজ্যোতি মহন্ত • ২৭ অক্টোবৰ, ২০২৬
দুখে কেওড়া
কুমুদ ঘোষ, সত্যেন চৌধুৰী • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)