৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কবিতা

লেখকঃ মূল (বাংলা): ডাঃ চাব্ৰিনা ৰুবিন • প্ৰকাশিতঃ ২৬ অক্টোবৰ, ২০২৩
১ মিনিট পঠন • ৯২১ বাৰ পঢ়া হৈছে

মূল (বাংলা): - ডাঃ চাব্ৰিনা ৰুবিন

অনুবাদ : উৎপল দত্ত

 

দেখা হ’বই লাগিব

এনেকুৱা কথাতো নাই

দেখা নহলেও সূৰ্য উদয় হ’ব

অস্ত যাব

মেঘৰ পৰা বৰষুণ সৰিব

বজ্ৰপাত হ’ব

অমাৱস্যাৰ পাছত পূৰ্ণিমা আহিব

দিন যাব, মাহ যাব

ডেউকা মেলা চৰাইৰ দৰে

সপোনবোৰ বতাহত উৰিব

কবিতাবোৰে কথা ক’ব

যদিও কিছু স্পৰ্শ আৰু অনুভূতিৰ

হ’ব দ্বন্দ্ব

আৰু বিশ্বাসে হেৰুৱাব পথ

তথাপি আশ্বাসৰ বাঁহী

পুনৰ বাজিব মস্তিষ্কত ...

আমাৰ দেখাদেখি নহ’লেও

পৃথিৱীত যুদ্ধ হ’ব

মকৰাই গুঠিব জাল

পখিলাই পাখি মেলিব

ফেঁচাই চাই ৰ’ব ৰাতিবোৰ

ভীষণ স্বপ্নভংগৰ কথা জনাৰ পাছতো

দেখাদেখি নহ’ব আমাৰ

দেখাদেখি নহ’লেও

আমি ঠিক এনেদৰেই চলিম

নুচুম, চুই দিম বাৰে বাৰে

এনেদৰেই পাৰ হৈ যাব

কত সহস্ৰ প্ৰহৰ আৰু কত শত ৰজনী ৷ 

 

ম
লেখকৰ পৰিচয়

মূল (বাংলা): ডাঃ চাব্ৰিনা ৰুবিন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)