৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কইনা কন্দা শিলৰ পুৰাণ

লেখকঃ অংকুৰণ আৰ্ফ • প্ৰকাশিতঃ ২৪ অক্টোবৰ, ২০২৩
৩ মিনিট পঠন • ১০৮০ বাৰ পঢ়া হৈছে

অংকুৰণ আৰ্ফ

 

পুৰাণ পদ্য - ১ 

 

শিলে শিলে সুৰ

বুকুভৰা বেদনাৰ

ইমান কৰুণ সুৰ

 

প্ৰাচীন এই শিলৰ উপত্যকাত

 

ৰাতি ৰাতি

ৰাউচি জুৰি কোনে কান্দে

 

বুৰঞ্জীৰ বতাহত ভাহি অহা

 

কাৰ এয়া ইমান দুখৰ মাত

 

শুনো কি নুশুনো

ৰাতি ৰাতি

কাৰ ইমানবোৰ

বিৱাহৰ ঘন ঘন উৰুলি

আৰু মন্ত্ৰময় শ্লোক

 

নিয়ৰ পৰা নিশা

টোপাটোপে সৰে

কাৰ এয়া ইমান উষ্ণ অশ্ৰু

 

ইয়াত যেন বিলীন হৈ আছে

শিল হৈ যুগমীয়া শিল হৃদয়ৰ শোক

 

পুৰাণ পদ্য - ২

 

জোনাক সৰা ৰাতি

কিচকিচিয়া কলা চুলি মেলি শিলছটাৰ ওপৰত কোন তুমি

 

জলকুঁৱৰী নে

ৰাতিৰ পৰী !

 

সোণ-হীৰাৰ অলঙ্কাৰে

চিকিমিকি

পাটৰ সাজযুৰিৰ সৈতে ইমান লাৱণী দেহৰ অংগত জিলিকি আছে

স্নিগ্ধ চন্দন আৰু মাহ-হালধি !!

 

এয়া কি

সৰাপাতবোৰ সাবটি

তুমি যে আছা উচুপি

 

কি ক'লা

কি ক'লা তুমি?

 

তুমি ইয়াৰে

বৰঘন ৰজাৰ নন্দিনী

মায়ঙৰ মায়াৱী কোঁৱৰে

তোমাৰ হিয়াৰ প্ৰেম নিলে কাঢ়ি

 

তুমি সেইদিনা

কোঁৱৰৰে হৈছিলা ধৰ্মপত্নী

বিৱাহৰ দিনাই

বাটৰ ধুমুহাই

এই শিলৰ উপত্যকাতে

চিৰকালৰ বাবে

তোমালোকৰ জীৱন দিলে ঢাকি

নুমাই গ'ল তোমাৰ বুকুৰ আকুল-ব্যাকুল আধৰুৱা ইচ্ছাৰ প্ৰেম চাকি

 

অপূৰ্ণ-আধৰুৱা হৈ ৰ'ল তোমালোকৰ প্ৰেম কাহিনী

সেয়ে শিলে শিলে প্ৰতিধ্বনিত হয় আজিও তোমাৰ উচুপনি

 

উঃ আৰু নক’বা

পৰিত্যক্ত এই প্ৰেম পুৰাণৰ কাহিনী

শিলে দিলে যি সমাধি !

 

উপসংহাৰ :

 

শিল হৈ শিলে শিলে কোৱা এই শিল শোকৰ কথকতা

মায়ঙৰ মন্ত্ৰৰ দৰে

পুৰণি হৈও সদায়

নতুন পাত এখিলা ।

 

 বি.দ্ৰ.- মৰিগাঁও জিলাৰ এক প্ৰাচীন শিলৰ পাহাৰৰ বুকুত লুকাই থকা জনশ্ৰুতিৰ আধাৰত এই কবিতাটো ৰচনা কৰা হৈছে।

অ
লেখকৰ পৰিচয়

অংকুৰণ আৰ্ফ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)