৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বুদ্ধই যুদ্ধ কৰিব জানে

লেখকঃ অৰ্চনা ঠাকুৰীয়া • প্ৰকাশিতঃ ২৩ অক্টোবৰ, ২০২৩
২ মিনিট পঠন • ৩১২৬ বাৰ পঢ়া হৈছে

অৰ্চনা ঠাকুৰীয়া


পানীৰ জ্বৰ হৈছে

কঁপি কঁপি উঠে

মেলেৰিয়া হেনো

দুখত মাছৰ চকুও ঘোলা



আনৰ জীৱনক অৰ্থ দি নিজক ব্যৰ্থ কৰা বীৰ মাছ

যি আমাৰ মহাজনৰ প্ৰথম অৱতাৰ



'মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত

উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জলত...'



পানীপেৰা যন্ত্ৰটোৱে পানীৰ জ্বৰ নোৱাৰে কমাব

সেয়ে, যন্ত্ৰটোক বনবাস দিয়া হওক আৰু

গৰ্ভ-সংস্কাৰ কৰা হওক পানীৰ



মহাজনৰ স্পট লাইট বৰ্তমান মাছৰ ওপৰত

কেনেবাকৈ বিশ্বাসৰ অন্তিমটো শ্বাস মাছক দিব পৰাহ’লে...



ৰজাঘৰৰ লোভৰ  জুইকুৰা দপ্দপাই জ্বলিছে জ্বলক, 

জ্বলি থাকক

অঘটন ঘটিছে ঘটক, 

ঘটি থাকক

আমি সকলোৱে

ধূলি ছটিয়াম ...



প্ৰতিজন মানুহেই আজি বুদ্ধ

বুদ্ধই যুদ্ধ কৰিব জানে

কথাৰেই কথাক উত্তম-মাধ্যম দিয়ে



'আঘুৰ ঘুৰ মাগুৰ জালি

ঘোঁৰাৰ নাকত দিলোঁ জৰি ...'



লাইট -কেমেৰা- একশ্যন

এয়া চাওক, মহাজনৰ স্পট লাইট বৰ্তমান মাছৰ চকুত 

লাহে লাহে মাছে লুটিবাগৰ মাৰিছে

ফিছা কোবাই অস্তিত্বৰ ইংগিত দিছে



প্ৰলয় জলত মাছেই উদ্ধাৰ কৰিব বুদ্ধক

বুদ্ধই কৰিব সকলো শুদ্ধ 


অ
লেখকৰ পৰিচয়

অৰ্চনা ঠাকুৰীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)