৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

খিৰিকিৰ বদনাম

লেখকঃ অৰ্চনা পূজাৰী • প্ৰকাশিতঃ ২৬ ছেপ্টেম্বৰ, ২০২৩
২ মিনিট পঠন • ১৪৮৩ বাৰ পঢ়া হৈছে
অৰ্চনা পূজাৰী


বতাহছটি আহি বন্ধ খিৰিকীত খুন্দা খাই থমকি ৰ’ল খন্তেক
খঙতে উচাট মাৰি ঘূৰিবলৈ গৈ ক’লে----
ওৰেৰাতি জোনৰ সতে চুপতি মাৰি তইচোন বদনামী হৈ গ’লি
সুদূৰৰ পৰা বৈ আনিছিলোঁ
এছাটি শীতল বাও
উশাহ ল’ব নোৱৰা ঘৰবোৰত
ছটিয়াওঁ  বুলি
পুৱালৈকে তই অৰ্গল বন্ধ ৰাখি
ভৰদুপৰলৈকে
ফস্তিজুৰি শুই থাকিলি

 
খিৰিকী নিমাত
কিদৰে কয়
তাৰকাখচিত এখন আকাশ
ওৰেৰাতি নিচুকাইছিল সি
তাকো তাৰ গৰাকীৰ ইচ্ছাত
বোৱাৰী পুৱাতে বাহী চোতাল সাৰিবলৈ আহি  ঘৰৰ গৰাকিনীয়ে
ঠেলা মাৰি জপাই দিলে 
খিৰিকীৰ পাট

 
খিৰিকীৰ নিজা বুলিবলৈ
আছেনো কি

খিৰিকী খোল খায়
খিৰিকী বন্ধ হয় 
আনৰ ইচাৰাত ৷৷
অ
লেখকৰ পৰিচয়

অৰ্চনা পূজাৰী

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)