৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

জ্যামিতি

লেখকঃ খনিন্দ্ৰ ভূষণ মহন্ত • প্ৰকাশিতঃ ২৩ ছেপ্টেম্বৰ, ২০২৩
২ মিনিট পঠন • ২৭০১ বাৰ পঢ়া হৈছে

খনিন্দ্ৰ ভূষণ মহন্ত


(১)

থম-থমকৈ বহি আছে সন্ধ্যাটো

তাতকৈ আহাঁ, যাতনাৰ কথাকে পাতোঁ

 

কোৱাঁচোন – জীৱনটো যদি বৃত্ত

প্ৰহৰবোৰ যদি ব্যাসাৰ্ধ

পৰিধিতনো মই কি থ’ম?

 

(২)

স্মৃতিৰ চহৰখন আজি ধুমায়িত...

নিচা লগা মানুহৰ দৰে খোজ দি দি মই বুজিছোঁ :

ভালপোৱাও কেতিয়াবা ৰে’লৰ চিৰিৰ দৰে

 

শূন্য নে পূৰ্ণ – সেয়া বিচাৰ্য নহয়।

(আঃ! এয়া কেনে উপপাদ্য!)

 

(৩)

হাতত হাত ধৰি ওলমি আছে গ’ল্ডেন শ্বাৱাৰ...

প্ৰসাৰিত আঙুলিবোৰে হেৰুৱাইছে (নে বিচাৰিছে) বাট

 

আঁত বিচাৰি মই ভাবি আছোঁ :

বিন্যাসৰ সূত্ৰ ফুলতকৈ আন কোনে জানে?

_____

 

ভ্ৰাম্যভাষ : ৯১০১৯৮৬১৪০

খ
লেখকৰ পৰিচয়

খনিন্দ্ৰ ভূষণ মহন্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)