৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চিঞৰ

লেখকঃ ধ্ৰুৱ কুমাৰ তালুকদাৰ • প্ৰকাশিতঃ ২৮ আগষ্ট, ২০২৩
২ মিনিট পঠন • ২০৪৪ বাৰ পঢ়া হৈছে

ধ্ৰুৱকুমাৰ তালুকদাৰ

 

কোনেও নুশুনা এটা চিঞৰ

মোৰ কাণত সোমাবলৈ ৰৈ আছিল ...

বাৰিষাৰ এটা ৰাতিপুৱা

মই শেতেলি এৰাৰ আগতে

চিঞৰটো আহিছিল দৌৰাদৌৰিকৈ

মই এৰি অহা গাঁওখনৰ ঘৰবোৰ ভাঙি যোৱা মানুহখিনিৰ মাজৰ পৰা -

 

মই চিঞৰটোক চিনি পাইছিলোঁ

একেবাৰে সৰুকালৰে পৰা মই তাক দেখি আহিছিলোঁ

এইখিনি আহি পাওঁতে পাওঁতে উজুটিত তাৰ ভৰিৰ

আঙুলিবোৰ ছিগি পৰোঁ পৰোঁ হৈছিল

আগলৈ চাওঁতে চাওঁতে চকুহাল বেঁকা হৈ পৰিছিল

সেইবাবে সি য’লৈকে আহিছিল ভুলকৈ আহিছিল আৰু যিবোৰ দেখিছিল ভুলকৈ দেখিছিল

সেই ভুল দেখাৰ মাজতে মই ভুলকৈ আছিলোঁ

আৰু মোৰ ভুলকৈ থকাখিনিতে চিঞৰটো আহি ৰৈ আছিল

ভুলকৈ থাকিবলৈ...

ধ
লেখকৰ পৰিচয়

ধ্ৰুৱ কুমাৰ তালুকদাৰ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)