৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দৃশ্যপট

লেখকঃ দিলীপ ফুকন • প্ৰকাশিতঃ ২৯ জুলাই, ২০২৩
২ মিনিট পঠন • ৬৫৬ বাৰ পঢ়া হৈছে

দিলীপ ফুকন

কুঁহিপাত যেন কোমল

স্নিগ্ধতামণ্ডিত এটা কবিতাৰ আয়োজন কৰোঁতেই

বাহিৰত বৰষুণ পৰিল। উৰুলিৰ বৰষুণ।

বাহিৰলৈ চালোঁ

নাই, গছে কুঁহিপাত মেলা নাই

অৰ্কিডে আয়োজন কৰা নাই প্ৰস্ফুটনৰ

কেতেকী চৰায়ে কটা নাই সৰুসূতা,

অথচ

মানুহবোৰৰ মুখত দেখা পালোঁ 

সূৰ্যোদয়ৰ শোভা।

যাৰ বাবে অধীৰ অপেক্ষাত আছিল সমৱেতসকল

অৱশেষত তেওঁৰ প্ৰৱেশ ঘটিল।

অদ্ভুত বেশভূষা।

বিশ্বাস কৰক, মোৰ ভয় লাগিছিল,

কাৰণ অভ্যাগতৰ মূৰৰ এশিঙত লাগি আহিছিল

ঘাঁহ-বন গজা এচপৰা মাটি

ইটো শিঙত তেজৰ চেঁকুৰা।

তথাপি মানুহবোৰে ভাবিলে - সুদিন সমাগত!

বিশ্বাস কৰক সুধীজন

মই কাকো একো বুজাব নোৱাৰিলোঁ

মানুহবোৰ ক্ৰমাগত ঢলি পৰিল

মোৰ কবিতাৰ পাণ্ডুলিপি ৰাঙলী হৈ পৰিল

তেওঁ গৈ থাকিল শিং জোকাৰি

মানুহবোৰৰ গাৰ ওপৰেদি...

দ
লেখকৰ পৰিচয়

দিলীপ ফুকন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)