৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সেইদিনা

লেখকঃ জয়ন্ত দত্ত • প্ৰকাশিতঃ ২৯ জুন, ২০২৩
২ মিনিট পঠন • ২৩৪৩ বাৰ পঢ়া হৈছে

  জয়ন্ত দত্ত


সেইদিনা বাপেক পুতেকৰ খকাখুন্দাখনত

গধুৰ হৈ পৰিছিল দুপৰীয়াটোৰ বুকু...

 

আমি বাপেকৰ ফালৰ পৰা চাই  বাপেকক শুদ্ধ দেখিছিলোঁ আৰু 

পুতেকৰ ফালৰ পৰা  পুতেকক

 

এদিন হাতৰ চাকিটো আন এজনক দি

আন্ধাৰে - মুন্ধাৰে আহোঁতে উজুটিত ছিগা বুঢাআঙুলিটো দেখি 

বাপেকে হেৰুৱাই পেলাইছিল বিশ্বাস নামৰ ৰ'দঘাই চোতালখন

 

নিজৰ পানীখোৱা পুখুৰীটো চেঙালুটি পাৰি থকা দুজনী মাছক দি সাতটা খৰালি পিয়াহত

থকা কথাটো মানুহটোৱে পাহৰিব পৰা নাছিল..

 

সেইদিনা পুতেকে ঢুকি নোপোৱা ওখত কৰ্কৰীয়া মাৰি থকা ভোল এটাৰ পেটত চিপ টানি থকা জীৱ এমুঠিক জীয়ন দিবলৈ গৈ  ৰঙা-ৰাঙলী কৰি আনিছিল বুকু...

 

যিটো বাটেৰে আহি আহি এইখিনি পাইছিলহি সেই একেটা বাটততে পুতেকে ভৰি দিয়া দেখি পিলাই চমকি গৈছিল মানুহটোৰ...

 

খঙৰ ভমকত পুতেকক কৈছিল

“ওখ হৈ ল ওখ হৈ ল তাৰ পাছত ছাঁ দিবি...”

 

পুতেকে মুখতে কৈছিল ওখ গছৰ ছাঁ নাথাকে

 

                               

ঠিকনা :                                  

দ গাঁও নলনি খাত

ডাক : গৰখীয়া দ'ল 

যোৰহাট ৭৮৫০১৫

ভ্ৰাম্যভাষ :৯৩৬৫৪৫৭৭৫১

জ
লেখকৰ পৰিচয়

জয়ন্ত দত্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)