৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

নিচুকনি গীতত টোপনি নাহে...

লেখকঃ অৰ্চনা ঠাকুৰীয়া • প্ৰকাশিতঃ ২৮ জুন, ২০২৩
২ মিনিট পঠন • ৬৭৪ বাৰ পঢ়া হৈছে

 অৰ্চনা ঠাকুৰীয়া

এইমাত্ৰ 

ঠিক সূৰ্যোদয়ৰ পূৰ্বে 

জী উঠিছে মোৰ চহৰ

কুশল প্ৰেমিকৰ 

স্পৰ্শত প্ৰাণ পাই উঠিছে 

দিগম্বৰী বালাৰ অহল্যা বুকু

কেনেকৈ কাটি গ’ল ৰাতি

তোমাক বাৰু কিয় ক’ম 

মোৰ ভাগৰ সুখকণ 

কিয়নো ভগাম তোমাৰ স’তে

ফ্লাইঅভাৰৰ খুটাবোৰ এতিয়াও উকা হৈ আছে 

‘ছাৰৰিয়েলিজম’ত বিশ্বাসী মোৰ বাহাদুৰ প্ৰেমিকে 

আজি টোপনি নগৈ 

ছবি আঁকিব- 

লকলকাই থকা জিভাই চেলেকি খোৱা 

পথাৰৰ বিজলুৱা শেলুৱৈ 

অথবা নিগনিয়ে কুটি পেলোৱা 

কোনোবা বতাহীৰ 

চিকুণ টোপোলা

আকাশখন গোমা

টোপটোপে সৰিছে পানী 

ভাগৰত গলিছে গান

নিচুকণি গীতত এতিয়া টোপনি নাহে 

ভাগেহে

পৰিচয় বেচি

ঠিকনা কিনিম নেকি মই 

টোকা : ছাৰৰিয়েলিজিম-(surrealism) :  Free form of writing or art work, মনলৈ যি আহে তাকেই ছবি আৰু লিখনিৰ জৰিয়তে প্ৰকাশ কৰা ধৰণৰ এক শিল্প আন্দোলন।

অ
লেখকৰ পৰিচয়

অৰ্চনা ঠাকুৰীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)