৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিষাদৰ ছাঁ

লেখকঃ উত্তম লইং • প্ৰকাশিতঃ ২৮ মে’, ২০২৩
২ মিনিট পঠন • ৩৭৯২ বাৰ পঢ়া হৈছে


শুনিছোঁ বৰষুণত তিতি ভালপোৱা মানুহবোৰ উগ্ৰ প্ৰেমিক,

বৰষুণ মোৰো প্ৰিয়

অথচ মই আজি কাৰো প্ৰমিক নহওঁ

প্ৰেমিক হʼব পৰাকৈ মোৰ হৃদয়খন যন্ত্ৰণাসিক্ত ভোকাতুৰ শিলৰ দৰে কঠিন নহয়

শুনিছোঁ প্ৰেমিক হʼবলৈ

কঠিন হʼব লাগে হৃদয়

সোঁৱৰণীৰ কথাবোৰ কেতিয়াও পুৰণি নাছিল

অথচ অপেক্ষাৰ ছাঁ গচকি বাউলী কৰা এজাক বলিয়া বতাহ…

উঃ! অশান্ত উশাহ,

কি যে দু:সময়…! সকলো ধোঁৱা ধোঁৱা।

পুনৰ জী উঠা চহৰখন কিয়  উচুপি উঠে অন্ধকাৰত,

বুকুখন কিয় কঁপি উঠে সঘনে...?

চুই দিলে  জামৰি যোৱা

সেই যে লাজুকী লতাডাল

উঠি আৰু নহা হ’ল,

কিহৰ বাবে

লাজত নে ভয়ত

সুখত নে শোকৰ ভৰত…!

লাজুকীবন মৌন, তপত উচুপনি...

চকু চলচলীয়া দুবৰিৰো কি যে আস্ফালন!

প্ৰাণোচ্ছ্বল সেউজীয়াবোৰেও আজি সৰাপাত হৈ উচুপিছে

সপোনৰ বাট কাটি নিগাজি ঠিকনা এটা কৰাৰ কথা আছিল

অথচ সময়ৰ যে নানান অজুহাত

সময়বোৰ তৰাং কাৰণেই হয়তো

তুমি তুমি নহয় আৰু মই মই নহওঁ

তুমি তুমি হৈ থকা নাই বাবে তোমাৰ চোতালত হিমশীতল সেউজীয়া ,

আৰু মই মই হৈ থকা নাই বাবে আজি মোৰ চোতালত শিল গধুৰ বিষাদৰ ছাঁ…।

 ভ্ৰাম্যভাষ : ৯১০১৫৬২৩৪৩
উ
লেখকৰ পৰিচয়

উত্তম লইং

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)