৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ডি বল ষ্ট’ৰী

লেখকঃ অংকুৰিতা ফুকন • প্ৰকাশিতঃ ২৮ মে’, ২০২৩
২ মিনিট পঠন • ৩১৫৫ বাৰ পঢ়া হৈছে

The epistemology of loss, how to stand up

Knowing what every man must one day know...

                                                   -  John Berryman

এটা ৰংচঙীয়া বল ৰবৰৰ

ঘৰখনৰ একমাত্ৰ নবছৰীয়া ল'ৰাটোৰ বাবে বৰ আদৰৰ

বলটো সি মৰমেৰে ৰাখে

অতিসচেতন নগৰীয়া অভিভাৱকৰ

মনবোৰে সুখ লভে

হওক তেও, ল'ৰাটো চকুৰ সম্মুখতে থাকে

বলটোৰে সি ঘৰতে খেলে…

এদিন বলটো হেৰাল

ঘৰৰ ভিতৰ চলাথ কৰিও কোনো শুংসূত্ৰ নোলাল

তাৰ চকুৱে সাগৰ সামৰিলে

অভিভাৱকৰ স্বাচ্ছন্দ্যই এটি বিকল্প বিচাৰিলে

কিন্তু কথাবোৰ জানো তাতেই শেষ হয়…

যদি বিকল্পই হেৰুওৱাৰ বেদনাবোৰ

সান্ত্বনাৰে আৱৰি থয়

লভিবনে জীৱনে সুখ

পোৱাখিনি বুকুত সামৰি লৈ

অভিভাৱকে এটা কঠোৰ সিদ্ধান্ত ল'লে

বলটোৰ বিকল্প বিচৰাতকৈ

ল'ৰাটোক হেৰোৱাৰ বেদনাখিনি

উপলব্ধি কৰিবলৈ দিলে

সি শিকক বাস্তৱৰ আদিপাঠ

আৰু নিঃসংগ হোৱাৰ বেদনা

হেৰোৱা বলটোৰ পৰাই

সযতনে নাৰাখিলে সম্পৰ্কবোৰ যে

এনেকৈয়ে হেৰাই যায়…

(টোকা :   John Berryman-অৰ The Ball Poem-অৰ আধাৰত)

অ
লেখকৰ পৰিচয়

অংকুৰিতা ফুকন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)