৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সেতুবন্ধন

লেখকঃ অৰ্চনা ঠাকুৰীয়া • প্ৰকাশিতঃ ২৮ মে’, ২০২৩
২ মিনিট পঠন • ৩৯৯১ বাৰ পঢ়া হৈছে

অৰ্চনা ঠাকুৰীয়া

এজাক হাতীক ভাং খুৱাই এৰি দিলে কেনে হ’ব

সিহঁতে কান্দিব  নে খৰকৈ দৌৰিব

নে হাঁহিবলৈ ঠাই বিচাৰি ফুৰিব

এদিন চাওখাতৰ লগুৱা বাপিৰামে যুগান্তৰ বিড়ি এটা হুপি 

ফিকা চাহৰ সৌন্দৰ্য বিচৰাত মগন আছিল

তেনেতে, গোপীচন কোঁৱৰ হাজিৰ

জনা আইদেউক নিজৰ কৰি লাগে হেনো

পিছে, উপায় দিব কি

নিজেই বৰলা

যাৰ চকুপানীও ঘোলা

মাথোঁ ক’লে, “হাবাঙত নিমখ সস্তা, দেহৰ বা কি অৱস্থা...।”

মূত্ৰতকৈ বিষ্ঠা বিসৰ্জনৰ সময় তাকৰ

তথাপি, সময় খৰচ হয় পিছৰ বিধতেই

সকলো খেলিমেলি

সেতুবন্ধন কাৰ্যসূচী লোৱা হওক

স্থিৰতা আৰু অস্থিৰতাৰ মাজত

য’ত ‘ডাৰ্কাইম’ৰ আত্মহত্যাৰ থিঅ’ৰিয়েও পাত্তা নাপায়

মাহ-ডলা হাততেই থাকে

কুমলীয়া মনৰ অবুজ গাঁথা

চিনাই চিনে

বুজাই বুজে সেই হাতৰ কাহিনী

স্থিতিয়ে নিৰ্ণয় কৰে পৰিস্থিতি

এসময়ত গজৰাজৰ পালটোৱে ভাঙৰ নিচাৰ পৰা মুক্ত হ’ল

বননিত গজৰাজে এতিয়া ভালপোৱাৰ গল্প পঢ়িছে

মানুহবোৰ বুদ্ধ হ’ল চাগে

                   ***

টোকা : 

বাপিৰাম : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বাপিৰাম’ শীৰ্ষক গল্পৰ মুখ্য চৰিত্ৰ।

গোপীচন- জনা : দুয়ো পতি-পত্নী। অসমীয়া লোক-কবিতা ‘জনাগাভৰুৰ গীত’ ‘জনা’ক লৈয়ে সৃষ্টি হৈছিল।

ডাৰ্কাইম : এগৰাকী সমাজতত্ত্ববিদ। তেখেতৰ  তত্ত্বসমূহৰ ভিতৰত  ‘Theory of suicide’ অন্যতম।

অ
লেখকৰ পৰিচয়

অৰ্চনা ঠাকুৰীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)