৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

খবৰ

লেখকঃ ৰিপুঞ্জয় বৰুৱা ঋমন • প্ৰকাশিতঃ ২৭ এপ্ৰিল, ২০২৩
৩ মিনিট পঠন • ২৯১৬ বাৰ পঢ়া হৈছে

ৰিপুঞ্জয় বৰুৱা ঋমন

মানুহে কয় 

ভগৱানৰ সৃষ্টিত ভুল হৈছে

 মই হেনো পাগল ।

নিজক বিচাৰি নোপোৱা ছবি এখনত 

বাৰে বাৰে নিজকেই বিচাৰি 

এনেয়ে যিকোনো কথা পাতি থাকোঁ ।

 জেণ্ডাৰ যিয়েই নহওক 

কথা পাতিবলৈ লগ এটা লাগে 

পিঠি খজুৱাবলৈ লাগে এখন দীঘল নখৰ হাত ।

 পাতি থকা ভাষাটোৰে কবিতা লিখা দৰকাৰ 

‘হেৰি নহয়’ বুলি বাহানা নামাৰি 

কেতিয়াবা বিনা স্বাৰ্থতো খবৰ এটা কৰা দৰকাৰ

 নাইট ক্লাবৰ মেহফিল 

বৰ ভাল লাগে প্ৰেম আৰু ছেক্স ইন দ্য বিগিনিং

 ব্লু ফিল্ম চাই হস্তমৈথুন কৰা মানুহবোৰে কয়, 

এইবোৰ হেনো অশ্লীল 

অশ্লীলৰ ‘অ’ কাটিব জানিলে সকলো শ্লীল

বাটতে লগ পাই মেৰীয়ে সুধিছিল, 

ইমান নিমগ্ন হৈ কি ভাবি আছা ?

 পাপ, ভালপোৱা আৰু আকৰ্ষণৰ কথা 

ভৰিৰ পায়েল ছিগিলেই 

শ্বেয়াৰ মাৰ্কেটৰ উঠা-নমা 

সফলতাৰে নগ্ন হোৱা 

ভালৰি লগোৱা কথাৰ নিঃসঙ্গতা 

লগতে, যুদ্ধই দুফাল কৰা মানুহৰ ঠিকনা ।

 বতাহত পোৰা মঙহৰ গোন্ধ 

ৰাছিয়াই জ্বলাই দিয়া ইউক্ৰেইনত 

শিশুবোৰ জীৱন্তে জ্বলি ছাই হৈছে !

এই দুটা চকুৰেই মই মোৰ মৃতদেহ চাওঁ 

মৃতদেহ চোৱা তেনেই সহজ 

পাছপ’ৰ্ট, ভিজা, আধাৰ কাৰ্ড 

পান কাৰ্ড, জব কাৰ্ড, ইঞ্চ্যুৰেন্স 

একোৰেই নহয় প্ৰয়োজন ।

 ইমানৰ পাছতো আমি জীয়াই আছোঁ 

 খবৰ পুৰণি হ’বলৈ সময় নলগা মুহূৰ্তত 

কি হ’ব পাৰে ইয়াতকৈ ডাঙৰ খবৰ !

ঠিকনা :

খাৰঘুলি, উন্নয়ন সমিতিৰ বিপৰীতে

গৃহ নং - ১০১

গুৱাহাটী- ০৪

ভ্ৰাম্যভাষ- ৬৯০১৮৫৬০৮৫ 

ৰ
লেখকৰ পৰিচয়

ৰিপুঞ্জয় বৰুৱা ঋমন

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)