৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

মৌনতা

লেখকঃ আকাশ দীপ্ত ঠাকুৰ • প্ৰকাশিতঃ ২৭ এপ্ৰিল, ২০২৩
২ মিনিট পঠন • ১১৫০ বাৰ পঢ়া হৈছে
(কবিৰত্ন নীলমণি ফুকন ছাৰৰ সোঁৱৰণত)

আকাশ দীপ্ত ঠাকুৰ

বেলি লহিয়ালে

বিমূৰ্ত শব্দবোৰ এটি দুটিকৈ নামি গ'ল

শিলৰ নদীয়েদি

তপত নিশাহৰ উচুপনিত চপৰা-চপৰে খহিছে

এবুকু শোকৰ পাহাৰ

ইকৰাৰ বেৰৰ জলঙাইদি উৰুখা পঁজালৈ

বৈ নাহে আৰু জোনাকৰ ধল

মুঠি মুঠিকৈ কাটি মোৰ

আৱেগত চনকা দেহা

সিঁচি দিলোঁ কাঞ্চন পদূলিৰ আন্ধাৰত

দূবৰিৰ সেওঁতাৰে বিৰিঙিল বিষাদ-এৰাতি

হিয়াৰ নামনিৰ দুখৰ মোহনাত

এতিয়া মাথোঁ তিলফুলীয়া নীৰৱতা

ঠিকনা : 

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট - ১

ভ্ৰাম্যভাষ - ৯৭০৬২০৫০৭১)

আ
লেখকৰ পৰিচয়

আকাশ দীপ্ত ঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)