৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

চেঁকুৰি আহে ঘোঁৰাপুৱা

লেখকঃ নীলিমা ঠাকুৰীয়া হক • প্ৰকাশিতঃ ২৮ ডিচেম্বৰ, ২০২২
২ মিনিট পঠন • ২৪৭৫ বাৰ পঢ়া হৈছে

নীলিমা ঠাকুৰীয়া হক 

চেঁকুৰি আহে ঘোঁৰাপুৱা

স্ফটিক সেউজ ঘোঁৰাপুৱাটো শুভবাৰ্তা হৈ

চেঁকুৰি আহে

ঘোঁৰাপুৱাটো এখন সেউজ অৰণ্য

অৰণ্যৰ লেকাম নাই, দৌৰি আছে

অৰণ্যখন সোমাই আহিছে চহৰলৈ

প্ৰতিটো লাইটপোষ্ট উৰ্ধ্বমুখী লতাই সাবটি ধৰিছে

পুলিচ পইন্টবোৰ ঘন বেতৰ জাৰণি, বাঘৰ চোং

বিশাল গছবোৰৰ ঠাল-ঠেঙুলি আৰু শিপাবোৰ

সোমাই গৈছে অট্টালিকাবোৰৰ দুৱাৰ-খিৰিকীৰে

খটখটীৰে বগাইছে সাপ লতা কেৰ্কেটুৱাই

কোনোবাটো বাটেৰে বৈ আহিছে নদীখন

কোনোবাটোত হাতীৰ সমদল, বেনাৰহীন শ্লোগানত

হাতীৰ গগনফলা চিঞৰ

গঁড় গৌৰৱ আমাৰ, যানজঁটত দিশহাৰা

খৰ্গৰে চলাইছে তাণ্ডৱৰ আখৰা

আচলতে সেউজ ঘোঁৰাটো চেঁকুৰিছে

খৰাঙত চৌচিৰা হোৱা পাৰাপাৰহীন হোৱা প্ৰান্তৰলৈ

পোৰামাটিৰ কঠিন পথাৰ আৰু বালিময়

পাহাৰবোৰ সাবটি ল'বলৈ

চহৰবোৰেহে বিধি-পথালি দিছে

উশাহ ল'ব নোৱৰা ক্ৰংক্ৰিটৰ হাবি গচকি

চেঁকুৰি যোৱা ঘোঁৰাটো অকলশৰীয়া নহয়

মৰুভূ মাটিৰ ওঁঠ তিয়াবলৈ

মেঘ ঘোঁৰাবোৰো চেঁকুৰি আহিছে

বেলিৰ চকুত পটী

বৰষুণ দিব ।

টোকা :  'ঘোঁৰাপুৱা' শব্দটো কবি অনুভৱ তুলসীৰ সৌজন্যত পোৱা ।

ন
লেখকৰ পৰিচয়

নীলিমা ঠাকুৰীয়া হক

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)