৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

দৃশ্যকাব্য- ১

লেখকঃ নীলাভ সৌৰভ • প্ৰকাশিতঃ ১৩ ডিচেম্বৰ, ২০২২
২ মিনিট পঠন • ২৮৯৬ বাৰ পঢ়া হৈছে

এদিন এটা ঘটনা ঘটিছিল—

গিৰীয়েকে ঘৈণীয়েকক এৰি যাব নোৱাৰে

অথচ এৰি থৈ চাকৰিলৈ যায়

ঘৈণীয়েকে গিৰীয়েকক এৰি থাকিবই নোৱাৰে 

অথচ বিদায় দিবলৈ আগ বাঢ়ি যায়

ঠিক এৰাএৰিৰ মুহূৰ্ততে ঘটিছিল ঘটনাটো

গিৰীয়েকে ইংগিতেৰে এটা চুমা বিচাৰে

ঘৈণীয়েকে মূৰটো লৰাই দিয়ে— না

কিছু সময় ইংগিতৰ জেদাজেদি

গিৰীয়েক আগুৱাই যায় আগলৈ

ঘৈণীয়েকে চাই থাকে তেওঁ যোৱা বাট

ঘৈণীয়েকৰ বুকুত মাত এটা বাজে

— চুমা এটা দিব নোৱাৰানে তুমি

— মানুহে কি ক'ব, দেখিলে হাঁহিব

— ঠিক আছে, নালাগে দিয়া

(এনেকৈ যুগ যুগ ধৰি নলগা চুমাবোৰ পৰি আছে, সকলোৰে ঘৰত)

— তুমিও যে আৰু, তোমাকনো চুমা এটা কিয় লাগে বাটে-ঘাটে

এইখিনিতে সকলো গিৰীয়েক জবাবদিহি—

কিয় লাগে?

— মানে তোমাক নালাগে

— যাঃ এইডাল

— আৰু শুনা, ভালে থাকিবা৷ পোনাহঁতক চাবা৷ নিজৰ খেয়াল ৰাখিবা৷ মই ব'হাগৰ বিহুত আহিম৷

— আৰু তুমিও শুনা, তোমাৰ চুমাটো মই থৈ দিম ব'হাগ অহালৈ

— আচাৰ কৰি থ'বা…

আচাৰত দিয়া চুমা আঁৰ কৰি খাবলৈ

তেতিয়াৰপৰাই ব'হাগ আহি আছে নিয়মীয়াকৈ

ন
লেখকৰ পৰিচয়

নীলাভ সৌৰভ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)