৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ছায়াকল্প (৫)

লেখকঃ আকাশ দীপ্ত ঠাকুৰ • প্ৰকাশিতঃ ৩০ নৱেম্বৰ, ২০২২
৩ মিনিট পঠন • ৯২৭ বাৰ পঢ়া হৈছে

 আকাশ দীপ্ত ঠাকুৰ

(‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ স্তৱক আছিল৷ বহু দিনৰ বিৰতিৰ পাছত পুনৰ সেই ধাৰাটোৰে তিনিটা স্তৱক লিখিবলৈ হেঁপাহ জন্মিল৷)

(১) জীৱন জলাশয়

আৰুনো কিমান পানী...! উজাই আহে বুকুৰ তলিৰপৰা৷ বৈ যায় ভটিয়াই৷ বাৰিষা-খৰালি কাহানিও নুশুকায়৷ ময়াপী সৰোবৰ এয়া লুণীয়া অনুভূতিৰ৷ আৰুনো কিমান পানী? মোৰ বুকুৰ হেঁপাহ... ক’বিনে এবাৰ! পানী তোৰ— অ’ মোৰ কমলাকুঁৱৰী৷ জীৱন নহয় এয়া মানস সৰোবৰ৷ পানী মোৰ এবুকু এডিঙি৷ সাগৰ হ’ল দুচকুৰ মণি৷ বুৰিল বাসনা এঠাউনি৷ নমনি একোকে৷ অ’ মোৰ নয়নৰ মণি, ক’বিনে এবাৰ– আৰুনো কিমান পানী! বুৰালোঁ তোক হেঁপাহৰ চাকনৈয়াত, কলিজাতো তাৰেই জৰণি৷ গোট মাৰিলেও শিল হ’ব নোখোজে৷ নজহে-নপমে এই বৰফৰ চাপৰি৷ অ’ মোৰ হিয়াৰ জুৰণি; ক’বিনে এবাৰ— আৰুনো কিমান পানী...!

(২) পদূলি

মনৰ পদূলিটোৱে কেঁকুৰি ঘূৰাৰ পৰত তিনিডাল নঙলা৷ দূবৰিৰ সেওঁতা ফালি বগুৱা বাই আহিব খোজে সাঁচতীয়া আৱেগ৷ বাদুলি ওলমা দি ওলমে৷ সৰি পৰে ইডালৰপৰা সিডাললৈ৷ বুঢ়া তামোলৰ দুটা খুঁটা; দুৱাৰডলিৰ অতন্দ্ৰ প্ৰহৰী— জয় আৰু বিজয়৷ বিন্ধা বাঢ়িলে কেৰেচীয়া হয় নঙলা৷ সংগোপনে বাঢ়ে আৱেগৰ ভৰ৷ পচা নঙলাই নোৱাৰে সহিব৷ খণ্ড-বিখণ্ড... জৰাসন্ধ৷ পচি হেলেকা হয় তামোলৰ খুঁটা৷ তথাপি সি যে সাক্ষী— মনৰ, বাসনাৰ, হেঁপাহৰ আৰু ভৰ ব’ব নোৱৰা আৱেগৰ৷ আইৰ পদূলিত সাক্ষী-গোপাল এতিয়াও সেই নঙলা দুডাল৷ আয়ে কৈছিল— মনটোক বান্ধি ৰাখিবি৷ এৰাল ছিগা মন৷ সৰকি যাবলৈ কেতপৰ? লৌহ-কপাটে বান্ধিব নোৱৰা মন... থমকি ৰয় কেৰেচীয়া নঙলাত৷

(৩) পান্থ

এইখিনিতে আছিল বাঁহনিখন৷ মূধচৰ তৰাবোৰ নামি আহিছিল সাঁজ লাগি ভগাৰ পাছত৷ বাঁহনিৰ এন্ধাৰত জিলমিল এমুঠি তৰা৷ তৰাবোৰে বগুৱা বাইছিল... তলুৱাত, আৱৰণত নে মনত! বুকুৰ ভিতৰত ৰৈ ৰৈ বাজি থকা এটি বাঁহফলীয়া বিননি৷ হেঁপা-শিয়ালৰ আটাহ৷ আকৌ ফুলিছে এটি তৰাবুলীয়া সপোন৷ ক’ৰেনো পথিক তই... কঢ়িয়ালি ওৰেটো পথ শ্ৰৱণৰ ভাৰ হেন জীৱন৷ শুনিছনে বাৰু তই পথৰুৱা মনৰ বিননি৷ নিশাৰ জাৰণি ভেদি ৰৈ ৰৈ ভাহে কেতেকী ফুলাৰ সেই বিৰহী গান৷ এমুঠন হিয়া, কাঁইটীয়া আঁচোৰ৷ দীঘলীয়া গোমৰ পিঠিত বন-শিৰিষৰ ছাঁ৷ সুৰুঙাৰেই দেখ তই ৰূপোৱালী সপোন৷

লেখকৰ ঠিকনা :

সহকাৰী অধ্যাপক

পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়; যোৰহাট - ১

ভ্ৰাম্যভাষ—  ৯৭০৬২০৫০৭১, ৮৬৩৮১৬৭৬৩০

আ
লেখকৰ পৰিচয়

আকাশ দীপ্ত ঠাকুৰ

অন্যযুগৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)