৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ৰুছ কবি ব্লাডিমিৰ হ’লেণ্ডৰ দুটা কবিতা

লেখকঃ ইংৰাজী অনুবাদ: জাৰ্মিলা আৰু ইয়ান মিলনা • প্ৰকাশিতঃ ২৭ ছেপ্টেম্বৰ, ২০২২
২ মিনিট পঠন • ২৭৮৬ বাৰ পঢ়া হৈছে

 ইংৰাজী অনুবাদ : জাৰ্মিলা আৰু ইয়ান মিলনা 

(Jarmila and Ian Milner)

অসমীয়া অনুবাদ : এপ’লো খাটনিয়াৰ

১) ৰাশিফল

বিয়লি... সমাধি... আৰু শাণিত বতাহজাক

যেন কচাইৰ কাঠৰ কটা হাড়ৰ টুকুৰা৷

যাতনাৰ পৰা মামৰে মুক্ত কৰে ই ধাৰণ কৰা দেহক৷

আৰু আটাইৰে ঊৰ্ধ্বত, দুৰ্কপলীয়া চকুলো টুকি

তৰাবোৰে প্ৰায় সিদ্ধান্ত লৈ পেলায় সৈ কঢ়াৰ

কিয়বা আমি বুজোঁ সৰলতাক তেতিয়াহে  মাথোঁ, যেতিয়া হৃদয় চূৰ্ণ হয়,

আৰু আমিবোৰ আচম্বিতে হৈ পৰোঁ কেৱল নিজৰ, অকলশৰীয়া আৰু অভাগা৷

২) দেৱালখন 

আপোনাৰ চফৰৰ ইমান সাৱধানী আয়োজন কিয়,

কিয় এই প্ৰস্থান অপ্ৰীতিকৰ?

পোন্ধৰ বছৰ ধৰি কথা পাতি আছোঁ মই

এখন দেৱালৰ সৈতে

আৰু দেৱালখন টানি উলিয়াই আনিছোঁ ইয়ালৈ

মোৰ নিজৰ নৰককুণ্ডৰ পৰা

যাতে এইখনে এতিয়া

আপোনাক ক’ব পাৰে সকলো কথা...

                                ****

ঠিকনা :

প্ৰযত্নে : জেনেৰেল মেনেজাৰ

কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্প

লেঙেৰী, পশ্চিম কাৰ্বি আংলং

পিন : ৭৮২৪৫০

ই-মেইল : apollokhataniar23@gmail.com

ভ্ৰাম্যভাষ- 8732032130, 9859441369

ই
লেখকৰ পৰিচয়

ইংৰাজী অনুবাদ: জাৰ্মিলা আৰু ইয়ান মিলনা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)