৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

কুঁৱৰ নাৰায়ণৰ তিনিটা কবিতা

লেখকঃ অনুবাদ: দীপজ্যোতি বৰা • প্ৰকাশিতঃ ২১ ছেপ্টেম্বৰ, ২০২২
৩ মিনিট পঠন • ১৭৬৫ বাৰ পঢ়া হৈছে

অনুবাদ : দীপজ্যোতি বৰা



(
১) অন্তিম উচ্চতা

কিমান স্পষ্ট হ’লহেঁতেন আগবাঢ়ি যোৱাৰ অৰ্থ
যদিহে দশোদিশ আমাৰ চৌপাশে নহয়
আমাৰ সমুখতে থাকিলহেঁতেন,
কিমান সহজ হ’লহেঁতেন আগুৱাই যোৱা
যদি কেৱল মই গৈ থাকিলোহেঁতেন
আৰু বাকীসকলো ৰৈ থাকিলহেঁতেন।

মই সদায় এই অস্থিৰ পৃথিৱীখনক
দহোটা মূৰেৰে ভবা আৰু
বিছখন হাতেৰে সামৰি লোৱাৰ চেষ্টাত
নিজৰ বাবে অত্যন্ত জটিল কৰি তুলিলোঁ।

আৰম্ভণিতে সকলোৱে বিচাৰে
যে সকলো আৰম্ভণিৰে পৰা আৰম্ভ হওক,
কিন্তু শেষ পাওঁতে পাওঁতে আমাৰ সাহস হেৰাই যায়।
আমাৰ কোনো আগ্ৰহ নাথাকে
যে সেয়া কেনেকৈ শেষ হ'ল
যি এদিন উৎসৱৰ দৰে আৰম্ভ হৈছিল
আমাৰ আপোন ইচ্ছাতে!

দুৰ্গম অৰণ্য আৰু ওখ পৰ্বতবোৰ জয় কৰা পাছত
যেতিয়া তুমি অন্তিম উচ্চতাত উপস্থিত হ'বা―
যেতিয়া তুমি অনুুভৱ কৰিবা
যেকোনো পাৰ্থক্য বাকী নাই
তোমাৰ আৰু সেই শিলবোৰৰ কঠিনতা মাজত
যাক তুলি জয় কৰিলা―
যেতিয়া তুমি শিৰত এজাক বৰফৰ ধুমুহাক সহ্য কৰিবা
আৰু ক্ষণিকো নকঁপিবা―
ঠিক তেতিয়াই
তুমি জানিবা
একো পাৰ্থক্য নাই
সকলো জয় কৰা আৰু শেষলৈকে হাৰ নমনাত।

(
২) সন্দেহ

মই তেওঁলোকক শুনা নাছিলোঁ
মই তেওঁলোকক দেখা নাছিলোঁ
মই তেওঁলোকক একো কোৱাও নাছিলোঁ
মই তেওঁলোকৰ বাবে শুই আছিলোঁ
মোৰ ঘৰ
মোৰ সম্পদ
মোৰ ‘স্থিতি’ৰ প্ৰমাণ নাছিল৷

মোৰ খেদ হৈছে
যে তাত মোৰ ‘উপস্থিতি’ৰ একেবাৰে ভিন্ন অৰ্থ এটা
এমুঠি চোৰৰ সন্দেহে
অকাৰণে মাৰি পেলালে।


(
৩) বিকল্প

কেতিয়াবা এনে লাগে―

যেন হাজাৰ বছৰ ধৰি নিজৰেই কোনো দুঃস্বপ্নত বন্দী হৈ আছোঁ
আৰু অপৰাধীও নহয়।

এইদৰে আকাৰণ আৱৰণত থকাই
অপৰাধী নোহোৱাৰ ভাবনাতকৈ
বেছি সবল কৰি তোলে

মোৰ বিৰুদ্ধে মোৰ ভয়বোৰক
যে আজিও অভেদ্য পহৰাত আছোঁ।

আগেয়ে কেইবাবাৰো মোক মুক্ত কৰা হৈছে
দেৱালবোৰৰ পৰা, তলাবোৰৰ পৰা, প্ৰহৰীবোৰৰ পৰা
কিন্তু সেই আশংকাক এৰাব নোৱাৰোঁ
যে প্ৰতিপল কাৰোবাৰ পহৰাত আছোঁ
আৰু এটা ঘৰৰ দিশে নিৰন্তৰ দৌৰি আছোঁ।

এইবাৰো মোক
এনে এক ঠাইত নি এৰি দিয়া হ’ব
যি কেৱল মোৰ স্মৃতিৰে বাচি আছে,

অথচ নতুন এক জীৱনৰ বাবে

তাত মোৰ কোনো স্মৃতি নাই৷

 

এক অপৰাধৰ চৰ্ত আৰু দীৰ্ঘম্যাদী বন্দিত্বৰ মাজত

পুনৰ ধৰা পৰাৰ বাদে

মোৰ ওচৰত কোনো বিকল্প নাথাকিব৷

 

(উক্ত কবিতা তিনিটা জ্ঞানপীঠ বিজয়ী প্ৰখ্যাত হিন্দী কবি কুঁৱৰ নাৰায়ণ (১৯২৭-২০১৭)-ৰ ‘অপনে সামনে’(১৯৭৯) শীৰ্ষক কবিতা সংকলনখনৰ পৰা অনুবাদ কৰা হৈছে৷)

(অনুবাদক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক ছাত্ৰ৷ যোগাযোগ : ৬০০২১-০৬৮৯৫)

অ
লেখকৰ পৰিচয়

অনুবাদ: দীপজ্যোতি বৰা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)