৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

বিষয় : বিটকইন

লেখকঃ বিনয় মোহন শইকীয়া • প্ৰকাশিতঃ ১৯ ছেপ্টেম্বৰ, ২০২২
১৩ মিনিট পঠন • ১৬১৫ বাৰ পঢ়া হৈছে
বিষয় : বিটকইন
ডাঙৰকৈ চাওক (Zoom)

   বিনয় মোহন শইকীয়া



(১)

বিটকইনৰ পৰিচয়

    অতি কম সময়ৰ ব্যৱধানত আমূল পৰিৱৰ্তন হোৱা যিকোনো ব্যৱস্থাৰ বিষয়ে ক’বলৈ হ’লে সাম্প্ৰতিক সময়ৰ যোগাযোগ ব্যৱস্থাৰ উদাহৰণেই কিজানি আটাইতকৈ বেছি প্ৰাসংগিক হ’ব। কিছুদিনৰ আগলৈকে দূৰত থকা কোনোবা এজন লোকৰ সৈতে লিখিত যোগাযোগ স্থাপনৰ আটাইতকৈ সুচল তথা প্ৰচলিত ব্যৱস্থাটো আছিল চিঠি। কিন্তু বিজ্ঞানৰ সৌজন্যত লাভ কৰা যোগাযোগ ব্যৱস্থাৰ আশ্চৰ্যজনক বিকাশৰ ফলত এতিয়া সমগ্ৰ বিশ্বতে চিঠিৰ ঠাই গ্ৰহণ কৰিছে বাৰ্তা প্ৰেৰণৰ অন্য কেতবোৰ ব্যৱস্থাই; ম’বাইল ফোনৰ জৰিয়তে উপলব্ধ হোৱাটছএপ্, মেছেজিং আদিৰ উপৰি ইণ্টাৰনেটৰ সংযোগ থকাসকলে ই-মেইলৰ (ইলেক্ট্ৰনিক মেইলৰ) সুবিধা গ্ৰহণ কৰি পূৰ্বৰ চিঠি প্ৰেৰণৰ ব্যৱস্থাটোক প্ৰায় একাষৰীয়া কৰিছে। বিশেষকৈ ই-মেইলে প্ৰদান কৰা আনুষ্ঠানিক অথবা বিধিসন্মত পত্ৰ-প্ৰেৰণৰ সুবিধাই এই কাম বেছি খৰতকীয়া কৰিছে। ইয়াৰ মূলতে আছে নতুন ব্যৱস্থাসমূহত থকা কেতবোৰ বিশেষ সুবিধা। সেইসমূহৰ ভিতৰত প্ৰথম হৈছে অতি কম সময়তে বাৰ্তা প্ৰেৰণ আৰু গ্ৰহণৰ সুবিধা। ইয়াৰ উপৰি আছে নিৰ্দিষ্ট ঠিকনাত বাৰ্তা গৈ উপস্থিত হোৱাৰ নিশ্চয়তা আৰু প্ৰয়োজনীয় গোপনীয়তা। অলপ মন কৰিলে গম পোৱা যাব যে পূৰ্বৰ বাৰ্তাপ্ৰেৰণ অথবা বাৰ্তাগ্ৰহণৰ সৈতে বৰ্তমানৰ ব্যৱস্থাটোৰ মাজত এটা মৌলিক পাৰ্থক্য আছে। সেয়া হৈছে পৰম্পৰাগত বাৰ্তাৰ প্ৰেৰক আৰু গ্ৰাহকৰ মাজত মানৱ-নিয়ন্ত্ৰিত চৰকাৰী অথবা বে-চৰকাৰী অন্য এটা সংস্থা থাকে (চৰকাৰী ডাক বিভাগ, বেচৰকাৰী কুৰিয়াৰ, আদি), যিয়ে এই কামটো প্ৰেৰক আৰু প্ৰাপক দুয়োজনৰে হৈ সমাধা কৰে। কিন্তু বৰ্তমানৰ ব্যৱস্থাটোত ই সম্পূৰ্ণৰূপে মানৱ-ৰহিত এক প্ৰযুক্তিৰদ্বাৰা নিয়ন্ত্ৰিত হৈছে, যাৰ ফলত কম সময়তে আৰু ওপৰঞ্চি অনেক সুবিধাৰে বাৰ্তা প্ৰেৰণ-গ্ৰহণৰ নিশ্চয়তা সম্ভৱ হৈছে। এটা কথা ঠিক যে ই-মেইলৰ সুবিধা উপলব্ধ হোৱাৰ আগতে প্ৰচলিত ডাকসেৱাৰ সৈতে জড়িত অসুবিধাসমূহৰ কথা মানুহৰ মনলৈ অহা নাছিল; যাক আমি এতিয়া অসুবিধা বুলি কৈছোঁ তেতিয়া সেইসমূহক ব্যৱস্থাটোৰ কিছুমান অপৰিহাৰ্য অংগ হিচাপেই গ্ৰহণ কৰা হৈছিল। কিন্ত ই-মেইলৰ সুবিধা লাভ কৰাৰ পাছতহে তুলনামূলকভাৱে দুয়োটা ব্যৱস্থাৰে সুবিধা-অসুবিধাসমুহ আমাৰ জ্ঞাত হৈছে আৰু তাৰ ভিতৰত যিটো বেছি সুবিধাজনক আৰু কাৰ্যক্ষম সেইটো মানুহে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। এই কথা দোহৰাৰ প্ৰয়োজন নাই যে এবাৰ ই-মেইলৰ সুবিধা গ্ৰহণ কৰাৰ পাছত পত্ৰপ্ৰেৰণৰ বাবে পূৰ্বৰ ডাকসেৱাৰ ব্যৱস্থালৈ ঘূৰি যোৱাৰ কথা নিশ্চয় নাহে। অৱশ্যে এই কথাও ঠিক যে উন্নত দেশসমূহক বাদ দি দুখীয়া আৰু উন্নয়নশীল দেশসমূহত ই-মেইলৰ দৰে মূলতঃ প্ৰযুক্তি-পৰিচালিত সেৱা গ্ৰহণ কৰা লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ খুব কম অংশৰ বাবেহে সম্ভৱ হৈছে। অৰ্থনৈতিক অৱস্থা আৰু শিক্ষাগত অৰ্হতাৰ বৈপ্লৱিক বিকাশ অবিহনে এই সেৱা তেনে দেশৰ জনগণৰ বাবে উপলব্ধ হোৱাটো সম্ভৱ হৈ নুঠে।

       সি যি হওক, প্ৰযুক্তিগত বিকাশৰ জৰিয়তে বাৰ্তাৰ প্ৰেৰণ তথা গ্ৰহণৰ ক্ষেত্ৰলৈ অহা আশ্চৰ্যজনক বিকাশৰ প্ৰসংগতে জনসাধাৰণৰ স্বাৰ্থ জড়িত হৈ থকা অন্য এখন ক্ষেত্ৰতো ঠিক একে ধৰণৰ বিকাশ সম্ভৱ হ’ব পাৰে বুলি একবিংশ শতিকাৰ প্ৰাৰম্ভত কিছু সংখ্যক ভৱিষ্যৎদ্ৰষ্টা লোকে বিশেষ গুৰুত্বসহকাৰে চিন্তা-চৰ্চা কৰা আৰম্ভ কৰে। সেই ক্ষেত্ৰখন হৈছে মুদ্ৰা ব্যৱস্থাৰ ক্ষেত্ৰ। মন কৰিবলগীয়া কথাটো হ’ল যে মুদ্ৰাৰ ক্ষেত্ৰখনতো বাৰ্তাৰ ক্ষেত্ৰৰ দৰে দুটা পক্ষ থাকে; একেবাৰে সৰল অৰ্থত, এটা পক্ষই সামগ্ৰী অথবা সেৱা গ্ৰহণৰ বিনিময়ত মুদ্ৰা প্ৰদান কৰে আৰু আনটো পক্ষই সেই সামগ্ৰী অথবা সেৱা প্ৰদানৰ বিনিময়ত মুদ্ৰা গ্ৰহণ কৰে। অৰ্থাৎ, বিনিময়ৰ জৰিয়তে মুদ্ৰা ‘দিওঁতা’ আৰু মুদ্ৰা ‘লওঁতা’ এই দুটা পক্ষই থাকে। উল্লেখযোগ্য যে মুদ্ৰাৰ ৰূপ সদায় একে নাথাকিলেও মুদ্ৰাৰ এই দুটা পক্ষ সদায় একেদৰেই আছে।

       আমি জানো, মানৱ সভ্যতাৰ আৰম্ভণিৰপৰাই মানুহে ভিন্ন ধৰণৰ মুদ্ৰা ব্যৱহাৰ কৰি আহিছে। সভ্যতাৰ আৰম্ভণিত বিনিময়ৰ মাধ্যম হিচাপে জীৱন-যাপনৰ বাবে প্ৰয়োজনীয় তথা মূল্যৱান সামগ্ৰী কেতবোৰ ব্যৱহাৰ কৰা হৈছিল; খাদ্য-শস্য, পোহনীয়া জীৱ-জন্তু, মূল্যৱান পদাৰ্থ অথবা মণি-মুকুতা, আদিৰ বিনিময়ত বিভিন্ন দ্ৰব্য তথা সেৱা গ্ৰহণ কৰা হৈছিল। মানুহে দেখা আৰু নিজে স্পৰ্শ কৰিব পৰা এই ধৰণৰ মুদ্ৰাক ভৌতিক মুদ্ৰা (Physical Money) বুলি ক’ব পৰা যায়। মন কৰিবলগীয়া কথাটো হ’ল যে এই ধৰণৰ বিনিময়ত মুদ্ৰাৰ ‘দিওঁতা’ আৰু ‘লওঁতা’, এই দুই পক্ষৰ বাহিৰে অন্য কোনো পক্ষৰ উপস্থিতি নাছিল।

       সভ্যতাৰ অগ্ৰগতিৰ সৈতে মানুহৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক ব্যৱস্থাও আগুৱাই গ’ল। সৰু সৰু জনগোষ্ঠীবোৰ একত্ৰিকৰণ প্ৰক্ৰিয়াৰ মাজেৰে গৈ কালক্ৰমত গাঁও, চহৰ, ৰাজ্য, সাম্ৰাজ্য আদিৰ মাজত সোমাই পৰিল। ৰাজনৈতিক পৰিৱৰ্তনৰ এই প্ৰক্ৰিয়াত মুদ্ৰাৰ ক্ষেত্ৰখনলৈকো ভালেখিনি পৰিৱৰ্তন আহিল। চমুকৈ ক’বলৈ হ’লে, মূলতঃ ই পূৰ্বৰ ভৌতিক মুদ্ৰাৰপৰা ৰাজনৈতিক মুদ্ৰালৈ পৰিৱৰ্তিত হ’ল আৰু মুদ্ৰাৰ বিতৰণ আৰু নিয়ন্ত্ৰণ ৰজা, মহাৰজা আদি কোনো এক কেন্দ্ৰীয় শাসন ব্যৱস্থাৰ অধীনলৈ গ’ল। এনেদৰে গৈ গৈ সাম্প্ৰতিক সময়ত মুদ্ৰাৰ নিয়ন্ত্ৰণ দেশ এখনৰ শাসন ব্যৱস্থাৰ অধীনত থকা কেন্দ্ৰীয় বেংকৰ (ভাৰতৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংক) ওপৰত ন্যস্ত কৰা হ’ল। এতিয়া এই ব্যৱস্থাৰ ফলতে বিভিন্ন দেশত এনে এটা সংস্থাই দেশত বিভিন্ন শ্ৰেণীৰ মুদ্ৰাৰ প্ৰচলন আৰু বিতৰণৰ লগতে কৰ-ব্যৱস্থা, মুদ্ৰাবিধি, মুদ্ৰা সম্পৰ্কীয় নীতি আদিও পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।

       আগতে উল্লেখ কৰা হৈছে যে বৰ্তমান সময়ত ইণ্টাৰনেট প্ৰযুক্তিয়ে বিশ্বৰ প্ৰতিজন লোককে কোনো মধ্যস্থতাকাৰী অবিহনেই ইজনে সিজনৰ সৈতে যোগাযোগ স্থাপনৰ পথ সুচল কৰি দিছে। লগতে মানৱ ইতিহাসত পোন প্ৰথমবাৰৰ বাবে সকলো ধৰণৰ ভৌতিক আৰু ৰাজনৈতিক সীমাৰেখা কাৰ্যতঃ নোহোৱা কৰি একেখিনি তথ্য সমগ্ৰ বিশ্বৰ সকলো লোকৰে সম্মুখত দাঙি ধৰিব পৰা অৱস্থা এটা সম্ভৱ হৈ উঠিছে। ইণ্টাৰনেট হৈছে এক মুক্ত প্ৰযুক্তিৰ ফল; ইণ্টাৰনেটৰ ব্যৱস্থাই তথ্যসমূহ সকলোৰে বাবে সমানে মুকলি কৰি ৰখাৰ চৰ্ত পূৰণ কৰি আহিছে। কোনো এক কেন্দ্ৰীয় নিয়ন্ত্ৰণৰ ব্যৱস্থা নথকা হেতু কেন্দ্ৰীয় এক বিকলতাই সমগ্ৰ ব্যৱস্থাটোকে বিকল কৰি তোলাৰ আশঙ্কাও নোহোৱা হৈছে।

       কেন্দ্ৰীভূত নিয়ন্ত্ৰণ নোহোৱাকৈ ইণ্টাৰনেটৰ সেৱা চলাই ৰাখিব পৰা অনন্য বৈশিষ্ট্যক মুখ্য উপাদান হিচাপে লৈ ছাটশ্বি নাকাম’ট’ নামৰ এগৰাকী ছফ্টৱেৰ বিশেষজ্ঞই এবিধ নতুন মুদ্ৰাৰ লগতে সেই মুদ্ৰা বিনিময়ৰ এটা অভিনৱ প্ৰস্তাৱ বিশ্ববাসীৰ সম্মুখত আগবঢ়ায়। নাকাম’ট’ই প্ৰস্তাৱ কৰা এই মুদ্ৰাবিধৰ নাম হৈছে ‘বিটকইন’।

 

‘বিটকইন’ বুলিলে প্ৰকৃততে কি বুজায়?

 

‘বিটকইন’ বুলি ক’লে তলৰ দুটা অৰ্থৰ যিকোনো এটা বুজাব -

১) ‘বিটকইন’ এবিধ ‘ডিজিটেল কাৰেঞ্চি’ অথবা ‘ডিজিটেল মুদ্ৰা’।

২) ‘বিটকইন’ এবিধ ইণ্টাৰনেটৰ জৰিয়তে মুদ্ৰা আদান-প্ৰদান কৰিব পৰা ব্যৱস্থা।

এতিয়া দুয়োটা অৰ্থকে এটা এটাকৈ আলোচনা কৰা হওক।

১) মুদ্ৰা হিচাপে ‘বিটকইন’ৰ সংজ্ঞা -

‘বিটকইন’ এবিধ ডিজিটেল (digital), বিকেন্দ্ৰীকৃত (decentralized), একৈক অথবা মধ্যস্থতাকাৰীবিহীন (peer to peer), ছদ্মনামী (pseudonymous), সংকেতলেখন বিদ্যাৰ ওপৰত আধাৰিত (based on cryptography) মুদ্ৰা।’

বিটকইনৰ এই সংজ্ঞাটো আধুনিক তথ্য-প্ৰযুক্তিৰ সৈতে সুপৰিচয় নথকা সাধাৰণ পাঠকৰ বাবে বোধগম্য নহ’ব বুলি অনুমান কৰিব পাৰি। অৰ্থাৎ, এই সংজ্ঞাত থকা কাৰিকৰী শব্দবোৰৰ অৰ্থ নাজানিলে এই সংজ্ঞাৰ অৰ্থও নিশ্চয়কৈ অজ্ঞাত হৈয়ে ৰ’ব। গতিকে সংজ্ঞাটো বুজি পাবলৈ বিটকইন প্ৰসংগত ইয়াত থকা সেই শব্দবোৰৰ বিষয়ে সাধাৰণ ধাৰণা এটা লৈ থোৱা উচিত হ’ব।

ক) ডিজিটেল (digital) – বিটকইন কেৱল ‘ক’ড’ অৰ্থাৎ সংকেত লিপিতহে থাকে, ইয়াৰ কোনো ভৌতিক অস্তিত্ত্ব নাই। অৱশ্যে মানুহে ইয়াক বুজাবৰ বাবে ইয়াৰ কিবা এটা আকৃতি দি প্ৰস্তুত কৰি ল’ব পাৰে, কিন্তু কাৰ্যতঃ ই ক’ডৰ জগতখনতহে থাকে।

খ) বিকেন্দ্ৰীকৃত (decentralized) – ইয়াত কোনো কেন্দ্ৰীয় বেংক অথবা সংস্থা নাই, যি বিটকইনৰ প্ৰচলন অথবা নিয়ন্ত্ৰণ কৰে। সমগ্ৰ বিশ্বতে সিঁচৰতি থকা স্বতন্ত্ৰ ব্যক্তিৰদ্বাৰা গঠিত এটা ব্যক্তিসমূহে কম্পিউটাৰ প্ৰগ্ৰেম এটা চলাই ৰাখি এই মুদ্ৰা-ব্যৱস্থাটো সক্ৰিয় কৰি ৰাখে।

গ) একৈক অথবা মধ্যস্থতাকাৰীবিহীন (peer to peer) – আমি প্ৰত্যেকেই নিজৰ বিটকইন নিজে নিয়ন্ত্ৰণ কৰোঁ, আৰু আমি যেতিয়া কোনোবা এগৰাকী ব্যক্তিলৈ বিটকইন প্ৰেৰণ কৰোঁ তেতিয়া সেই বিটকইন পোনে পোনেই সেই ব্যক্তিগৰাকীলৈ যায়। ইয়াত কোনো বেংক অথবা মধ্যস্থতাকাৰী নাই।

ঘ) ছদ্মনামী (pseudonymous) – বিটকইনৰ আদান-প্ৰদানবোৰ সকলোৰে সম্মুখত মুক্ত হৈ থকা ‘ব্লকচেইন’ নামৰ লেজাৰ এখনত থকা বাবে সেয়া সকলোৰে দৃষ্টিগোচৰ হয়। সেই লেজাৰত মুদ্ৰাৰ প্ৰেৰক আৰু প্ৰাপকক কিছুমান আখৰ আৰু অংকৰ সমষ্টি হিচাপে চিনাক্ত কৰা হয়। যদি কোনোবাই বিচাৰে যে তেওঁৰ মুদ্ৰাৰ লেনদেন কোনেও জানিব নালাগে, তেনেহ’লে বিটকইনত তেওঁ সেই কাম বেনামী হিচাপেও কৰিব পাৰে।

ঙ) সংকেত লেখন বিদ্যাৰ ওপৰত আধাৰিত (based on cryptography) – ডিজিটেল মুদ্ৰা হিচাপে বিটকইনৰ শক্তি তাৰ সংকেতৰ ওপৰত নিৰ্ভৰশীল। অতি শক্তিশালী সংকেত লেখন বিদ্যাৰ ওপৰত আধাৰিত বিশেষ সংকেত ইয়াত ব্যৱহাৰ কৰা হয়, যাতে প্ৰয়োজনীয় অনুমতি অবিহনে কোনেও এই মুদ্ৰাৰ কাষ চাপিব নোৱাৰে।

ওপৰৰ ব্যাখ্যাৰদ্বাৰা বিটকইন মুদ্ৰাৰ বিষয়ে সকলোৱে নিশ্চয় এটা থূলমূল ধাৰণা কৰিব পাৰিব।

 

এতিয়া আমি বিটকইনৰ দ্বিতীয়টো পৰিচয়লৈ যাওঁ।

২) মুদ্ৰা আদান-প্ৰদান কৰিব পৰা এটা ব্যৱস্থা হিচাপে ‘বিটকইন’।

এটা নতুন ডিজিটেল মুদ্ৰা হিচাবে বিটকইন অভিনৱ, তাত কোনো সন্দেহ নাই। কিন্তু বিটকইনৰ আটাইতকৈ উল্লেখযোগ্য তথা বৈপ্লৱিক বৈশিষ্ট্য হৈছে তাৰ অনন্য লেনদেন ব্যৱস্থাটো। এই প্ৰসংগত এটা কথা কৈ থোৱা উচিত হ’ব যে বিটকইনৰ আগতেওঁ ডিজিটেল মুদ্ৰা সৃষ্টি কৰিবলৈ যত্ন কৰা হৈছিল যদিও সেই মুদ্ৰা সফল নহ’ল। ইয়াৰ বিফলতাৰ মূল কাৰণটো তলত ব্যাখ্যা কৰা হ’ল।

       আমি জানো যে আমাৰ ভৌতিক জগতখনত একেখিনি ধন একে সময়তে দুঠাইত থাকিব নোৱা্ৰে। যদি ধনখিনি নগদ ধনৰ ‘ক’ বহীত থাকে তেনেহ’লে সেইখিনি ধন সেই সময়ত নগদ ধনৰ ‘খ’ বহীত থাকিব নোৱাৰে। যদি থাকে, তেনেহ’লে একেখিনি ধনকে দুবাৰ খৰচ কৰাৰ (double spending) সুবিধা থাকিব, যিটো ধনৰ লেনদেনত কেতিয়াও হ’বলৈ দিব পৰা নাযায়। কিন্তু যিহেতু ডিজিটেল মুদ্ৰা হৈছে কম্পিউটাৰৰ ক’ড বা সংকেত, গতিকে সেই ক’ড একে সময়তে বিভিন্ন স্থানত থাকিব পাৰে। গতিকে তেনে অৱস্থাত ডাবল স্পেণ্ডিঙৰ পূৰামাত্ৰাই সম্ভাৱনা থাকে। এইটো এটা অতি গুৰুতৰ সমস্যা আৰু ইয়াৰ ফলত বাধাহীন জালিয়াতিৰ সম্ভাৱনা থাকে। কিন্তু আমিতো আজিকালি ডিজিটেল ব্যৱস্থাৰে বিপুল পৰিমাণৰ ধনৰ লেনদেন কৰি থাকোঁ, সেই কাম কেনেদৰে সম্ভৱ হৈছে? এই কাম সম্ভৱ হৈছে ‘পে’পল’ (PayPal), ‘গুগল পে’’-ৰ দৰে কোনো এক তৃতীয় পক্ষৰ মধ্যস্থতাকাৰীৰ জৰিয়তে, যিয়ে এই সমস্যাটো (ডাবল স্পেণ্ডিং) সমাধানৰ ব্যৱস্থা কৰে। এই তৃতীয় পক্ষই সকলো লেনদনৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি এই কথা নিশ্চিত কৰে যে একেখিনি ধনকে যাতে দুবাৰ খৰচ কৰিব পৰা নাযায়।

       কিন্তু দুবাৰ খৰচ কৰাৰ সমস্যাটো সমাধানৰ বাবে কোনো এক তৃতীয় পক্ষ নিয়োগ কৰা ব্যৱস্থাটোত আন কেতবোৰ সমস্যাৰ সৃষ্টি হোৱাৰ আশঙ্কা থাকে। ইয়াৰ প্ৰথম সমস্যাটো হৈছে, ইয়াত ‘এক স্থানীয় কেন্দ্ৰীভূত বিকল’ (single point of failure) অৱস্থাৰ আশঙ্কা। ইয়াৰ অৰ্থ হৈছে যে কিবা কাৰণত যদি লেনদেনৰ মধ্যস্থতাকাৰী এই তৃতীয় পক্ষত কিবা কাৰিকৰী সমস্যাই ব্যৱস্থাটো বিকল কৰি তোলে তেনেহ’লে গোটেই লেনদেন প্ৰক্ৰিয়াটোৱে বন্ধ হৈ যাব। দ্বিতীয় সমস্যাটো হৈছে যে যদি তৃতীয় পক্ষই কিবা এটা লেনদেন অনুমোদন নকৰে তেনেহ’লেও সেই লেনদেন কৰিব পৰা নাযাব। আন সমস্যাটো হৈছে এই সেৱা আগবঢ়োৱাৰ বাবদ তৃতীয় পক্ষই লেনদেনকৃত ধনৰ ওপৰত এটা বুজন অংশ কমিছন হিচাপে আদায় লয়।

       কিন্তু বিটকইনৰ লেনদেনত ডাবল স্পেণ্ডিং সমস্যাটো কোনো তৃতীয় পক্ষৰ সেৱা গ্ৰহণ নকৰাকৈ নিজাকৈয়ে সমাধান কৰাৰ ব্যৱস্থা কৰা হৈছে, ইয়াত কোনো তৃতীয় পক্ষ বা কেন্দ্ৰীয় নিয়ন্ত্ৰণ নথকা বাবে এঠাইত হোৱা কাৰিকৰী বিকল অৱস্থাই ব্যৱস্থাটোত কোনো প্ৰভাৱ পেলাব নোৱাৰে, আৰু ইয়াত কমিছনৰ পৰিমাণো তুলনামূলকভাৱে কম হয়।

(আগলৈ)

ব
লেখকৰ পৰিচয়

বিনয় মোহন শইকীয়া

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

অস্তমিত সূৰুযৰ অন্বেষণত
অন্যযুগ সাহিত্য পৰিষদ • ২৬ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)