৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

সোণালী চৰাই

লেখকঃ খনিন্দ্ৰ ভূষণ মহন্ত • প্ৰকাশিতঃ ১৮ ছেপ্টেম্বৰ, ২০২২
২ মিনিট পঠন • ২৭৫১ বাৰ পঢ়া হৈছে

খনিন্দ্ৰ ভূষণ মহন্ত

চেপা যন্ত্ৰণাৰ ৰু-ৰুৱনি এটাক চকুলোৰে ধাৰণ কৰি

শিকলি পিন্ধি শুই আছে সোণালী চৰাই

ধূমায়িত চহৰখন অস্থিৰ কৰি

দেৱালত সৌৱা কঁপি থকা ঋতুৰ পয়োভৰ

মোৰ মেলেকা মাতত মৌ বিচাৰি

বিধ্বস্ত বুৰঞ্জীক সিপাৰলৈ ঠেলি

সোণালী চৰায়ে চকু মেলি একেথৰে মোলৈ চালে

কথনক কলা কৰি তুলিবলৈ

মই কোনো কালান্তৰৰ কথক নহয়

কবিতাৰ কালিকাক নমন কৰি

অৰ্ঘ্য দিওঁ বুৰুলি-বুকুৰ ছায়া

অনাহূত সিৰসিৰণিবোৰ চুই চাব পৰাহ’লে

মেৰেককৈ ভাঙিলোহেঁতেন কিলবিলনিৰ মৰলীয়া আঙুলি

(সোণালী চৰাইয়ে এই কথা জানে)

মই প্ৰাৰ্থনাৰ হাতখন আগ বঢ়াই দিওঁতে

তেওঁ মোক উত্তাপৰ ৰামধেনু এখন দিলে আৰু

ডাৱৰ-ডাৱৰ ভাবনা এখিনিৰে ওপচাই দিলে ভিতৰ-বাহিৰ

(আজিও লৈ ফুৰিছোঁ সেই প্ৰশান্তিময় পৰশ)

সনাতন সময়ৰ প্ৰসাৰিত দুহাতে যেতিয়া শিকলি ছিঙিব

সোণালী চৰায়ে আকৌ ডেউকা কোবাব

আৰু আমি বনফৰিং হৈ তৰাফুলা আকাশৰ কথা পাতিম

ভ্ৰাম্যভাষ নং- ৯১০১৯৮৬১৪০

খ
লেখকৰ পৰিচয়

খনিন্দ্ৰ ভূষণ মহন্ত

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)