৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

এৰী শিল্পৰ উৎপাদন ক্ষেত্ৰৰ বিভিন্ন দিশ

লেখকঃ ড° মৃদুল চন্দ্ৰ শৰ্মা • প্ৰকাশিতঃ ২৮ আগষ্ট, ২০২২
৭ মিনিট পঠন • ২৬২১ বাৰ পঢ়া হৈছে
এৰী শিল্পৰ উৎপাদন ক্ষেত্ৰৰ বিভিন্ন দিশ
ডাঙৰকৈ চাওক (Zoom)

 ড° মৃদুল চন্দ্ৰ শৰ্মা


অসম তথা উত্তৰ পূব্বাৰ্ঞ্চলে সমগ্ৰ পৃথিৱীৰ ৰেচম মানচিত্ৰত এক সুকীয়া তথা অনন্য স্থান লাভ কৰি আহিছে। ব্যৱসায়িকৰূপত পালন কৰা চাৰিওবিধ ৰেচম - এৰী, মুগা, পাট আৰু তচৰ এই অঞ্চলত পোৱা যায়। ৰেচম পলুবিলাকক সাধাৰণতে দুই ভাগত ভগোৱা হৈছে - পাট ৰেচম আৰু বন্য ৰেচম (মুগা, এৰী, টচৰ)। অসমত পাট পলুৰ উপৰিও মুগা তথা এৰী পলু পালন কৰা হয়। বন্য ৰেচমৰ ভিতৰত এৰী একমাত্ৰ  ঘৰৰ ভিতৰতে পোহা পলু। এৰী পলু বন্য ৰেচমৰ ভিতৰত সবাতোকৈ জনপ্ৰিয় আৰু ইয়াক শতিকাৰ ৰেচম আখ্যা দিয়া হয়। বছৰৰ প্ৰায় প্ৰতেক সময়তে ইয়াক পালন কৰিব পাৰি যদিও শৰত আৰু বসন্ত কাল অতি উত্তম সময় হিচাপে বিবেচনা কৰা হৈছে ।

অনুকূল বাতাৱৰণ তথা পয্যাৰ্প্ত পৰিমাণে পোৱা খাদ্য বৃক্ষৰ কাৰণে এৰী পলু পালনত উত্তৰ পূব্বাৰ্ঞ্চল সমগ্ৰ পৃথিৱীৰ ভিতৰতে অগ্ৰণী। পলু পালনৰ সৰল কৌশল, সকলো জলবায়ুত তিষ্ঠি থকাৰ সহন ক্ষমতা, প্ৰচুৰ পাৰ্শ্ব উৎপাদন আৰু উৎপাদনৰ বিচিত্ৰতাৰ সম্ভাৱনীয়তাৰ বাবে এৰী শিল্পই জনপ্ৰিয় শিল্পৰূপে পৰিগণিত হৈছে। পৰম্পৰাগত হিচাপে এৰীপলু পুহি খোলা উৎপাদন কৰি টাকুৰীৰে সূতা কাটি এৰীচাদৰ বোৱাতে এৰী শিল্পৰ  প্ৰধান আৰু প্ৰাথমিক উৎপাদন সীমাবদ্ধ আছিল৷ এই দৰে প্ৰস্তুত এৰীবস্ত্ৰ ঘৰুৱাভাৱে ব্যৱহাৰ কৰা হয়। টাকুৰীৰে কটা সূতা সমজোখৰ তথা মিহি নোহোৱা বাবে ব্যৱসায়িকভাৱে উৎপাদন কৰি আশানুৰূপ সফলতা লাভ কৰিব নোৱাৰি। অন্য ৰেচমৰ তুলনাত এৰী ৰেচমৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি। পলু পালন পদ্ধতিও তুলনামূলকভাৱে যথেষ্ট সহজ।



এৰী সূতা উৎপাদন 

সূতা উৎপাদন এৰীশিল্পৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অধ্যায়। টাকুৰী হৈছে সূতা উৎপাদনৰ বাবে পৰম্পৰাগত আহিলা। সূতা উৎপাদনৰ বাবে মটৰ অথবা ভৰিচালিত মেশ্বিন উদ্ভাৱন কৰি এৰী শিল্পত যুগান্তৰ সৃষ্টি কৰিছে। টাকুৰীৰে এদিনত ৪০-৫০ গ্ৰাম কটা সূতাৰ ব্যতিৰকে এই মেচিনত ১৫০-২০০ গ্ৰাম উচ্চমানৰ মিহি সূতা কাটিব পাৰি। ইয়াৰ উপৰি কামৰূপ জিলাৰ ছয়গাঁৱত আৰু কোকোৰাঝাৰত এৰী স্পিনিং মিল প্ৰতিস্থা কৰি অতি উচ্চমানৰ এৰী মিহি সূতা উৎপাদন কৰা হৈছে। এই মিলৰ পৰা বিভিন্ন ধৰণৰ এৰী বস্ত্ৰ তৈয়াৰ কৰা হৈছে আৰু বিদেশলৈও ৰপ্তানি কৰা হৈছে। সম্প্ৰতি শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলত ৰুদ্ৰসাগৰ স্পিনিং নামৰ এক অত্যাধুনিক নতুন মিল স্থাপন কৰা হৈছে ।




পাৰ্শ্ব উৎপাদনঃ এৰী শিল্পত পাৰ্শ্ব উৎপাদনৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে আৰু সেইকাৰণে জনপ্ৰিয় শিল্পৰূপে পৰিগণিত হৈছে। পলুপালন তথা খাদ্য বৃক্ষ এই দুয়োটা ক্ষেত্ৰৰ পৰা  প্ৰচুৰ পাৰ্শ্ব উৎপাদন কৰিব পাৰি। এৰী লেটাক  পাৰ্শ্ব উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থানত ৰাখিব পাৰি। ইয়াত শতকৰা ৫০ ভাগ প্ৰ’টিন, ৪৪ ভাগ প্ৰয়োজনীয় এমাইন’ এচিড, ভিটামিন আদি থকাৰ বাবে উন্নত খাদ্য হিচাপে গণ্য কৰা হয়। উত্তৰ পূ্ৰ্বাঞ্চলত এৰী লেটা এটা জনপ্ৰিয় খাদ্য। প্ৰকাৰণতে ই মূখ্য উৎপাদনৰ স্থান দখল কৰে আৰু অধিক অৰ্থ উপাৰ্জনত (৭৫ শতাংশ) অৰিহণা যোগায় । উচ্চ ৰক্তচাপ তথা শৰ্কৰাজনিত ৰোগত আক্ৰান্ত ৰোগীয়েও এৰী লেটা ভক্ষণ কৰিব পাৰে বুলি উল্লেখ আছে। এৰী লেটা কুকুৰা, গাহৰি, মাছ আদিৰো উত্তম খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি । এৰী পালনত উৎপাদিত লাদ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা কেৰ’টিন উৎপাদন কৰিব পাৰি। ইয়াক খাদ্যৰ ৰং আৰু খাদ্যপ্ৰাণ ‘ক’ উৎপাদনত ব্যৱহাৰ কৰিব পাৰি । এৰী পলুৰ খাদ্যবৃক্ষৰ পৰা নানাধৰণৰ পাৰ্শ্ব উৎপাদন কৰিব পাৰি৷ এৰাগছৰ গুটিৰ পৰা নানা সামগ্ৰী যেনে, চাবোন, ঔষধ, উৰাজাহাজৰ ম’বিল জাতীয় তেল আদি উৎপাদন কৰা হয়। এৰা গছ কাগজ কলত ব্যৱহাৰ কৰা হয়। এৰী পলুৰ অন্য এক খাদ্যবৃক্ষ শিমলুআলুৰ পৰা চাবোন, শিশু খাদ্য, চিপ্চ, সুৰা, গ্লুক’জ আদি নানা সামগ্ৰী তৈয়াৰ কৰা হয়। অন্য এবিধ খাদ্যবৃক্ষ বৰকেচেৰু বা বৰপাতৰ পৰা কাঠৰ ওপৰিও মেলেৰিয়া, পেটৰ অসুখ আৰু ফিটাপেলুৰ ঔষধ তৈয়াৰ কৰা হয়। ইয়াৰ কাঠ ঘৰুৱা সামগ্ৰী তৈয়াৰ কৰাত ব্যৱহৃত হয়। বৰকেচেৰুৰ উৎকট গোন্ধযুক্ত পাতৰ বাবে চৰণীয়া জন্তুৰ পৰা ৰক্ষা পাব পাৰি ।


বস্ত্ৰ উৎপাদন আৰু ইয়াৰ বিচিত্ৰতাঃ এৰী শিল্পত অফুৰন্ত উৎপাদনৰ বিচিত্ৰতাৰ স্থল আছে। এৰী সূতাৰ লগত যিকোনো ধৰণৰ সূতা যেনে, পাট, মুগা, টচৰ, কপাহী, কৃত্ৰিম, ওল আদি মিহলাই বা ব্লেণ্ড কৰি কাপোৰ বনাব পাৰি। ইয়াত কৃত্ৰিম অথবা প্ৰাকৃতিক সকলো ধৰণৰ ৰং কৰিব পাৰি। পিন্ধনত ব্যৱহৃত বস্ত্ৰৰ ওপৰিও এৰী সূতা পৰ্দা, চকী কুচন, গাৰু, লেপ আদি নিৰ্মাণত ব্যৱহৃত হয়। ইয়াৰ উপৰি বেগ, ফাইল কভাৰ, মানিবেগ আদি এৰী কাপোৰেৰে বনাব পৰা হৈছে। পৰম্পৰাগত এৰী চাদৰৰ ওপৰিও টাই, স্কাফ, মাফলাৰ, চুৱেটাৰ, মেখেলাচাদৰ, শাৰী, দখনা, কোট, জেকেট আদি নানা প্ৰকাৰৰ আটক ধুনীয়া বস্ত্ৰ সামগ্ৰী এৰীৰ পৰা নিৰ্মাণ কৰা হৈছে। বড়োলেণ্ড ৰেচম বিভাগৰদ্বাৰা এৰী শিল্পৰ যুগান্তকাৰী উন্নতি কৰা হৈছে। এৰী মোজা নিৰ্মাণ কৰা যন্ত্ৰ স্থাপন কৰা হৈছে। নৱপ্ৰজন্মৰ পচন্দ আৰু চাহিদাৰ ওপৰত লক্ষ্য ৰাখি টি চাৰ্ট, ডেনিম জিন্স জাতীয় বস্ত্ৰ নিৰ্মাণত গুৰুত্ব দিয়া হৈছে। সম্প্ৰতি ৰেচম শিল্পই মেডিকেল জগতখনত প্ৰৱেশ কৰিবলৈ সমৰ্থ হোৱা দেখা গৈছে। গুৱাহাটীৰ আই আই টিৰ বিজ্ঞানীয়ে আঘাত প্ৰাপ্ত স্নায়ু অথবা নাৰ্ভ ৰেচমৰদ্বাৰা নিৰ্মাণৰ সম্ভাৱনীয়তা দেখুৱাই যুগান্তৰ সৃষ্টি কৰিছে। খাদ্যৰ ক্ষেত্ৰতো এৰীলেটাৰ বিভিন্ন সুস্বাদু ব্যঞ্জন তথা আচাৰ তৈয়াৰ কৰি এৰী লেটাক এক জনপ্ৰিয় খাদ্য হিচাপে পৰিগণিত কৰাৰ লগতে ব্যৱসায়িকৰূপত সফল কৰি তুলিছে। মুঠৰ ওপৰত শতিকাৰ ৰেচম এৰী শিল্পই দেশৰ সামাজিক তথা অৰ্থনৈতিক দিশত এক যুগান্তৰ আনিবলৈ সমৰ্থ হৈছে, যাৰ কাৰণে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল গৌৰৱান্বিত ।

 


লেখকৰ ঠিকনা:
অৱসৰপ্ৰাপ্ত ৰেচম বিজ্ঞানী
তৰাজান, যোৰহাট, অসম
মোবাইল নং: ৭০০২৯২৭৬৪০
ই-মেইল drmridulsarmah@gmail.com

 

ড
লেখকৰ পৰিচয়

ড° মৃদুল চন্দ্ৰ শৰ্মা

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)