৪ নৱেম্বৰ, ২০২৬ | ISSN 2583-ANYAYUG (Online)
অন্যযুগ
সমাজ, সাহিত্য, সংস্কৃতি আৰু
চিন্তাৰ স্বাধীন মঞ্চ
অন্যযুগ
সাহিত্য, সংস্কৃতি, সমৃদ্ধিৰ আবহ
অন্যযুগ অন্যযুগ সূচী
Anyayug App
অন্যযুগ এণ্ড্ৰইড এপ্প
সংস্কৰণ ১.০.১ (বিনামূলীয়া)
এপ্প ডাউনলোড কৰক
ভাষা নিৰ্বাচন:
ISSN 2582-ANYAYUG (Online)

ভাবি চালোঁ

লেখকঃ ভাস্কৰ জে নাথ • প্ৰকাশিতঃ ২৯ জুলাই, ২০২২
২ মিনিট পঠন • ২৯৯৬ বাৰ পঢ়া হৈছে

 ভাস্কৰ জে নাথ

 

ছালবোৰ নিমজ কৰিম বুলি

আৰু ভাবি চালোঁ চেপি শেষ হৈ যোৱা নেমুটুকুৰাটোৰ দৰে মোক দলিয়াই দিয়াৰ কথা, খুব বেছি চুৱাপাতনিত পৰি থাকিম, শুকাম অথবা গেলিম, শেষ বুলিবলৈ মাটিৰ লগত মিলি থাকিম

 

ভাবি চালোঁ

ছালবোৰ নিমজ কৰিম তুমি ভাল পাব পৰাকৈ

পিছে গড়ৰ ছাল একোৱেই নিবিন্ধে

বিন্ধিব পৰা বহু কথাই চলি আছে অৱশ্যে !

 

ভাবি চালোঁ জ্বলি থকা শলিতাৰ আগটোৰ দৰে পোহৰাই ৰাখিম মোৰ কণমান পৃথিৱী

নাই নোৱাৰি অকথাবতাহে নুমুৱাই থৈ যায় আৰু এয়া চোৱাঁ অভ্যাসগত আন্ধাৰ

 

মোৰ ককাদেউতাৰ দিনটো আছিল অকথাবতাহ

শলিতা নুমুৱা আন্ধাৰ খেপিয়াই খুটিখোৱা চকু

ভাবি চালোঁ মই নতুন দিনৰ এধানিমান পোহৰ হ`ম আৰু নতুন “ক” “ম” শিকিম, বুজিম

 

এইখিনিতেই দৰ-দাম চলি থাকে আঙুলি এটাৰ ক’ত জ্বলাব পাৰিব আগশলিতা !

 

ভাবি চালোঁ নোৱাৰিলোঁ

ভাবি চালোঁ নকৰিলোঁ

নকৰিলোঁ নে নকৰালে ভাবি চাবৰ হ’ল

নহ’লে ভাবী সময়ে প্ৰশ্ন কৰিব আৰু উত্তৰ দিব পৰাকৈ আমাৰ জিভা নাথাকিব

 

ভাবি চাবচোন !

ভ
লেখকৰ পৰিচয়

ভাস্কৰ জে নাথ

অন্যযুগ ডিজিটেল আলোচনীৰ নিয়মীয়া লেখক/লেখিকা।

এইগৰাকী লেখকৰ অন্যান্য লেখা পঢ়ক →

সম্পৰ্কীয় অন্যান্য লেখাসমূহ (Related Articles)

মাক-কথা : Unfolded Stories of a Mother
ৰত্নোত্তমা দাস বিক্ৰম • ৩১ অক্টোবৰ, ২০২৬
মাটিৰ গান
শিখা গোস্বামী মহন্ত • ৩১ অক্টোবৰ, ২০২৬
ক’ৰবাত পুৰি মৰিছোঁ অজ্ঞাতে
লক্ষী প্ৰসাদ ৰেগন • ৩০ অক্টোবৰ, ২০২৬

পঢ়ুৱৈৰ মতামত (০টা মন্তব্য)